বাৰ্তাঃ হৃদয়ৰ পৰা হৃদয়লৈ – পল্লৱ বৰুৱা
এতিয়া সময় ক্ষিপ্ৰগতিত সলনি হৈছে৷ পৰিৱৰ্তনশীল সময়ৰ লগে লগে মানুহৰ মানসিকতাৰো বহুখিনি সলনি হৈছে৷ তদুপৰি ব্যস্ততাৰে ভৰা প্ৰতিযোগিতামূলক জীৱনযুদ্ধত মানুহ ইমানেই সোমাই পৰিছে যে কাৰোৱেই নিজৰ বুলি ভাবিবলৈ অকণ সময় নোহোৱা হৈছে৷ এই সকলোবোৰৰ ওপৰত বিশ্বত্ৰাস কৰোণা মহামাৰীয়ে মানুহৰ জীৱনবোধ আৰু চিন্তা চেতনাতেই ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত মানুহৰ আনুভূতিক জগতত এক ভয়াৱহ নিৰাপত্তাহীনতা আৰু বিশ্বাসহীনতাই গা কৰি উঠিছে৷ যাৰ ফল শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিজন ব্যক্তিয়েই ভুগিবলগীয়াত পৰিছে৷ এনে ভয়াৱহ মানসিক সন্তুলনহীনতাৰ ফলত নঘটিবলগীয়া অনেক ঘটনাই নিতৌ ঘটিব লাগিছে৷ আত্মহত্যা কিম্বা নৃশংস হত্যা পৰ্যন্ত ইয়াৰ উদাহৰণবোৰ সদায় বাঢ়ি যাব ধৰিছে৷ এই অভাৱনীয়, অনাকাংক্ষিত ঘটনাৰাজিৰ অন্তৰালত যিবোৰ কাৰকে ক্ৰিয়া কৰি আছে তাৰ পৰা মুক্তি পোৱাৰ পথ যেন একেবাৰেই ধূসৰ৷ তাৰ মাজতো আমি প্ৰাত্যহিক কিছু আচৰন আৰু চিন্তাৰ যুগলবন্দীৰ বাস্তৱ কাৰ্যকৰণৰ যোগেদি তেনেবোৰ অনাকাংক্ষিত ঘটনাৰ পৰা নিজকে ৰক্ষা কৰি নিজৰ লগতে পৰিয়াল আৰু সমাজখনক ধংসৰ গৰাহৰ পৰা ৰক্ষা কৰিব পাৰোঁ৷
আমি বৰ্তমান সময়ত জনঅৰণ্যত থাকিও যেন প্ৰতিজনেই একো একোটা নিৰ্জন দ্বীপৰ নিসংগ বাসিন্দা৷ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত পৰালৈকে আমি সকলোৱেই বিভিন্ন প্ৰকাৰে বিভিন্নজনৰ লগত জড়িত হৈ থাকো৷ ফেচবুক, ৱাটছএপ কিম্বা আন সামাজিক মাধ্যমৰ যোগেদি আমি যেন সকলোৱেই এক হৈ থাকো৷ কিন্তু বাস্তৱত আপুনি দেখিব, সেইসকল বন্ধুবান্ধৱীৰ সৰহসংখ্যকেই আপোনাৰ মনৰ ভিতৰত নাই বা আপুনিও তেওঁলোকৰ মনৰ ভিতৰত নাই৷ সকলোৱেই নিজৰ জীৱনত অকলশৰীয়া৷ ফলত ইমানবোৰ শুভাকাংক্ষী(!)ৰে আৱৰি থকাৰ পিছতো মানুহ একাকীত্বত ভোগে, হীনমন্যতা বা হতাশাগ্ৰস্ততাৰ বলি হ’বলগীয়া হয়৷ এই সকলোবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় আপোনাৰ নিজৰ ওচৰতেই আছে৷ আপুনি তাক চিনি ল’ব খোজা নাই৷ পৰাপক্ষত আপুনি তথাকথিত সামাজিক মাধ্যমৰ ফল’ৱাৰ, লাইকাৰ কিম্বা ফ্ৰেইণ্ডবোৰক মনৰ পৰা দূৰত ৰাখি আপুনি নিজক জানিবলৈ আৰম্ভ কৰক৷ আপুনি চিনাক্ত কৰক এই পৃথিৱীত আপুনি কোনো স্বাৰ্থ নোহোৱাকৈ, কোনো কাৰণ নোহোৱাকৈ কাক ভাল পায়৷ কাৰ অৱস্থিতিয়ে আপোনাক প্ৰকৃতাৰ্থত সুখী কৰে নাইবা কাৰ অনুপস্থিতত আপুনি দুখী হৈ পৰে৷ তেওঁ হয়তো আপোনাৰ মা, দেউতা, পতি পত্নী, সন্তান, প্ৰিয়জন বা বন্ধুও হ’ব পাৰে৷ পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নোলাব যাৰ জীৱনত কোনো এজন মানুহৰো স্থান নাথাকিব৷ আপুনি আপোনাৰ সেই প্ৰিয় ব্যক্তিগৰাকীৰ অকৃত্ৰিম সান্নিধ্যৰ যোগেদিয়েই আপোনাৰ জীৱনৰ পৰা সকলোধৰণৰ নেতিবাচক চিন্তা, হতাশজনক মানসিকতাৰ পৰা মুক্ত হ’ব পাৰিব৷
ৰাতিপুৱা শুই উঠিয়েই যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ তেওঁক(কাৰোবাৰ ক্ষেত্ৰত একাধিক প্ৰিয় ব্যক্তিও থাকিব পাৰে৷ ইয়াত কেৱল নিম্নতম সংখ্যাটোহে ধৰা হৈছে)সঁচা অৰ্থত হৃদয়ৰ পৰা নতুন দিনটোৰ শুভকামনা জনাওক৷ তেওঁ আপোনাৰ মা দেউতা হ’লে চৰণ চুই এটি সেৱা জনাই তেওঁক শুভকামনা জনাওক আৰু তেওঁৰ পৰাও আশীৰ্বাদ লওক৷ আপোনাৰ সন্তান হ’লে শুই উঠিয়েই তেওঁক বুকুৰ মৰমেৰে সাৱটি ধৰি তেওঁক দিনটোৰ বাবে মৰম আৰু আশীৰ্বাদ দিয়ক আৰু তেওঁৰ পৰাও নিৰ্মল মৰমৰে আপোনাৰ মন প্ৰাণ সজীৱ কৰি তোলক৷ ঠিক সেইদৰে তেওঁ যদি আপোনাৰ প্ৰিয়ভাজন বা প্ৰিয়তম বন্ধু হয় তেওঁকো পাৰিলে ওচৰৰ পৰাই শুভদিনৰ শুভকামনা জনাওক, যদি তেওঁ আপোনাৰ পৰা দূৰত থাকে আপুনি ফোনৰ যোগেদিয়েই তেওঁৰ লগত ভাৱৰ আদান প্ৰদান কৰক, তেওঁক আপোনাৰ সান্নিধ্যৰ পৰশ দিয়ক আৰু আপুনিও তেওঁৰ শুভকামনা, মৰম আৰু বিশ্বাস আস্থাৰে আপোনাৰ হৃদয় ভৰাই তোলক৷ ৰাতিপুৱাৰ এই আন্তৰিক মিলনৰ পিছত আপুনি আপোনাৰ দৈনন্দিন কৰ্মসূচীত নিজকে এশ শতাংশ নিয়োজিত কৰক আৰু কামৰ আনন্দ উপভোগ কৰক৷ দিনৰ ব্যস্ততাৰ অন্তত ৰাতি পুনৰ আপুনি এটি সুন্দৰ দিন উদযাপনৰ আনন্দ আৰু অভিজ্ঞতা আপোনাৰ প্ৰিয়জনৰ লগত বিনিময় কৰি এটি সুন্দৰ দিনৰ সামৰণি মাৰি সঠিক সময়ত আপুনি নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লওক৷ এই কাম আপোনাৰ জীৱনৰ সহচৰ কৰি আপুনি জীৱন উদযাপন কৰক, নিজৰ প্ৰয়োজনীয় কৰ্ম, নিজৰ ওপৰত আৰোপিত নিজ নিজ দায়িত্ব পালন কৰি যাওক৷ দেখিব, কোনোকালেই আপোনাক হীনমন্যতা, হতাশা, নিসংগতা কিম্বা একাকিত্বই চুবই নোৱাৰিব৷ জীৱন যাপন কৰিব এৰি জীৱন উদযাপনত আপুনি ক্ৰমে অভ্যস্ত হৈ পৰিব আৰু গোটেই পৃথিৱীখনেই আপোনাৰ দৃষ্টিত, আপোনাৰ চেতনাত অনন্য সুন্দৰ ৰূপত উদভাসিত হৈ উঠিব৷