বিচ্ছুৰিত চিন্তা (নিয়ৰ পাৰ্থপ্ৰতিম বুজৰবৰুৱা)
বিচ্ছুৰিত চিন্তা
আমীৰ খান অসমলৈ আহিল, কাজিৰঙাকে ধৰি অসমৰ বহু ঠাই চালে। অসমৰ প্রাকৃতিক সৌন্দর্য্যত মুগ্ধ হ’ল। মুগ্ধ হোৱাটোও স্বাভাবিক, কাৰণ অসমখন সৃষ্টি কৰোঁতে সৃষ্টিকৰ্তাই একোতেই কৃপণালী কৰা নাছিল। এতিয়া বহুতেই বিচাৰিছে যে আমীৰ খান অসমৰ ব্রেণ্ড এম্বেছেদৰ হ’ব লাগে। তেতিয়া অসমৰ পর্যটন বিভাগটো টনকিয়াল হৈ উঠিব। খুব সুন্দৰ চিন্তা এইটো। মোৰ বা আন কাৰোৰে ইয়াত বিৰোধিতা কৰিবলগীয়া একো নাই। কিন্তু কথাটো হ’ল যদি আমীৰ খান অসমলৈ নাহিলহেঁতেন? অথবা যিকোনো এজন বলীউডৰ শিল্পী বা ক্রিকেট খেলুৱৈ এজন যদি অসমলৈ আহি অসমৰ বিষয়ে একো নক’লেহেঁতেন, তেন্তে আমি কি কৰিলোঁহেঁতেন? হাত সাৱটি বহি থাকিম বুলি নিশ্চয় কোনোৱে নকয়।
প্রথম কথা হ’ল আমাৰ নিজৰ পৰিচয়টো আমি আনক কেনেকৈ দিম বাহিৰত? “সেই যে আমীৰ খান গৈছিল কাজিৰঙা, বহুত ভাল লগা বুলি যে কৈছিল, সেয়ে অসম। মোৰ ঘৰ তাতেই।” কিন্তু তাতকৈ ভাল লাগিব যদি চিনাকি দিব পাৰোঁ – “চাহপাতৰ কাৰণে যে বিখ্যাত” বা “সেই যে ভূপেন দাৰ চিৰ চেনেহী অসম”।
আমি সদায় আনৰ ওপৰত কিয় বেছিকৈ নির্ভৰ কৰোঁ? আমাৰ যিখিনি আছে সেইখিনিক কিয় ৰাষ্ট্রীয় পর্য্যায়ত এতিয়ালৈ ভালকৈ উপস্থাপন কৰিব পৰা নাই? আমি চেষ্টা কৰা নাই নে আমাৰ চেষ্টাত ভুল আছে? কাজিৰঙাৰ চিনাকি জানো বেলেগে দিব লাগে? নিশ্চয় নালাগে, কাজিৰঙাৰ নাম ইতিমধ্যেই আন্তঃৰাষ্ট্রীয় মাধ্যমত চিনাকী। কিন্তু ইয়াৰ ঐতিহ্য আমি ধৰি ৰাখিব পৰা নাই। বাহিৰৰ পৰা ধুনীয়া হৈ আছে, কিন্তু যিমানে ভিতৰলৈ সোমাওঁ সিমানে ফোপোলা হৈ গৈ আছে। বছৰত ৩০ৰো অধিক গড় হত্যা হৈয়ে আছে। কিন্তু যদি আমি কাজিৰঙাকে ধৰি গোটেইকেইখন উদ্যানৰ সঠিক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিলোঁহেঁতেন, বছৰি যদি নামমাত্র ধনো উদ্যানকেইখন ধুনীয়া কৰি ৰখাৰ নামত ব্যয় কৰিলোঁহেঁতেন, তেতিয়া কোনো বলীউডী চেলীব্রেটীৰ ব্রেণ্ডৰ আমাৰ প্রয়োজন নহ’লহেঁতেন।
চাহপাত, খাৰুৱা তেল, কয়লা, কাহশিল্প, বাহ-বেতৰ সামগ্রী ইত্যাদি অসমৰ প্রধান উদ্যোগ। ইমানবিলাক নিজা উদ্যোগ থাকোতে কোনো মাল্টিনেশ্যনেল প্রতিস্থানৰ ডাঙৰ উদ্যোগৰ আমাৰ প্রয়োজন নাই। কিন্তু ওপৰৰ কোনটো শিল্পৰ নামেৰে আমি আজি অসমক চিনাকী দিব পৰা হৈছোঁ ? চাহপাতৰ দেশ বুলি আমি চিঞৰ-বাখৰ কৰি থাকোঁ, কিন্তু কেইটা চাহপাতৰ ভাল ব্রেণ্ড আমি ৰাষ্ট্রীয় বজাৰত উলিয়াই দিব পাৰিছোঁ? আমাৰ মাটিতে উৎপাদন হ’ল, আমাৰেই মানুহে কম পইছাতে হাজিৰা কৰি উৎপাদন কৰিলে, নামটো লৈ গ’ল বেলেগে। আনফালে শুৱালকুছিৰ বস্ত্রশিল্প। বেনাৰছী ছিল্কে কেতিয়াও ফেৰ মাৰিব নোৱাৰে আমাৰ গুণা গঁঠা পাট-মুগাৰ কাপোৰৰ লগত। কিন্তু এতিয়াও আমি মর্য্যদা দিব পৰা নাই এই পাট-মুগাক এটা ব্রেণ্ড হিচাপে। অসমৰ বাহিৰত কেইজনে জানে পাটৰ কাপোৰ এজোৰৰ ব্রেণ্ড ভেল্যু যে ইউ.চি.বি বা ভান হিউজেনৰ ওপৰতো হ’ব পাৰে?
আমীৰ খান অহাৰ লগে লগে আমি তেওঁক অসমৰ ব্রেণ্ড এম্বেছেদৰ হ’বলৈ কাবৌ কৰিছোঁ, কিন্তু ভূপেন হাজৰিকা জীয়াই থকা সময়ত জানো তেওঁক এই দায়িত্বটো দিব নোৱাৰিলোঁহেঁতেন? আমীৰক যিমান মানুহে চিনি পায়, তেওঁকোতো প্রায় সিমানখিনি মানুহেই জানে। ভাল পৰিচালক এজনৰ হতুৱাই যদি ভূপেন দাৰ গান আৰু অভিনয়ৰে অসমৰ প্রাকৃতিক সৌন্দর্য্যৰ ওপৰত এটা বিজ্ঞাপন প্রস্তুত কৰিলোঁহেঁতেন, তেতিয়াওতো আমাৰ প্রর্যটন উদ্যোগটো গা কৰি উঠিলহেঁতেন। কোৱাৰ দৰেই কথা বিলাক সহজ নহয় বুলি জানো, কিন্তু আমি চেষ্টাওতো কৰা নাই। অসমৰ প্রত্যেকজন মানুহৰে দায়িত্ব আছে ইয়াত। সকলোৱে কথাবিলাক বুজি উঠিলে হয়তো পাট-মুগাৰ একোটা আটকধুনীয়া শ্বোৰুম দেখা পাম গোটেই দেশতে ঠিক পিটাৰ ইংলেণ্ড বা লিভাইছ-ৰ দৰে। তেতিয়া বুকু ফুলাই আনক ক’ব পাৰিম এনেকুৱা কাপোৰ অকল অসমতে উৎপাদন হয়, আৰু মোৰ ঘৰো সেই অসমতে।
আচলতে, “সেই যে মেট্রিকত ষ্টেণ্ড কৰা ল’ৰাটো, তেওঁলোকৰ কাষৰটোৱে আমাৰ ঘৰ।” বুলি কোৱাতকৈ “মেট্রিকত ষ্টেণ্ড যে কৰিছে, সেইটোৱে আমাৰ ঘৰ, সি আমাৰেই ল’ৰা।” বুলি ক’ব পাৰিলে নিশ্চয় বহুত ভাল লাগিব।