বিজ্ঞানৰ শিক্ষা (উদ্দীপ তালুকদাৰ)
বিজ্ঞানৰ শিক্ষাৰ আলোচনা কৰাৰ লগতে বিজ্ঞান কি তাৰ এটা সংজ্ঞা নিশ্চিত কৰি লোৱাটো প্ৰয়োজনীয়। কিন্তু চিধা-চাধা পোনপটীয়া সংজ্ঞা এটা দিয়াটো এই্ লেখাটোৰ উদ্দেশ্যই নহয়। আলোচনা এটাহে, তাকো বেছিভাগ কথাই অ’ত-ত’ত শুনা, চোৱা বা পঢ়া কথাৰ ওপৰত নিজে ভবা কথাহে। নিৰ্দিষ্ট কোনো কিতাপৰ আধাৰত এই আলোচনা কৰা হোৱা নাই।
বিজ্ঞান মানে কি বা বিজ্ঞানৰ সংজ্ঞা কি, সেইটো দ্বিতীয় শ্ৰেণীৰ বিজ্ঞানৰ কিতাপত আছিল। কিন্তু আমি বেছিভাগেই পাহৰিছোঁ। কি আছিল সেইটোলৈ পাছত আহিছোঁ, আগতে বিজ্ঞান মানে আমি যিটো ভাবো সেইটো যে নহয়, সেইটোহে ক’বলৈ আগবাঢ়িছোঁ। আমি সাধাৰণতে ভাবো বিজ্ঞান এটা বিষয়। সেয়ে, মাটিৰ তলৰপৰা পানী কেনেকৈ দমকলেৰে ওপৰলৈ উঠাব পাৰি, নিউটনৰ বলবিজ্ঞানৰ সংজ্ঞা, সমীকৰণ, বা জাইলেম-ফ্ল’ৱেম কাক বোলে, পোহৰৰ প্ৰতিসৰণৰ সংজ্ঞা আদিকহে বিজ্ঞান বোলে বুলি আমি ভাবি থাকিলো। বা, অলপ ডাঙৰ হ’লে কম্পিউটাৰৰ ছফ্টৱেৰ লিখা, বা গৱেষণা কৰি প্ৰকাশ কৰা, বা নতুন কিবা এটা আৱিষ্কাৰ কৰা আদিকে বিজ্ঞান বোলে বুলি আমি বুজিলো। আচৰিত ধৰণে, আমি দ্বিতীয় শ্ৰেণীৰপৰা উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীলৈ বিজ্ঞান পঢ়ি আহিলো, কিন্তু কোনেও কেতিয়াও নক’লে বিজ্ঞান মানে কি? সেয়ে, বিজ্ঞানৰ সংজ্ঞা সোধোঁতে যদি ভাবিবলগীয়া হৈছে, তেন্তে তাৰ বাবে নিজৰ গাত দোষ পাতি ল’বলগীয়া নাই।
আমাৰ শিক্ষা-ব্যৱস্থাত এটা ডাঙৰ আসোঁৱাহ হৈছে দশম শ্ৰেণীৰ পাছত হঠাতেই বিজ্ঞান আৰু কলা দুটা বেলেগ শাখাত বিভাজন হৈ যোৱাটো। বিজ্ঞান শাখা শব্দটোৱে কেইটামান বিষয়ক বিজ্ঞানৰ আওতালৈ আনিলে আৰু সিয়েই আমাৰ মনত বিজ্ঞান সম্পৰ্কে এটা সম্পূৰ্ণ ভ্ৰান্ত ধাৰণাৰ জন্ম দিলে। যিকেইটা বিষয় বিজ্ঞান শাখাৰ ভিতৰলৈ অনা হ’ল, সেইকেইটাত জোখ-মাখ, সংজ্ঞা, সমীকৰণ আদি সোমাই থাকিল, আনহাতে কলাৰ বিষয়কেইটাত আপাত দৃষ্টিত তেনে জোখ-মাখৰ কাৰবাৰ নাই। বিজ্ঞান বুলিলে আমিও সেই জোখ-মাখ থকা, সংজ্ঞা, সমীকৰণ আদিকে বুজা হ’লো। কিন্তু মাত্ৰ সেয়াই বিজ্ঞানৰ ধৰ্ম নহয়।
দ্বিতীয় শ্ৰেণীৰ কিতাপৰ বিজ্ঞানৰ সংজ্ঞালৈ আহিছোঁ। মাত্ৰ দুটা শব্দৰে সংজ্ঞাটো আছিল বিজ্ঞান মানে ‘প্ৰণালীবদ্ধ অধ্যয়ন।’ মোৰ দৃষ্টিত বিজ্ঞানৰ এইটোৱেই আটাইতকৈ সৰল আৰু সম্পূৰ্ণ সংজ্ঞা। কিন্তু মাত্ৰ দুটা শব্দৰ হোৱা বাবে প্ৰতিটো শব্দৰ গুৰুত্ব আমি সচৰাচৰ ভবাতকৈ বহু গভীৰ। বিষয় এটা লৈ তাৰ ওপৰত এটা নিৰ্দিষ্ট প্ৰণালীত জোখ-মাখ, পৰীক্ষা-নিৰীক্ষা কৰি গৈ পোৱা উত্তৰখিনি এটা নিৰ্দিষ্ট পদ্ধতিৰে বিশ্লেষণ কৰাটোৱেই বিজ্ঞান। কিন্তু এয়া বিজ্ঞানৰ সংজ্ঞাৰ আৰম্ভণিহে। বিজ্ঞান চৰ্চাৰ আৰম্ভণি কিন্তু অধ্যয়ন নহয়, বিজ্ঞানৰ আৰম্ভণি হয় এটা প্ৰশ্নৰহে। সেই প্ৰশ্নৰ উত্তৰ বিচাৰিহে বিজ্ঞান চৰ্চা আগবাঢ়ে।
সহজ উদাহৰণ এটা লওঁ। ধৰা হওক, এজন মানুহৰ মনত হঠাৎ প্ৰশ্ন এটা উঠিল— ফুল কেনেকৈ ফুলে? এই্ প্ৰশ্নটোৰ উত্তৰৰ বাবে তেওঁ পৰীক্ষা-নিৰীক্ষা কৰি আগবাঢ়িবই লাগিব। কিন্তু ফুল ফুলাৰ ইমানবোৰ কাৰক আছে যে প্ৰতিটোৰ বাবে তেওঁ একে সময়তে পৰীক্ষা কৰিব নোৱাৰিব। সেয়ে, তেওঁ প্ৰথমে এটা পৰিকল্পনা কৰিব লাগিব। তেওঁ এটা প্ৰকল্প ৰাখিলে যে ফুল ফুলিবৰ বাবে ৰ’দৰ পোহৰৰ প্ৰয়োজন হয়। সেয়ে, তেওঁৰ প্ৰথমটো পৰীক্ষা হ’ব ৰ’দৰ পোহৰে ফুল ফুলাত সহায় কৰে নে নকৰে চোৱাৰ। তাৰ বাবে তেওঁ প্ৰথমে এটা ডাঙৰ কোঠালীৰ খিৰিকীৰ কাষত কলি পেলোৱা গোলাপৰ জুপি কেইডালমান আনি থৈ দিলে। খিৰিকীকেইখনৰ এখনেৰে সম্পূৰ্ণ ৰ’দ আহিবলৈ দিলে, এখনত ৰঙা কাগজ দিলে, এখন নীলা, আৰু এখনত ডাঠ কাপোৰ দি ৰ’দ আহিব নোৱাৰাকৈ ৰাখিলে। তেওঁৰ এই পৰীক্ষাৰ প্ৰশ্নটো কিন্তু ‘ফুল কেনেকৈ ফুলে’ নহ’ব, হ’ব ফুল ফুলোঁতে ৰ’দৰ কি পোহৰে সহায় কৰে? তিনি দিনৰ পাছত তেওঁ দেখিলে যিখন খিৰিকীৰে পূৰাকৈ ৰ’দ আহিবলৈ দিয়া হৈছিল সেইখনত প্ৰথমে কলি মেলিছে, ডাঠ কাগজেৰে ঢাকি দিয়া খনত আটাইতকৈ দেৰীকৈ। অৰ্থাৎ তেওঁৰ পৰীক্ষাৰপৰা জনা গ’ল ‘গোলাপ ফুল ফুলিবৰ বাবে ৰ’দৰ পোহৰৰ আৱশ্যক।’ কিন্তু বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ পথ সিমান সহজ নহয়; ইয়াত অধ্যৱসায়, পৰ্যবেক্ষণ শক্তি আৰু পৰিশ্ৰমৰ আৱশ্যক। ওপৰৰ পৰীক্ষাটো তেনে মানুহে কৰিবই নোৱাৰে, যিয়ে ফুল ভাল নাপায়। যিজনৰ অন্তৰত ফুলৰ কোমলতা আৰু বৰণে হেন্দোলনি নোতোলে তেওঁ ফুলৰ বিষয়ে জানিবলৈ আগেই নাবাঢ়ে। সামান্য ফুল এটাত সোমাই থকা প্ৰকৃতিৰ অনুপম কুশলতাক যিয়ে অনুধাৱন নকৰে তেওঁ ফুলৰ বিষয়ে বিজ্ঞানৰ চৰ্চা কৰিব নোৱাৰে। বিজ্ঞানৰ প্ৰকৃত চৰ্চাৰ বাবে প্ৰকৃতি আৰু ব্ৰহ্মাণ্ডৰ বিশালতা আৰু কুশলতাৰ প্ৰতি এটা জিজ্ঞাসু আগ্ৰহৰ দৰকাৰ। বিজ্ঞানক সেয়ে প্ৰকৃতিৰ বাস্তৱ কবিতা বুলিব পাৰি। এই একেটা কাৰণতে আমাৰ কলা শাখাৰ সমূহ বিষয়ৰ ওপৰতো সম্পূৰ্ণ বিজ্ঞানভিত্তিক চৰ্চা হ’ব পাৰে। হ’ব পাৰে নহয়, হৈয়েই থাকে। চিত্ৰকৰে ছবি আঁকোতে, সংগীতজ্ঞই সংগীত লিখোঁতে, কবিয়ে কবিতা লিখোঁতে নিজস্ব বিজ্ঞানৰ চৰ্চা কৰে। কলাৰ বিজ্ঞান বিজ্ঞানৰ বিজ্ঞানতকৈ প্ৰায়ে বেছিহে জটিল হয়, কাৰণ কলাৰ শাখাসমূহত জোখ-মাখৰ বাবে আমি কোনো সুনিৰ্দিষ্ট আহিলা ব্যৱহাৰ কৰা সুবিধা নাপাওঁ, বৰং মানৱ মনৰ এক পাৰিসাংখ্যিক অভিলেখকে জোখ-মাখ বুলি ধৰিবলগীয়া হয়।
আমি আকৌ উদাহৰণটোলৈ ঘূৰি আহোঁ। উদাহৰণটোত আটাইতকৈ মন কৰিবলগীয়া বস্তুকেইটা হ’ল: প্ৰথম প্ৰশ্নটো আৰু পৰীক্ষাৰ পাছৰ উত্তৰটো। প্ৰশ্নটো আছিল অত্যন্ত বহল, ‘ফুল কেনেকৈ ফুলে?’; কিন্তু উত্তৰটো পালো, ”গোলাপ ফুল ফুলিবৰ বাবে ৰ’দৰ পোহৰৰ আৱশ্যক।’ সেয়ে, এইটো গৱেষণাৰপৰা মূল প্ৰশ্নটোৰ এটা আংশিক উত্তৰহে পোৱা যায়। কিন্তু তাতকৈ ভাল কথাটো হ’ল, অধ্যয়নটোৰপৰা আমি আগতকৈ ভাল এটা প্ৰশ্ন এটা পাওঁ, যেনে, ‘ফুল ফুলিবৰ বাবে ৰ’দৰ পোহৰৰ বাহিৰে আৰু কি কি বস্তুৰ প্ৰয়োজন?’
বিজ্ঞানৰ স্বৰূপেই এইটো। নতুন-উন্নত প্ৰশ্ন কৰি যোৱাটো। কিন্তু অকল প্ৰশ্ন কৰি যোৱাটোও বিজ্ঞান নহয়। প্ৰশ্নৰ যিটো উত্তৰ পোৱা যায়, তাত সন্তুষ্ট নহৈ পুনৰ পৰীক্ষা কৰি চোৱাটো বিজ্ঞানৰ আন এটা ধৰ্ম। কিজানি আগৰ পৰীক্ষাটোৱেই ভুল আছিল। মানৱ সমাজলৈ বিজ্ঞানৰ মূল অৱদান এই প্ৰশ্ন কৰাৰ মানসিকতাটোহে। যিমানেই প্ৰশ্ন ওলাব, সিমানেই জ্ঞানৰ পৰিধি বাঢ়ি গৈ থাকিব।
কিন্তু আমাৰ শিক্ষা-ব্যৱস্থাত বিজ্ঞানৰ এই মূল দিশটোৰ সম্পৰ্কে কোনো ধাৰণাই দিয়া হোৱা নাই। দমকলৰ নলেৰে মাটিৰ তলৰ পানী কিদৰে ওপৰলৈ উঠি আহে, চুম্বকৰ দুই বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয় আদিবোৰ বিজ্ঞান চৰ্চাৰপৰা উৎপন্ন হোৱা তথ্যহে, সি নিজেই বিজ্ঞান নহয়। এই কথাখিনি সহজকৈ বুজোৱাটো টান কাম। বিজ্ঞানৰ কিতাপত যিবোৰ পঢ়োঁ সেইখিনি বিজ্ঞান নহয়, সেয়া বিজ্ঞানৰ কিছুমান কথা জানিবৰ বাবে আমাক দিয়া তথ্যহে। বিজ্ঞান শিকিবলৈ হ’লে প্ৰশ্ন কৰাৰ, অধ্যয়ন কৰাৰ, উত্তৰকো আকৌ এবাৰ প্ৰশ্ন কৰাৰ আৰু প্ৰশ্নৰ উত্তৰ নাপালে সেইটো এতিয়াই জনা নাযায় বুলি মানি লোৱাৰ মানসিকতা আহৰণ কৰাটোহে আটাইতকৈ জৰুৰী।
যিকোনো মানুহক ক’বলৈ ‘প্ৰথমে প্ৰশ্ন – প্ৰশ্নৰ উত্তৰ বিচাৰি কৰা অধ্যয়ন – অধ্যয়নৰ জৰিয়তে পোৱা উত্তৰক লৈ পুনৰ প্ৰশ্ন’ এইখিনিলৈ সহজ। কিন্তু ডাঙৰ সমস্যাটো হয় যদি কৰা অধ্যয়নে কোনো নিশ্চিত উত্তৰ দিবলৈ অসমৰ্থ হয়, তেন্তে? প্ৰামাণ্য তথ্যৰ ওপৰত নিৰ্ভৰশীল বিজ্ঞানৰ কথাখিনি ভালকৈ বুজিলে তেনে অৱস্থাত ‘আমি নাজানো’ বুলি সহজ উত্তৰ এটা গ্ৰহণ কৰাটো কঠিন নহয়। কিন্তু মানুহে মগজুৱে অলপ বেলেগ ধৰণে কাম কৰে, আৰু জ্ঞানৰ মাজৰ খালী অংশখিনি খালী বুলি মানি ল’বলৈ টান পায়। সেই খালী ঠাইখিনি নিজস্ব ধাৰণা, আৰু ভ্ৰান্ত বিশ্বাসেৰে ভৰাই লয়। কিবা এটা কাৰণত মানুহে অজ্ঞাত কথাটো মানি ল’বলৈ টান পায়, আৰু তাতেই জন্ম হয় অন্ধ-বিশ্বাসৰ।
মানুহে নজনা এটা ডাঙৰ বিষয় হৈছে মৃত্যুৰ পাছত আমাৰ কি হয়? সহজ সৰল উত্তৰটো হৈছে কোনেও নাজানে, কাৰণ মৃত্যুৰ পাছৰ অৱস্থা বৰ্ণনা পাবলৈ আমাৰ এটা ইন্দ্ৰিয়য়ো আমাক কোনো সুবিধা দিব নোৱাৰে। সেয়ে, মৃত্যুৰ পাছত হয়তো আচলতে একোৱেই নাথাকে। কিন্তু, আমাৰ মগজুৱে এনে পৰম অৰ্থহীন অস্তিত্ব মানি ল’বলৈ টান পায়। হয়তো সেই শূন্যতাক অনুভৱেই কৰিব নোৱাৰে। আৰু সেই অপৰাগতাক মানি ল’ব নোৱাৰি স্বৰ্গ, মৰ্ত্য, পুনৰ্জন্ম আদি নানান বিশ্বাস ৰাখিবলৈ আৰম্ভ কৰে।
কিন্তু মৃত্যুৰ পাছৰ অৱস্থাক মানি ল’ব নোৱৰাৰ বাবে জন্ম হোৱা অন্ধবিশ্বাসক আমাৰ মগজুৰ সীমাবদ্ধতা হিচাপে এৰি যাব পাৰি। আমাৰ সাধাৰণ জীৱন-যাপনত স্বৰ্গ, মৰ্ত্য, পুনৰ্জন্ম আদিৰ ধাৰণাই বিশেষ প্ৰভাৱ নেপেলায়, বৰং কেতিয়াবা এনে ধাৰণাসমূহে সামাজিক শৃংখলা অটুত ৰখাত সহায়হে কৰে। কিন্তু সমস্যা হৈছে যেতিয়া এনে অন্ধবিশ্বাসৰ আলম লৈ কোনোবাই মানুহক ঠগি নিজৰ স্বাৰ্থসিদ্ধি কৰে। অন্ধবিশ্বাসৰ আলমতে কোনোবা বাবাই নিজৰ আশ্ৰমত ধনৰ পাহাৰ গঢ়িছে, কোনোবাই আকৌ ৰাজপাট খোৱাৰ মতলব কৰিছে। কেতিয়াবা আনকি বিজ্ঞানৰ তথ্যৰ অদ্ভুত বিশ্লেষণ দেখুৱায়ো মানুহক ঠগাৰ বাট মুকলি কৰি লৈছে। যেনে, টিভিটোতে চুম্বকীয় কণ্ঠীমালাৰ অদ্ভুত গুণ দৰ্শোৱা বিজ্ঞাপন বিৰাজমান। কেতিয়াবা আকৌ বিজ্ঞানৰ কিছুমান পৰিভাষা ভুলকৈ পৰিবেশন কৰি ৰাইজক আভুৱা ভৰা হৈছে।
কিন্তু অন্ধবিশ্বাসৰ বেপাৰ কৰা এই্সকলৰ লগতে আমাৰ লোভো এনে ব্যৱসায়সমূহ বাঢ়ি অহাৰ এটা মূল কাৰণ। পৰিশ্ৰম, সততা, সহানুভূতি, ধৈৰ্য আদিনো কেলৈ লাগিছে যদিহে এটা যন্ত্ৰ কিনি আনি ঘৰৰ ঈশান কোণত ৰাখিলেই ঘৰলৈ সোণেই সোণ আহে। এটা আঙঠি পিন্ধিলেই যদি চাকৰী হৈ যায়, তেন্তে কিহৰ বাবে পঢ়া-শুনা? এগৰাকী মহিলাৰ ইচ্ছাৰ কি মূল্য আছে যদিহে বশীকৰণ মন্ত্ৰ প্ৰয়োগ কৰিলেই তেখেত আপোনাৰ হৈ যায়? অন্ধবিশ্বাসৰ এনে ব্যৱসায়বোৰে সদায়ে আমাৰ লোভকহে নিচান কৰি লয়।
কিন্তু অকল লোভ বুলি সৰল কৰিব নোৱাৰি কিজানি। ৰাষ্ট্ৰই যেতিয়া নিজৰ দায়িত্ব পালন নকৰে, প্ৰশাসন-যন্ত্ৰ যদি দুৰ্নীতিত নিমজ্জিত হয়, প্ৰাপ্য অধিকাৰৰ বাবে যদি অনবৰত সংগ্ৰাম কৰিবলগীয়া হয়, তেন্তে সাধাৰণ মানুহে এক দৈৱ শক্তিলৈ বাট চোৱাৰ বাহিৰে কোনো উপায় নাথাকে। আৰু দৈৱ শক্তিৰ সহায় পোৱাৰ আশা বিক্ৰী কৰিয়েই অন্ধবিশ্বাসৰ বেপাৰ চলি থাকে। এই চক্ৰৰপৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হৈছে বিজ্ঞানমনস্কতা। প্ৰতিটো কথাকে প্ৰশ্ন কৰাৰ, তাৰ উত্তৰ বিচৰাৰ প্ৰয়াস যদি অন্তৰত জাগ্ৰত কৰিব পৰা নাই; নজনাটোক নজনা বুলিয়েই মানি লোৱাৰ সাহস যদি দিব পৰা নাই, তেন্তে তেনে শিক্ষাই আমাক একো দিব নোৱাৰে। তথ্যৰে টোপোলা পঢ়াই বিজ্ঞান শিকালে বহু কিবা-কিবি মানুহে শিকিব, কিন্তু বিজ্ঞান নিশিকে।
বিজ্ঞানৰ আৰম্ভণি হয় প্ৰশ্নৰে, শেষ হয় তাতকৈ ভাল এটা প্ৰশ্নৰে। যেতিয়ালৈ সৰু ল’ৰা-ছোৱালীক প্ৰশ্ন কৰিবলৈ শিকোৱা নহয়, যেতিয়ালৈ শিক্ষাৰ মূল উদ্দেশ্য শিক্ষাৰ্থীৰ মনত প্ৰশ্ন জাগ্ৰত কৰাটো নহয়, তেতিয়ালৈ বিজ্ঞানৰ শিক্ষা দিয়া বুলি দাবী কৰিব নোৱাৰি।