বিজ্ঞাপন (মিতালী বৰ্মন)

বিজ্ঞাপন
মিতালী বৰ্মন

তুমি হেনো আজি কালি
লেন-দেনৰ ব্যৱসায় কৰা !
মইতো জনা নাছিলোঁ
তুমি হৃদয়ৰ বিজ্ঞাপন দিছিলা বুলি
জনা হ’লে ময়ে আবেদন কৰিলোঁহেঁতেন!

বিছাৰিলোঁহেঁতেন তোমাৰ পৰা
এমুঠি বিশ্বাসৰ প্ৰতিশ্ৰুতি
বিনিময়ত মই দিলোঁহেঁতেন —-
কলিজাৰ ৰঙা তেজেৰে
দস্তখত কৰা এখন চুক্তিবিহিন চুক্তিনামা

তোমাৰ বিজ্ঞাপনৰ জোখেৰে আছে
মোৰো আবেদন কৰিব পৰা অৰ্হতা

তোমাৰ পৰা মৰমবোৰ ধাৰে ল’লেও
চিন্তা নকৰিবা
সময়ত সকলো ঘূৰাই পাবা

তুমি হেনো সুতলৈ দিছা—-মৰমবোৰ
কথা নাই
কিস্তি কিস্তিকৈ পৰিশোধ কৰিম
তোমাৰ মৰমৰ ঋণ
তুমি বিচাৰিলে মূলৰ লগত
বহুগুণ সুত দিয়ো পৰিশোধ কৰিম
তোমাৰ মৰমৰ ঋণ

তুমি বাৰু অংকত কেঁচা নে পকা ?
লেন-দেনৰ ব্যৱসায় কৰিলে
হিচাবতো নিৰ্ভুল হ’বই লাগিব

তোমাৰ পৰা লোৱা ঋণ
সুতেৰে ঘূৰাই দি
তোমাকহে লাভৱান কৰিম মই
তুমি দিয়াতকৈ বহু গুণে
বেছিকৈ দিব পাৰিম মই

এতিয়া সকলো তোমাৰ ওপৰত….

———————————–

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!