বিতোপন (প্ৰতিম প্ৰতাপ বৰুৱা)
“এইকেইসেৰা কি? স্কুলত আজিও মাৰ খালি নেকি? নপঢ়ি-নুশুনি, লোকৰ বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰিবি। পথাৰত চিলা উৰাবিগৈ। বিলত বৰশী টোপাবিগৈ। তোৰ নিচিনাটোৱে মাৰ নেখাই আনে খাবনেকি?” – এয়া বিতোপনৰ মাক। আনকালৰ দৰে আজিও বিতোপনক জাৰণ দি আছে। সদায় মাকে গধূলি সময়ত বিতোপনক হাত-ভৰিকেইটা ধুৱাই দিয়ে। স্কুলৰ পৰা আহিয়ে কোনোমতে ভাতকেইটা গুজিয়ে বিতোপনে দৌৰ মাৰে। লগৰকেইটা পদূলিমুখত আহি ৰৈ থাকেহি। অ’ত ধিতিঙালি, ত’ত লোকৰ বাৰীৰ গছলৈ ফৰ্মূটি, বিলৰ পাৰত ম’হৰ কামোৰ খাই খাই বৰশী, পথাৰত খৰালিমহীয়া চিলা, বাৰিষাত খোকা-চেপা ইত্যাদি। ঘৰখনৰ ডাঙৰ ল’ৰা, আচলতে পৰিয়ালটোৰে ডাঙৰ ল’ৰা। ককাক-আইতাকৰ লাই পাই পাই উৎপতীয়া হৈ পৰিল। দেউতাকেও সিমান একো নকয়। ১০ বজাৰ স্কুলখনলৈ সি ৯ বজাতে যায়। স্কুলত ‘তুমি চিত্ত বৃত্তি মোৰ’ গোৱাৰ সময়লৈকে দৌৰি-ধাপৰি তাৰ কাপোৰ-কানি, চেহেৰা-পাতি একলেখীয়া হয়গৈ। তাৰ পিছত স্কুলত কনল’ৰা ছাৰে মৌখিক সোধে – দুটা পাৰ চৰাইৰ দাম ৭ টকা হ’লে এহাল পাৰ চৰাইৰ দাম কিমান হ’ব? সি কাণ-মূৰ খজুৱাই উত্তৰ দিয়ে – ১৪ টকা। লগে লগে কলাফুলত চিতিপনি এচাৰিৰে চাটৌপ। সেৰা পাতি আহে। মাকে গধূলি হাত-ভৰি ধুৱাবৰ সময়তহে চাটৌপৰ চিনকেইটা দেখে। আজিও সেৰা পাতি আহিছে।
“উঃ, ইমান জোৰে জোৰে নঘঁহিবাচোন। এনেয়ে সেৰা পাতি আছে। সৰু গাঁঠিটোও উখহি আছে। দুখ পাইছোঁ।” – বিতোপনে ক’লে।
মাকৰ গালি চলিয়ে থাকিল। কথা প্ৰায় একেখিনিয়েই – “সৰু গাঁঠিটো আকৌ ক’ত মাৰিলিগৈ? চাওঁ। উপায় নাই এইটোৰ পৰা। আজি অ’ত ছাল ছিগিল, কালি ত’ত খুন্দা লাগিল। কি হ’বগৈ আগলৈ এইটো। একে লগৰে সেইটো ৰাতুল, কিমান ঠাণ্ডা ল’ৰা। কিমান চোকা ল’ৰা। সদায় ১০ বাজিবলৈ দহ মিনিট থাকোতে স্কুললৈ যায়। ৰাস্তাৰ কিনাৰে কিনাৰে, তললৈ মূৰ কৰি খোজ কাঢ়ে। এখন হাতেৰে ভায়েকক ধৰি যায়।”
বিতোপনে একো নামাতে। এদিন মাতিছিল – “ৰাতুল ঠাণ্ডা হ’লে কি হ’ব? অংকত মই তাতকৈ বেছি পাইছোঁ।“
“পিছে প্ৰথমৰ যোগ অংকটো ভুল কৰিলি কেলেই? সদায় সেই অংকটোহে ভুল হয় তোৰ। আৰু তোৰ বাকী নম্বৰবোৰ দেখোন চাবই নোৱাৰি। ছবিত কিমান পাইছিলি? মুঠে তিনি। হেৰৌ তিনি নম্বৰ পাব পায়নে? হা? ব’ল ভিতৰলৈ, এতিয়া পঢ়িবলৈ লৈ টোপনিয়াবি, চাবি তোক কি কৰোঁ। ব’ল।“ – এইবুলি মাকে তাক যিটোহে খকৰামুকুটি দিলে, সেইদিনাৰ পৰা হাত-ভৰি ধুৱাবৰ সময়ত যিমান গালি খালেও সি মাত নামাতে।
ঘৰৰ ওচৰতে বিতোপনৰ স্কুলখন। ঘৰত তাৰ মাক-দেউতাক, ককাক-আইতাক, এটা ভায়েক, এজনী ভনীয়েক, ৩ টা দদায়েক, ১ জনী খুৰীয়েক। খেতি-পথাৰ, গৰু, গৰুগাড়ী সকলো আছে। পঢ়া-শুনাৰ বাদে বাকী সকলো কথাত সি ঘৰৰ সকলোৰে মাজত উঠি ৰজা। নেবা বুলিলেও এচাপৰ বাই চায়, বা বুলিলে হ’লেই আৰু।
এদিন এজন দদায়েকে পথাৰলৈ কঠিয়া নিবলৈ গৰুগাড়ীখন সাজু কৰিলে। বিতোপনে স্কুলৰ বেগটো গাড়ীত তুলি দি নিজে দদায়েকৰ ওচৰতে বহি ল’লে। অলপ দূৰ গৈ দদায়েকৰ পৰা সি নাকীদুডাল আৰু এচাৰিডাল নিজৰ হাতলৈ ল’লে। তাৰ পিছত আৰু পায় কোনে? গৰুগাড়ী স্কুলৰ আগেদিয়ে গৈ পথাৰ পালেগৈ। সেইদিনা প্ৰথমতে দুপৰীয়া মাকে, গধূলি দেউতাকে, আকৌ পিছদিনা স্কুলত কনল’ৰা ছাৰে তাৰ গাত বাবৰি ফুল বাচিছিল। পিঠিয়ে, কলাফুলে সেৰা পাতিবলৈ ঠাই নোহোৱা হৈছিল। দদায়েকেও লগতে সমানে গালি খাইছিল।
এদিন এজন দদায়েকে ক’লে – ঐ, নৈপাৰৰ বাৰীত পাত কঠাল পকিছে। লগে লগে দদায়েকৰ লগত চাইকেলৰ আগত বহি নৈপাৰৰ বাৰীত বিতোপন উপস্থিত। গছতে পকা পাত কঠাল এটা বখলিয়াই গোটেইটো খাই লৈ গেৰেউ-গেঠেউ লাগি আৰু লগতে আহাৰমহীয়া গৰমত তৎ নাপাই সি দদায়েকৰ বোকোচাত উঠি নৈৰ পানীত এডিঙিলৈকে নামি আছিল। ইফালে ল’ৰাটো ক’লৈ গ’ল বুলি মাকৰ চিন্তাত তৎ নাই। বহুত দেৰীৰ মূৰত দদায়েকৰ চাইকেলৰ আগত উঠি সি ঘৰ পাইছিলহি। সেইদিনা আকৌ দদায়েক-ভতিজাকে সমানে ধমধমনি খাইছিল।
পথাৰৰ ধান দাবলৈ সকলোৰে লগত সিয়ো যায়। আচল লোভ পথাৰত সকলোৱে মিলি খোৱা ৰবাব টেঙা, জলপান আদিলৈ। তাৰ মাক, খুড়ীয়েকহঁত আৰু দিন-হাজিৰাত অনা মানুহকেইটাই ধান দাই থোকবোৰ থৈ থৈ যায়। দেউতাক-দদায়েকহঁতে সেইবোৰ গোটাই ডাঙৰী বান্ধে। তাৰ পিছত তেওঁলোকে ডাঙৰীবোৰ কঢ়িয়াই ঘৰলৈ আনে। ডাঙৰী কঢ়িওৱা বিৰিয়াকেইপাট খোজে পাতি নাচে, ধানখিনিৰ পৰা ঝিনিক্ ঝিনিককৈ শব্দ ওলায়। সৰু বিৰিয়া এপাট বিতোপনক ককাকে বেলেগে সাজি দিছিল। সেইপাতৰ দুমূৰে সৰু সৰুকৈ কেইমুঠামান ধান ওলোমাই সিও ডাঙৰী কঢ়িয়ায়। …
“বাবাটো, অথনিৰে পৰা কি ভাবি আছা? চকুদুটা চলচলীয়া কিয় হৈছে তোমাৰ?” – বিতোপনৰ এনে লাগিল যেন বহুত দূৰৰ পৰা মাকৰ ৩০ বছৰৰ আগৰ মাতটো ভাহি আহিছে। মূৰ তুলি মাকলৈ চালে সি। এয়া সন্মুখত তাৰ মাক-দেউতাক বহি আছে। দুয়োৰে দেহা দুটা বয়সে গৰকিছে। অসমৰ পৰা কালি আহি পাইছেহি তাৰ মাক-দেউতাক। এইটো ঘৰ সি ইয়াত নতুনকৈ কিনিছে। আজি দিনত ঘৰলোৱা সকাম আছিল। মাক-দেউতাকক সন্মুখত লৈ ঘৰটো সি আজি নিজৰ কৰি লৈছে। যোৱা কেইদিনমানৰ ভাগৰে তাক আজি হেঁচা মাৰি ধৰিছেহি। তাহানি সৰুতে তাৰ হাত-ভৰি ধুৱাই দিয়া মাকজনী এয়া তাৰ সন্মুখত বহি আছে।
মুখেৰে একো নামাতি সি উঠি আহিল। মাকৰ ওচৰত আঁঠু কাঢ়ি বহি সি মাকৰ ককালত দুয়োহাতেৰে সাৱটি ধৰি কোলাত মুখখন গুজি দিলে। দৌৰোতে দৌৰোতে কিমান দিন পাৰ হৈ গ’ল! কিমান দিন যে সি এনেকৈ মাকৰ কোলাত মূৰ থবলৈ সময় পোৱা নাছিল।
“কি হ’ল বাবাটো? কিয় এনেখন কৰিছা?” – তাৰ চুলিত হাত ফুৰাই মাকে সুধিলে।
সি মাকক কেনেকৈ বুজাব যে এদিন যিজনী মাতৃৰ মুখলৈ চাই সি হাঁহিবলৈ শিকিছিল আজি তেওঁৰ কোলাত মূৰ থৈ কান্দিবলৈ অন্তৰখনে কেনেকৈ হাঁহাকাৰ কৰে।
সাহিত্য.অৰ্গ অসমৰ গৌৰৱ।