বিদেশত অসম, ভাৰতত অসম – যতীন্দ্ৰ চৌধুৰী

এক

১৯৮১ খৃষ্টাব্দ৷ মে’ মাহ৷
ছুইজাৰলেণ্ডৰ বাঝল মহানগৰ৷
মই অকলে ফুটপাথেৰে গৈ আছো৷
হঠাত পাছফালৰ পৰা কোনোবাই অতি আগ্ৰেহেৰে মাত লগালে, “Hello brother, hello brother”.
ঘূৰি চাই দেখো দুজন যুৱক৷
দেখিলেই ভাৰতীয় বুলি গম পোৱা যায়৷
মই ঘূৰি লৈ ৰৈ দিলো আৰু কলো, “Yes.”
মোক সুধিলে,
“তুমি ভাৰতীয়? ”
“অৱশ্যে৷ তোমালোক? ”
“আমি বোম্বেৰ ( তেতিয়া মুম্বাই হোৱা নাছিল)৷ তুমি? ”
“গুৱাহাটিৰ”,মই স্বাভাৱিক ভাবেই কলো কাৰণ তেতিয়া গুৱাহাটি আৰু অসমৰ নাম গোটেই বিশ্বত ফাটি ফুটি গৈছে আছুৰ নেতৃত্বৰ বিদেশী বিতাড়ন আন্দোলনৰ বাবে৷
“গুৱাহাটি? গুৱাহাটি ক’ত?”
আচৰিত হ’লো যদিও কৈছিলো, “অসমত”৷
“অসমত? অসম ক’ত? ”
তাৰ পাছত তেনে মানুহৰ লগত কথা পতাৰ কিবা অৱশ্যক আছিলনে!
মুহূৰ্ততেই সেই ঠাই ত্যাগ কৰি মই মোৰ বাটত আগবাঢ়িছিলো৷
পাছফালৰ পৰা দুয়োজনে চিঞৰি আছিল, “Hello brother, hello brother”.
(অসমৰ নাম ইতিমধ্য ১৯৭৯ খৃষ্টাব্দতে আৰম্ভ হোৱা অসমত থকা বিদেশী বিতাড়ণ কৰা বিষয়ৰ আন্দোলনৰ বাবে বিশ্ববিখ্যাত হৈ পৰিছিল৷ তাৰ মূল কাৰণ আছিল এয়ে যে এটা অতি বৃহৎ আন্দোলনৰ নেতৃত্বত আছিল ছাত্ৰ শক্তি৷
ইউৰোপৰ বান্ধৱী এগৰাকীয়ে সেই সময়তে মোলৈ চিঠি লিখি (হয়,সেয়া আছিল চিঠিৰ যুগ) কৈছিল যে তেওঁলোকৰ জাৰ্মান ভাষাৰ বাতৰি কাকতত অসমৰ আন্দোলনৰ বিষয়ে পঢ়িবলৈ পোৱাৰ বাবে আচৰিত হোৱাৰ লগতে আনন্দিতও হৈছিল আৰু “জয় আই অসম” মানে কি সুধিছিল আৰু মই কি ধৰণে আন্দোলনত জড়িত, তাকো সুধিছিল৷ )

দুই

বছৰটো সঠিকভাৱে মনত নাই৷ কিন্তু ২০০০ খৃষ্টাব্দৰ পাছত হোৱা ঘটনা৷
কলেজৰ ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষামূলক ভ্ৰমণৰ ময়ো সংগী আছিলো৷ দাদৰ এক্সপ্ৰেছ ৰেলখন মধ্যপ্ৰদেশ এৰি মহাৰাষ্ট্ৰত সোমাবলৈ লৈছে৷ , বোধহয় ভুসৱাল নামৰ ষ্টেশ্বন এটাত বিশ, বাইশ বছৰীয়া যুৱক এজন উঠি আমাৰ সংৰক্ষিত ডবাৰ আসনত বহিল৷ দিনৰ বেলিকা৷ বেছি দূৰলৈ নাযায়৷ গতিকে আপত্তি কৰিব লগা বিশেষ একো নাছিল৷ দেখাই-দৰ্শনে, কথা বতৰাই বেছ শিক্ষিত যেনেই লাগিছিল৷ আচৰণো মাৰ্জিত৷
অসমৰ নাম শুনিছে কিন্তু কোনফালে, কেনেকুৱা কোনো ধাৰণা নাই৷
“অসমৰ ৰাজধানী কি? ”
“গুৱাহাটি ”
“আচ্ছা, গুৱাহাটীত মাৰুতি গাড়ী চলেনে? গোটেইখন জংঘল নেকি? ঘৰবিলাক কেনেকুৱা?

তিনি

২০১২ খৃষ্টাব্দ৷ সেলঝবুৰ্গ চহৰ৷ অষ্ট্ৰিয়া৷
ৰাতিপুৱাৰ আহাৰ অষ্ট্ৰিয়ান ধৰণেৰে কৰো বুলি এখন অকল অষ্ট্ৰিয়ান খাদ্যৰ ৰেস্তোঁৰাত সোমালো৷
অৰ্ডাৰ লোৱা পৰিচাৰিকা গৰাকীয়ে আহাৰৰ পাছত চাহ খাম নে কফি খাম সুধিলে৷ মই ক’লো যে ফুৰিবলৈ আহিলে মই কফি খাবলৈয়ে ভাল পাওঁ৷ ( আচলতে ইউৰোপৰ কফিৰ তুলনা নাই৷ ব্ৰাজিলৰ পৰাই আহে চাগৈ)
” আমি আসাম টী দিও৷ চাহেই লওক৷ তাৰমানে অসমৰ চাহ সেই ৰেস্তোঁৰাই পৰিৱেশন কৰে৷ মানুহ গৰাকীয়ে অসমৰ চাহৰ গুৰুত্ব সেইদৰে প্ৰচাৰ কৰা বাবে মনটো নাচি উঠিছিল৷

“মই অসমৰে৷ ”

“সঁচা? এবাৰ অসমলৈ যাবলৈ মন আছে৷ চাহ বাগিছা আৰু গড় চাবলৈ! ”

চাৰি

লণ্ডন৷ ইউ কে৷
২০১৭
দিনজোৰা বাছ ভ্ৰমণৰ বাবে এটা দলৰ লগত ময়ো উঠিছো৷
অলপ কথাচহকী, বাকপটু গাইড গৰাকীয়ে (গাইড হবলৈ বাকপটু হবই লাগিব) প্ৰথমে নিজৰ আৰু গাড়ী চালকৰ পৰিচয় জনাই, পৰ্যটক সকলক নিজৰ নিজৰ চিনাকি দিবলৈ ক’লে৷ লগতে ক’লে কৰোবাৰ যদি দুটা পৰিচয় আছে, তেন্তে দুয়োটা পৰিচয় দিলে ভাল৷ তেও নিজৰ পৰিচয় দিওঁতেও কৈছিল “মই পৰ্টুগীজ কিন্তু এতিয়া বৃটিছ৷ লণ্ডনত থাকো৷ “
প্ৰথম পৰ্যটক গৰাকীও একেই শ্ৰেণীৰ৷ তেওঁ মূলত ফ্ৰান্সৰ কিন্তু কাম কৰে লণ্ডনত৷ মাক ফ্ৰান্সতেই থাকে যিহেতু তেওঁ লণ্ডন আৰু পেৰিছৰ মাজত ঘনাই ভ্ৰমণ কৰিবলগীয়া হয়৷ মোৰ বাহিৰেও আন তিনিজন ভাৰতীয়ও আছিল৷ দেশৰ নাম কৈয়ে তেওঁলোকে পৰিচয় দিলে৷
মোৰ পাল পৰাত, মই নামটো কৈ ফ্ৰ’ম আসাম, ইণ্ডিয়া বুলি কলো৷
“ও, ফ্ৰ’ম আসাম! মাই ফেৱোৰিট টী কামঝ ফ্ৰ’ম আসাম৷ ৱেন আই ড্ৰিংক মাই নেক্সট কাপ অৱ টী, আই শ্বেল ৰিমেম্বা ইউ”, ( Oh from Assam! My favourite tea comes from Assam. When I drink my next cup of tea, I shall remember you) গাইড গৰাকীয়ে উৎফুল্ল হৈ কৈছিল৷
স্বাভাৱিকতে ময়ো সমানেই উৎফুল্ল হৈছিলো৷
( আমাৰ ৰাজ্য অসমৰ কথা বাহিৰতনো মানুহে কি ধৰণে জানে, সেই বিষয়ে বহুতে মাজে মাজে প্ৰশ্ন কৰে৷ সীমিত অভিজ্ঞতাৰে সেই বিষয়ে আজি কিছু ক’লো৷ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!