ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

বিদেশী সহজ এটি খাদ্য প্ৰণালী : আলু পিটিকা (মেচড পটেট’), বিন আৰু গাহৰিৰ বার্বি কিউ (তিৰুজ্যোতি বৰা দাস)

বিদেশী সহজ এটি খাদ্য প্ৰণালী : আলু পিটিকা (মেচড পটেট’), বিন আৰু গাহৰিৰ বার্বি কিউ

১. পাঁচ টা মান আলু
২. নিমখ
৩. জালুক গুড়ি
৪. গাখীৰ একাপ
৫. বাটাৰ পাছ চামুচ
৭. গাহৰি মাসংৰ ৰিব আধা কেজি
৮. বার্বি কিউ চচ
৯.এলুমিনিয়াম ফইল
১০. সেউজীয়া ফ্ৰেন্চ বিন এপোৱা
প্ৰণালী: মেচড পটেত’>

আলু কেইটা সিজাই লওক। গৰমে গৰমে সেইয়া ভালকৈ মিহি হোৱাকৈ সানি লওক। এক কাপ গাখীৰ , বাটাৰ, নিমখ আন্ডাজমতে দি সানক। শেষত জালুকৰ গুৰি দিয়ক।

গাহৰিৰ ৰিবৰ বার্বি কিউ:
কুকাৰত গাহৰিৰ ৰিবখিনি নিমখ আৰু পানী দি চাৰিটা হুইচেল মাৰি ল’ব। অভেনটো ৪৫০ মানত ১০ মিনিট আগতীয়াকৈ গৰম কৰি ৰাখক। পানীখিনি নিগৰাই এলুমিনিয়াম ফইলত দীঘলীয়া গাহৰিৰ ৰিব বিলাক এটা এটাকৈ ৰাখক। খুব পৰিপাটিকৈ তাত ব্ৰাচেৰে বা হাতেৰে বার্বি কিউ চচ লগাওক তলে ওপৰে । এলুমিনিয়াম ফইল খনেৰে আমাৰ কলপাতত মাছ মেৰিওৱাৰ দৰে মেৰিয়াই ৰিব বোৰ অভেনত দিয়ক (৪৫০ )। ৭ মিনিটমান পিছত উলিয়াই খুব সাবধানে খুলি পুনৰ বার্বি কিউ চচ লগাওক। আধা ঘন্টাত পর্ক ৰিব সাজু।

বিন ভজা
দীঘলকৈ ফ্ৰেন্স বিন বিলাক ৰাখক। কেবল আগ আৰু শেষৰ অংশ কাটক । আধা চামুচ অলিভ অইল ত কম জুইত বিন বিলাক ভাজক। সামান্য নিমখ দিব। আধা সিজা হওঁতে নমাই থ’ব।

সকলোবোৰ খাদ্য একেলগে পৰিবেশন কৰক ।

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!