বিদ্যা (প্ৰতিভু দত্ত)
প্ৰিঞ্চিপাল চাৰ আহিল চাৰপ্ৰাইজ ৰেইডত ৷
আহিবই লাগিব তেখেতৰো উপায় নাই ৷ যোৱা কেইদিনমান কলেজত বিৰাট হুলস্থুল৷ সুন্দৰপুৰত কাজিয়া, ৫ম ষান্মাষিকৰ নাম ৭ম ষান্মাষিকৰ কাজিয়া, কোনোধৰনৰ বাখ্যা নথকা দুখনমান কাজিয়া ৷ চাৰৰ এটা ধাৰনা ল’ৰাবোৰে ‘ফুৰ্টি পানী’ খায় আৰু এই ‘ফুৰ্টি পানীয়ে যতকুটৰ ঘাই ৷
চাৰে ঠিক কৰিলে যে তেওঁ এই ‘ফুৰ্টি পানী’ কলেজৰ পৰা নোহোৱা কৰিব ৷
তেওঁ মনতে ভাবিলে ৰাতি প্ৰায় ১১ মান বজাত হোষ্টেলে হোষ্টেলে ৰেইড মাৰিব আৰু ল’ৰাবোৰ হাতে লোটে ধৰা পেলাব ৷
কথামতেই কাম ৷ তেওঁ কাঁটাই কাঁটাই ৰাতি ১১ বজাত ১ নং হোষ্টেল পালে গৈ ৷
ব্লক মনিটৰ নৃপেন দাৰ দুৱাৰত টোকৰ মাৰিলে ৷
‘আব্বে, কোন বে এই ৰাতি খন?’
চাৰে মাত নামাতি আকৌ টোকৰ মাৰিলে ৷
‘আব্বে, জহনিত যোৱা, শুব নিদিবি নেকি বে?’
নৃপেন দাই ভাবিলে এইটো কা. শৰ্মাই (কামোৰ শৰ্মা) হ’ব লাগিব ৷ বেটাই দুই পেগ মাৰিব পালেই ৰঙা ঘোঁৰাত উঠে ৷ আজি দিম তাক !
পাইজামাৰ ৰছী বান্ধি—বান্ধি দুৱাৰ খুলি দি নৃপেন দাই ‘দুই পেগৰ’ নিছা ফাটিল নে বাঢ়িল ধৰিব নোৱাৰা হ’ল ৷
সন্মুখত চুপাৰ চাৰ, প্ৰিঞ্চিপাল চাৰ আৰু ডিপাৰ্টমেন্টৰ হেড ৷ চুপাৰ চাৰকবাৰু নৃপেন দাই পাত্তা নিদিয়ে, কিন্তু হেডৰ পৰা ক্লিয়েৰেন্ছৰ কথা আছে আৰুপ্ৰিঞ্চিপাল চাৰ দেউতাকৰ বন্ধু !!!
কি কাৰনে এই ৰাতিখন আহিছে বাৰু ?
নৃপেন দাই মনে মনে থিয় হৈ চিন্তা কৰিলে, কাৰ ভৰিত প্ৰথমে পৰাতো ভাল হ’ব ?
চুপাৰ চাৰে প্ৰথমে মাত লগালে,‘হেৰা চোলা এটা পিন্ধি লোৱা ৷ আমি অলপ ৰুমবোৰ চেক কৰিম ৷’
নৃপেন দাৰ মূৰিঘন্ট খোৱা মাথাই অভাৰ—টাইম কাম কৰিবলৈ ধৰিলে ৷ বুজি পাই গ’ল, চেকিং কিহৰ কাৰনে হৈছে ৷
সেইবোৰ নেদেখুৱাই, হাঁহি এটা নৃপেন দাই মাৰি ক’লে,‘চাৰ চিন্তা কৰিব নালাগে৷ গোটেইকেইটা ৰুমতে খিড়িকীত আইনাবোৰ লগালে ৷ এতিয়া আৰু পানী সোমোৱা প্ৰব্লেমটো নাই চাৰ ৷ চেকিং নকৰিলেও হ’ব ৷’
প্ৰিঞ্চিপাল চাৰ,‘don’t TALK non-sense. GET ready ,we will check all the rooms’
উপায় নাপায় ওলাল নৃপেন দা ৷ এটা কথাত অৱশ্যে নিশ্চিত আছিল যে তেওঁ নিজেন ফছে ৷ কাৰন তেওঁ কৰ্মফেৰা কৰিছিল কা.শৰ্মাৰ ৰুমত আৰু এতিয়া কা.শৰ্মাৰ ৰুমত জুই লগাই দিলেও তাক টোপনিৰ পৰা উঠাব নোৱাৰে ৷
ৰেইডত প্ৰথম ৰুমটো পৰিল বটুৰ ৷ তাৰ পোচাকী নামেৰে নৃপেন দা মাতিছে, চুপাৰ চাৰে মাতিছে, কিন্তু ভিতৰত সাৰ-সিকটি নাই ৷
নৃপেন দাৰ মূৰত বুদ্ধি এটা আহিল ৷ যিমান পাৰে জোৰে-জোৰে চিঞৰিবলৈ ধৰিলে ৷ফলত বটুৱে গম নাপালেওঁ কৰিডৰত থকা বাকী ৰুমবোৰৰ লৰাই কথাটো গম পালে যে ‘ৰেইড’ পৰিছে ৷
প্ৰিঞ্চিপাল চাৰে হেড চাৰক ক’লে,‘খাই আউট ছাগৈ!’
দুৱাৰত মৰা গোৰ, ‘বটু, বটু’ কৈ মৰা টেটু ফলা চিঞৰৰ অন্তত এটা সময়ত বটুৱে গম পালে গৈ কথাটো ৷ সি দুৱাৰ খুলি তাৰ বিশেষ হাঁহিতো মাৰিলে ৷
প্ৰিঞ্চিপাল চাৰে সুধিলে,‘কি নাম?’ বটুৱে তাৰ নামটো ক’লে ৷
প্ৰিঞ্চিপাল চাৰে সুধিলে,‘মদ খাই আছিলা ?’
বটু,‘ বিদ্যাৰ শপত, নাই খোৱা চাৰ ৷’
প্ৰিঞ্চিপাল চাৰ,‘কথা ক’ব আহিছা ? ইমান দেৰি মাতি আছো দুৱাৰ খোলা নাই ৷ ক’ত আছে গিলাছ—বটল ?’
বটু,‘মচগুল হৈ আছিলো, গমেই পোৱা নাছিলো আপোনালোক আহিছে বুলি ৷’
প্ৰিঞ্চিপাল চাৰ,‘দেখিছে নে বাৰু নিজেই কৈছে নিছাত মচগুল বুলি ?’চাৰহ’ত নালাগে নৃপেন দাও আচৰিত হৈ গ’ল বটুৰ কথা শুনি ৷
নৃপেন দাই মনতে ভাবিলে, ‘বটুক কাহানিও মদ খোৱা দেখা নাই ৷ ই নিশ্চয় ভাং খাই, নহলে গুটি খায় ৷’
চুপাৰ চাৰে ক’লে, “ মদ খাই আবোল—তাবোল বকিবলৈ লাজ নালাগে?”
বটুৰ পোনপটীয়া উত্তৰ, “ মদ কোনে খাইছে নাজানো চাৰ ৷ মই মোৰ বিদ্যালৈ লাভ লেটাৰ লিখি আছিলো ৷মানে চাৰ আজি তাইৰ পৰা চিঠি এখন পালো ৷ মনতো ভাল লাগি আছিল , সেই কাৰনে উত্তৰ দি আছিলো ৷”
সেইটো ৰুমত ৰেইড সিমানতে অন্ত পৰিল ৷
এইবাৰ ৰেইড পাৰ্টী আগবাঢ়িল পল্লবৰ ৰুমৰ ফালে ৷
আকৌ একেই দশা ৷ পল্লব—পল্লবকৈ টেটুফালি চিঞৰি চিঞৰি একো কাম নিদিলে ৷
নৃপেন দাৰ খং উঠি আহিল ৷ এই পল্লবটোৱে কেতিয়াৰ পৰা খোৱা হ’ল? দিলে দুৱাৰত প্ৰচণ্ড গোৰ এটা সোধায় ৷
ৰুমৰ ভিতৰত পল্লবৰ খোজৰ শব্দ ওলাল ৷
দুৱাৰ খোল খালে ৷
প্ৰথম চুপাৰ চাৰ, তাৰ পাছত প্ৰিঞ্চিপাল চাৰ, তাৰ পাছত হেডচাৰ আৰু একেবাৰে শেষত নৃপেন দা ৷
পল্লবে দুহাতে যি ‘বিদ্যক’ সাবটি আছিল তাকে দেখি আনৰ কথা নাজানো কিন্তু প্ৰিঞ্চিপাল চাৰৰ চকুৰ চাওনিৰ অৰ্থ আছিল ৰাতি ১২ বজাত এইয়াহে দেখিবলৈ বাকী আছিল ৷
প্ৰিঞ্চিপাল চাৰ,‘ তোমাৰ এই বিদ্যাৰ লগত প্ৰেম কিমান পুৰণি ?’
পল্লব,‘চাৰ মই ক্লাছ নাইনত থাকোতেই এই ‘বিদ্যা’ৰ প্ৰেমত পৰিছিলো ৷’
চুপাৰ চাৰ, হেড চাৰ,‘ কেনেকৈ পৰিলা প্ৰেমত ?’
পল্লব,‘চাৰ আমাৰ ঘৰৰ ওচৰতে মনমী বাইদেউৰ ঘৰ ৷ তেওঁৰ পৰা দেখি দেখিয়ে প্ৰেমত পৰিলো ৷’
হেড চাৰ,‘হেৰা পল্লব, শুনাচোন মোক এটা কৰি দিব পাৰিবা নে?’
পল্লব,‘পাৰিম চাৰ কিয় নোৱাৰিম? ফিটাডালৰে জোখ এটা লৈ ল’ওঁ চাৰ ৷ চাৰ, হাফ—চুৱেটাৰ গুঠিম নে ফুল- হাফ চুৱেটাৰ গুঠিম ?’
কৰিডৰত কোনোবা এটাই গাইছে ‘সুৰাত মগন ’ আৰু আন এটাই গাইছে ‘ঊল গুঠিব জানানে,…..’