বিনিময় (-জ্যোতি সংগীতা দত্ত)

: জানা নাৰিকলজোপাৰ এটা পাত সৰিছে,
আকাশত দুখন ৰামধেনু ওলাইছে,
বিশ্বাস নহয় মোৰ
: মোকো চুব দিবা তোমাৰ আকাশৰ ৰামধেনু ?
: ….

আচলতে গোটেই পৃথিৱীখন বেচি দিব পৰাকৈ একো নাছিল
মাথোঁ কথাৰ আৱেগতে
সলাব পাৰি জানো হৃদয়?
হয়তো ঠিকেই নাছিল সময়
অথবা তুমি
অথবা মই
মাজত এতিয়া শতিকাজোৰা মৰিশালী
দোকোলটকা বৰষুণত তিতি তিতি
এটা মাতত ৰাতিটো উৱলিছে
: জানা মই মৰি যাব পৰাকৈ বৰষুণ হৈছে |
: …..
কিবা ক’বলৈ চিনি পাব নোখোজো বৰষুণজাক
মোৰ চোতালখন গৰকি কেতিয়াবাই সিহঁত আঁতৰি গৈছে
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!