বিবাহ – কোনদিশে ধাৱমান সমাজ? – আশাদীপা শইকীয়া

“বিবাহ”—-দুখন হৃদয়, দুজন নৰ-নাৰীক জন্ম জন্মান্তৰৰ বাবে অটুট বান্ধোনত বান্ধি দিয়া এটি মিঠা অনুভূতিৰে পৰিপূৰ্ণ শব্দ, এক সামাজিক বান্ধোন৷ যিহেতু আমি সমাজ পাতি বাস কৰো, সেয়েহে সেই বান্ধোনেৰে এহাল পুৰুষ-স্ত্ৰীক যুগ্মজীৱনৰ স্বীকৃতি দিয়া হয়৷ অতীজৰে পৰা ভাৰতীয় সমাজ ব্যৱস্থাত বিবাহে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে৷ পূৰ্ণবয়স্ক ল’ৰা-ছোৱালীক বিয়া পাতি দিয়াটো আমাৰ সমাজৰ এক সামাজিক প্ৰথা৷ কিন্তু, বৰ্তমান বিশ্বায়নৰ যুগত ভোগবাদী সমাজ ব্যৱস্থাত অতীতৰ বিবাহ পদ্ধতিৰ লগত বৰ্তমানৰ বিবাহৰ এক বৃহৎ তফাৎ আহি পৰিছে৷ কাৰণ, আমাৰ সমাজৰ প্ৰায় সংখ্যকেই বস্তুকেন্দ্ৰিক বা ব্যক্তি কেন্দ্ৰিক মানসিকতাৰ লোক৷ যিমানেই আগতকৈ পঢ়া -শুনা, পোছাক-পৰিচ্ছদ, কথা-বতৰাত আধুনিক হৈছে, সিমানেই মানুহৰ মনবোৰ বৰ্বৰ আৰু বিষাক্ত হবলৈ গতি কৰিছে৷ এজনী ছোৱালীক বিয়া দি আন এখন ঘৰলৈ উলিয়াই দিবলৈ অভিভাৱকে বহুবাৰ ভাবি চাবলগীয়া অৱস্থা বৰ্তমান আমাৰ অসমতো আহি পৰিছে৷ কিয়নো, যি আগ্ৰহ আৰু হেঁপাহেৰে উপযুক্ত বয়সত “কন্যাদান”ৰ গৌৰৱৰে তেওঁলোক উৎফুল্ল হ’ব, ঠিক তাতোকৈ বেছি দুখলগাকৈ শহুৰৰ ঘৰত যৌতুকৰ বলি হোৱা তেওঁলোকৰ মৰমৰ কন্যাৰ শৱটো হয়তো প্ৰত্যক্ষ কৰিব লগা হব পাৰে৷ অত্যাচাৰৰ সন্মুখীন হোৱা খুব কম সংখ্যক নাৰীয়েহে সেই সম্পত্তিৰ লোভত অন্ধ হোৱা বৰ্বৰ মানুহজাকৰ হাতৰ পৰা কথমপি প্ৰাণটো বচোৱাৰ নজিৰ দেখা পোৱা যায়৷ ক্ষমতাৰ লোভ, সম্পত্তিৰ মোহে বৰ্তমান এক শ্ৰেণীৰ মানুহক সম্পূৰ্ণৰূপে দানব কৰি তুলিছে৷ সমাজৰ প্ৰতিজন সচেতন লোককে ভবাই তুলিছে যে, সঁচাকৈয়ে “বিবাহ” কোনো ক্ষেত্ৰত সমাজৰ একাংশৰ বাবে সুলভ ব্যৱসায়ত পৰিণত হৈছে নেকি?

প্ৰখ্যাত কবি মিল্টনে কৈছিল—–“নাৰী ভগৱানৰ অন্তিম শক্তি৷” নাৰীক বেদমাতা গায়ত্ৰী বুলি স্তুতি কৰা হয়৷ সৃষ্টিৰ পাতনিৰে পৰা এগৰাকী নাৰীয়ে সমাজৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ নাৰী-পুৰুষ একেখন সমাজৰে বাসিন্দা৷ তেনে ক্ষেত্ৰত নাৰীক সদায় অবদমিত কৰি ৰখা হয় কিয়? বৈদিক যুগত নাৰী আৰু পুৰুষৰ স্থান সকলোতে সমান আছিল৷ আনকি যাগ -যজ্ঞাদিতো৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও তেওঁৰ কৰ্মৰ সংগী হিচাপে লিখনিৰ মাধ্যমেৰে নাৰীক উচ্চ স্থানত অৱতীৰ্ণ কৰাই গৈছে৷ বৰ্তমান ভাৰতীয় সংবিধানেও নাৰীক শিক্ষা, সংস্কৃতি, ৰাজনীতি, সকলোতে পুৰুষৰ সমানে অধিকাৰ প্ৰদান কৰিছে যদিও ধৰ্ষণ, যৌতুক আদিৰ দৰে সমস্যাবোৰৰ পৰা নাৰী এতিয়াও মুক্ত হব পৰা নাই৷ কি আঢ্যৱন্ত, কি দৰিদ্ৰ পৰিয়ালৰ নাৰী কোনো এই সমস্যাৰ পৰা আঁতৰত নহয়৷

যৌতুক লোৱা প্ৰথা ভাৰতীয় সমাজৰ এক বৃহৎ ব্যাধি৷ যিটো প্ৰথা অতি ঘৃণনীয় আৰু নাৰীৰ বাবে অপমানজনক৷ পূৰ্বতে পিতৃ-মাতৃয়ে ছোৱালীজনী নতুন ঘৰখনত গৈ বিপদত নপৰক বুলিয়েই অতি প্ৰয়োজনীয় সামগ্ৰী সমূহ লগত দিছিল, যাক কোৱা হৈছিল— “গা ধন” বুলি৷ কিন্তু, পৰৱৰ্তী সময়ত সেয়াই যৌতুকলৈ পৰিণত হ’ল৷ যৌতুক দিব নোৱাৰাৰ বাবে কোনো কোনো ঠাইত বিয়া ভাগি যোৱাৰ দৃষ্টান্তও আছে৷ আজিকালি বৰ্ধিত হাৰত বাঢ়ি অহা যৌতুক প্ৰথা নাৰী সমাজ তথা অভিভাৱকৰ বাবে এক সমাধানবিহীন সমস্যা হৈ পৰিছে৷ নিজৰ পুত্ৰক “মানুহ” কৰিব নোৱাৰি “বোৱাৰী”ৰ ঘৰখনক উপাৰ্জনৰ আহিলা বুলি ভবা লোকসকল কেৱল অশিক্ষিত বা দৰিদ্ৰ পৰিয়ালৰে নহয়, বহু অভিজাত মুখাপিন্ধা ভদ্ৰ ঘৰৰ মানুহেও এনে কাম কৰা দেখিবলৈ পোৱা যায়৷ এই সমস্যাত জুৰুলা হৈ কিমান নাৰীয়ে শাৰীৰিক-মানসিক অত্যাচাৰ সহি মৃত্যুবৰণ কৰিব লগীয়াত পৰিছে তাৰ হিচাপ নাই৷ অপৰাধী কৰায়ত্ত হলেও টকাৰ বলত জামিন লৈ সমাজত দপদপাই থাকে৷ মাথোঁ, ছোৱালীজনীৰ চিতাৰ জুই কুৰাৰ লগতে আৰু একুৰা জুই জ্বলি উঠে ছোৱালীজনীৰ পিতৃ-মাতৃ তথা আত্মীয়ৰ বুকুৰ ভিতৰত৷

এইখিনিতে এটা মনকৰিবলগীয়া কথা এয়ে যে, কেতিয়াবা নাৰীৰ এই সমস্যা সমূহৰ উদ্ভৱ হয় আন এগৰাকী নাৰীৰ পৰাই৷ পুৰুষে নাৰীক যুগ যুগ ধৰি অত্যাচাৰ চলাই আহিছে, সেয়া সঁচা৷ কিন্তু, মহাভাৰতৰ দিনৰে পৰাই লক্ষ্য কৰিলে দেখা যায় যে, এগৰাকী নাৰীয়েও নাৰীক অত্যাচাৰৰ পৰা ৰেহাই দিয়া নাই৷ এই যৌতুক সম্বন্ধীয় কথা-বতৰাবোৰো প্ৰথম ঘৰখনত নাৰীৰ পৰাই আৰম্ভ হয়৷ সেয়া দৰা পক্ষৰ মাক, ভনী-বাইদেউ বা আন কোনোবা নাৰী৷ বোৱাৰী গৰাকীক প্ৰতি কথাতে দোষাৰোপ কৰা গৰাকীও এগৰাকী নাৰী৷ পুৰুষ সকল সাধাৰণতে দিনটো ঘৰৰ পৰা বাহিৰত থাকে বাবে এইবোৰ কথাৰ পৰা আঁতৰত থাকে বা লক্ষ্য নকৰে৷ কিন্তু, তেওঁৰ কাণ বিষাক্ত কৰা গৰাকী হয় তেওঁৰ মাতৃ, নহলে ভগ্নী বা আন নাৰী৷ কন্যাৰ অভিভাৱক সকলেও বিবাহৰ ক্ষেত্ৰত কেৱল দৰাৰ ঘৰ, চাকৰিত গুৰুত্ব দিয়াতকৈ যদি লৰা বা তেওঁলোকৰ ঘৰখনৰ মানসিকতাৰ ওপৰত ধ্যান দিয়ে, তেতিয়া নিশ্চয় কিছু পৰিমাণে সুস্থ সিদ্ধান্ত লব পাৰিব৷ একাংশ নাৰীয়ে অতীতৰ পৰা চলি অহা ৰীতি-নীতি বোৰকে খামুচি ধৰি থাকে৷ যাৰ বাবে বহু ক্ষেত্ৰত অজ্ঞতা আৰু অন্ধবিশ্বাসৰ বলি হৈ নিজে এনে ধ্বংসকাৰী ধ্যান-ধাৰণাৰ বশৱৰ্তী হোৱা দেখা যায়৷ এই সমূহ সমস্যা গাঁও সমূহত বেছি দেখা যায় নাৰী সকলৰ শিক্ষাৰ অভাৱৰ বাবে৷ ঘৰ বা সমাজৰ উন্নতিৰ বাবে নাৰী এগৰাকী শিক্ষিত হোৱা খুবেই প্ৰয়োজনীয়৷ চৰকাৰে, নাৰী শিক্ষাৰ ব্যৱস্থা হাতত লৈছে যদিও বৰ ফলপ্ৰসূ হোৱা নাই বুলিব পাৰি৷ নাৰী দিৱসৰ কাৰ্যসূচীয়ে আজিও ইটাভাতাৰ শ্ৰমিক মহিলাক স্পৰ্শ কৰিব পৰা নাই, দূৰণিৰ গাঁও সমূহত আজিও শিক্ষাৰ পোহৰ নাৰীৰ জীৱনলৈ অহা নাই৷ যাৰ ফলত সকলোফালেই যন্ত্ৰণা ভোগে একাংশ নাৰীয়ে৷

সমাজৰ সকলো সচেতন লোকেই কামনা কৰে এখন নাৰী-পুৰুষৰ বৈষম্যহীন সমাজৰ৷ কিন্তু, তাৰ মাজতো একাংশ পুৰুষে এতিয়াও নাৰীক “মানুহ” বুলি গণ্য নকৰে৷ নাৰীৰ এখন সুকীয়া মনোজগত আছে বুলি স্বীকাৰ নকৰে৷ সভাই-সমিতিত “নাৰীক সন্মান কৰিব লাগে বুলি” উদ্দাত্ত কণ্ঠৰে ভাষণ দি আহি ঘৰত নিজ পত্নীক যৌতুক বিচাৰি অত্যাচাৰ কৰা পুৰুষো আমাৰ সমাজত আছে৷ যাৰ ঘৃণনীয় মানসিকতাই সমাজ এখনক বিষাক্ত কৰি তুলিব পাৰে৷

এনে পুৰুষৰ পৰা নাৰী সকল নিজে চতুৰতাৰে আঁতৰি থকাই মঙ্গল৷ তদুপৰি নাৰী মানসিক ভাৱে সবল হলেহে যৌতুকৰ দৰে ব্যাধিৰ পৰা হাত সাৰিব পাৰিব৷ এইক্ষেত্ৰত নাৰী গৰাকীৰ সহযোগী হব লাগিব— ঘৰখন, চৰকাৰ, আইন আৰু আমি জনগণ৷ নহলে, আমাৰ “বিবাহ”ৰ বান্ধোন এখন ব্যৱসায়িক চুক্তিপত্ৰত পৰিণত হবলৈ বৰ বেছি সময় নালাগিব৷
■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments