বিবিধতাৰ মাজত চিন্তাৰ একতা ( ৰূপাংকৰ চৌধুৰী )

মনুষ্যৰ আটাইতকৈ মূল্যৱান সম্পদবিধেই হ’ল বিবেক। চিন্তা কৰাৰ শক্তি আন প্ৰাণীতকৈ বেছি বাবেই জীৱ শ্ৰেষ্ঠ মানৱজাতি।এই চিন্তা শক্তিক কামত খটুৱাই উদ্ভাৱনৰ ক্ষেত্ৰখনত বিভিন্ন বৈচিত্ৰময় জীৱন-শৈলীৰ আবিষ্কাৰ কৰি মানুহে নিজৰ সুবিধা অনুযায়ী জীৱন-যাপন কৰি আহিছে। সময়ৰ সৈতে আগবাঢ়ি চিন্তা কৰা শক্তিক মূলধন হিচাপে লৈ উপহাৰ দিছে নিজৰ জাতিটোৰ কামত অহা বহুতো সম্পদ। স্বাভাৱিক জীৱন-শৈলীত চিন্তাৰ ফলত পোৱা সুফলৰ তালিকাখন যথেষ্ট দীঘল।

আনহাতে, একেই চিন্তাৰ ফলত মানৱ সমাজ সাক্ষী হ’ব লগা হৈ আহিছে সময়ে সময়ে বহুতো জটিল বাধা-বিঘিনিৰ। চিন্তাৰ অপ-প্ৰয়োগৰ ফলত সাধাৰণ সুখ শান্তিৰ পৰা বিভিন্ন প্ৰকাৰে বঞ্চিত হৈ আহিছে সাধাৰণ মনুষ্য। চিন্তা শক্তিক লেকাম লগাই তাক সন্তুলিতভাৱে ব্যৱহাৰ কৰিবলৈ অক্ষম হোৱা বাবে আমিবোৰে সময়ে সময়ে সাক্ষী হৈ আহিছোঁ নানা ধৰণ বিভেদ আৰু বৈষম্যমূলক কাৰ্য্য-কালাপৰ। সময়ৰ গতিত এই বিভেদ আৰু বৈষম্যই এনে ৰূপ ধাৰণ কৰে যে দুই ভিন্ন দেশ, ভিন্ন ধৰ্মী, ভিন্ন জাতিৰ বাদেই নিজ ভাতৃ ভগ্নীৰ মাজত সংঘাতৰ ৰূপ লয়। ঠিক তেতিয়াই সেই চিৰ সত্য কথাশাৰী মনলে আহে- মানুহ প্ৰকৃতিৰ দাস।

অনৈক্যৰ মাজত একতাৰ আটাইতকৈ সুন্দৰ উদাহৰণ প্ৰকৃতি। আমি আজিলৈকে ঐক্যমতত উপনীত হ’ব পৰা নাই যে প্ৰকৃতিৰ মূল চালিকা শক্তি কি? বিভিন্ন চিন্তাবিদে নিজ নিজ সামৰ্থ্যানুযায়ী একোটা সিদ্ধান্তত উপনীত হয় কিন্তু সেয়া সৰ্বজন স্বীকাৰ্য্য নহয়। প্ৰকৃতিয়ে এক নিৰ্দিষ্ট ধাৰাত নিজৰ চক্ৰ চলাই গৈছে। আমি মাথোঁ তাক সময় আৰু স্থান সাপেক্ষে নামাকৰণ কৰিছোঁ আৰু নীৰৱে মানি লৈছোঁ। নিজকে শ্ৰেষ্ঠ চিন্তাৰ অধিকাৰী প্ৰাণী বুলি মোহৰ লগাই দিয়া আমিবোৰে মাথোঁ সময়ে সময়ে সাক্ষী হওঁ প্ৰকৃতিৰ অপাৰ ঐশ্বৰ্যৰ। মাজেসময়ে সাক্ষী হওঁ প্ৰকৃতিৰ বিভীষিকাৰ। এনেদৰেই সময়ৰ গতিত প্ৰকৃতি দৌৰি আছে এক স্বনিৰ্ধাৰিত কক্ষপথত।

একতাৰ কথা আৰম্ভ কৰাৰ আগতে অহা কথাটো হ’ল আমিবোৰ অনৈক্য হ’লো কিয় আৰু কেতিয়াৰ পৰা? প্ৰাকৃতিকভাৱে বিভিন্ন জলবায়ুত ডাঙৰ দীঘল হোৱাৰ কাৰণে আৰু জৈৱিক কাৰণত ঠাইভেদে মানুহৰ দেহৰ বৰণ, আকাৰ আদি বেলেগ বেলেগ হয়। সেয়া প্ৰাকৃতিক অনৈক্যতা। সময়ৰ গতিত মানুহৰ চিন্তা ভাৱনাৰ ফলত জন্ম হয় সমাজ ব্যৱস্থা। মানৱ সমাজ ব্যৱস্থা- এক সুষ্ঠচিন্তাৰে প্ৰতিফলন। সমাজ কৰি থকাৰ ফলত কামবোৰৰ ভাগ বতৰা হ’ল। ফলত মানুহৰ বাবে জীৱন যাপন আগতকৈ বহুত বেছি সহজ হ’বলৈ ধৰিলে। শাৰিৰীক শক্তি আৰু চিন্তা শক্তিৰ ভিত্তিত সামাজিক কামবোৰৰ ভাগ বতৰা হ’ল। ঠিক সেই সময়তে দুষ্ট চিন্তা শক্তিৰে পৰিচালিত আমাৰ মাজৰে অতি চালাককিছুমানে সমাজত আৰম্ভ কৰিলে জাতি-ভেদ।

মানৱ সমাজত চিন্তাৰ ফলত প্ৰকট হোৱা আটাইতকৈ নিকৃষ্ট প্ৰথাটোৱে হ’ল জাতি-ভেদ প্ৰথা। এই জাতি-ভেদ প্ৰথা প্ৰাক ঐতিহাসিক যুগৰে পৰা চলি আহিছে। সমাজ ব্যৱস্থাত যেতিয়া মানুহৰ শাৰিৰীক আৰু চিন্তা শক্তিৰ ভিত্তিত কামৰ ভাগ বতৰা আৰম্ভ হ’ল তেতিয়াই সেই বিশেষ কাৰ্য্যত নিয়োজিত ব্যক্তিৰ লগতে তেখেতৰ সমগ্ৰ পৰিয়ালকে সেই বিশেষ কৰ্মৰ জাতি বুলি বিশেষণ দিয়া প্ৰক্ৰিয়া আৰম্ভ হ’ল। বংশানুক্ৰমে সেই ব্যক্তিজনৰ পিছৰ প্ৰজন্মই শাৰিৰীক আৰু চিন্তা শক্তিৰ জোখাৰে সেই কামৰ বাবে উপযুক্ত নোহোৱা সত্ত্বেও জোৰ-জবৰদস্তি সেই কাৰ্য্যত নিজকে নিয়োজিত কৰিবলৈ বাধ্য কৰা হ’ল ইতিমধ্যে শক্তিশালী হৈ উঠা মানৱ সমাজ ব্যৱস্থাই। এই প্ৰক্ৰিয়াত বহুতো যোগ্য ব্যক্তিয়ে নিজৰ আগ্ৰহ থকা কৰ্মত দক্ষতা দেখুওৱাৰ পৰা বঞ্চিত হ’ল। কালক্ৰমে বিভেদকামী মানসিকতা গা কৰি উঠিল চৌদিশে। জন্ম হ’ল বিদ্ৰোহৰ। ঐক্যতাৰ মাজত অনৈক্যৰ যাত্ৰাৰ সেয়া যেন আছিল আৰম্ভণি।

স্থান-কাল ভেদে নিজ নিজ চিন্তা আৰু দৰ্শনৰ ফলত মানৱ সমাজত গা কৰি উঠিল অস্থিৰতা। এই অস্থিৰতাৰ কাৰক হ’ল চিন্তাৰ বিবিধতা। বেলেগ বেলেগ চিন্তাধাৰাত বিশ্বাসী মানুহবোৰৰ মাজতে এই সময়তে জন্ম পালে উপাসক। ধৰ্মৰ আবিৰ্ভাৱ এইসময়তে হয় মানৱ সমাজত। সকলো ধৰ্মৰে মূল উদ্দেশ্য সৰ্বদা যোগাত্মক। মানৱ সমাজক এক গোট কৰি বান্ধি ৰখাই যেন উদ্দেশ্য সকলো ধৰ্মৰ লাগিলে সেয়া হিন্দুই হওক, ইছলামে হওক বা খ্ৰীষ্টিয়ানে হওক বা আন কিবা। সকলো ধৰ্মৰ মূল উদ্দেশ্যই হ’ল সমাজত শান্তি আৰু সদ্ভাৱনা বৰ্তাই ৰখা। উপাসনাৰ দ্বাৰা মানুহে খং-ৰাগ নিয়ন্ত্ৰিত কৰি এক আধ্যাত্মিক আৰু যোগাত্মক শক্তি লাভ কৰিব পাৰে। সময়ৰ সোঁতত কিন্তু মানুহৰ মাজত ধাৰ্মিক বিভাজনে সমস্যাৰ সৃষ্টি কৰিলে। সৃষ্টি হ’ল বৈসম্যৰ যাৰ বাবে জীৱ শ্ৰেষ্ঠই যুদ্ধ-বিগ্ৰহৰ দ্বাৰা নিজকে ধ্বংস কৰাৰ যেন প্ৰতিযোগিতাহে চলালে। ঐক্যতাৰ মাজত অনৈক্যৰ বাবে ধাৰ্মিক মতভেদে পৰিস্থিতি অধিক তিক্ততাপূৰ্ণ কৰি তুলিলে।

Article_2_Images

নিজৰ মাজত ভাৱৰ আদান-প্ৰদান কৰিবলৈ মানৱ সমাজত ভাষাৰ আবিৰ্ভাব হ’ল। ভাষাও মানুহৰ চিন্তাৰে ফচল।বহুত কথা সহজ হৈ পৰিল এজনে আন এজনক বুজাবলৈ ভাষাৰ লিখিতৰূপে মানুহক নিজ নিজ সময়ৰ ঘটনাৱলীক লিপিবদ্ধ কৰিবলৈ বিশেষ সহায় কৰিলে। ইয়াৰ দ্বাৰা আমি বুৰঞ্জীৰ সোৱাদ পালোঁ। পৃথিৱীৰ বিভিন্ন স্থানত ভাষাই নিজ নিজ ৰূপত বিকশিত হ’ল। যোগাত্মক চিন্তাৰ দ্বাৰা ভৱিষ্যত প্ৰজন্ম বাৰুকৈ লাভান্বিত হ’ল। অতীতৰ ভালবোৰক মূলধন কৰি বেয়াবোৰক প্ৰতিহত কৰিবলৈ বিভিন্ন ভাষাৰে লিপিবদ্ধ বুৰঞ্জীয়ে মনুষ্যক যথেষ্ট সহায় কৰিলে। মানুহৰ চিন্তা শক্তিৰ ইমান যোগাত্মক উপাদানবিধকো কিন্তু এচামে আৰম্ভ কৰিলে বিভেদকামী অস্ত্ৰৰূপে। জাতি-বৰ্ণ আৰু ধৰ্ম-ভেদ প্ৰথাৰ পিছত গা কৰি উঠিল সমাজখন ভাষাৰ ভিত্তিত বিভাজিত কৰাৰ অন্য এক প্ৰচেষ্টাৰ।

সমাজৰ এই কু-চিন্তাৰ ফলত জাগ্ৰত হোৱা কু-সংস্কাৰৰ পৰা মুক্ত কৰিবলৈ সময়ে সময়ে মাগদৰ্শন কৰি আহিছে সমাজ সংস্কাৰকসকলে। যুগে যুগে তেওঁলোকে দেখুৱাই আহিছে আমাক সঠিক পথ। ইতিহাসৰ পৃষ্ঠাত সেয়া লিপিবদ্ধ হৈ আছে আমাক পৰিচালিত কৰিবলৈ সৎ পথে।তাৰ পিছতো দেখা
দিছে ন-ন সমস্যাই যি একতা আৰু অখণ্ডতাৰ বাবে ভাবুকিৰ সৃষ্টি কৰি আহিছে।

পৃথিৱীৰ আন প্ৰান্তৰ দৰেই আমাৰ দেশ ভাৰতবৰ্ষতো বহুত বিবিধিতা আছে। সেই বিবিধতা লাগিলে জাতি-বৰ্ণভেদে হওক বা ধৰ্মভেদে হওক নাইবা ভাষাৰ ভিত্তিত হওক। আমাৰ দেশৰ জন-গাঁথনি বৰ জটিল। ভৌগলিক ক্ষেত্ৰতো আমাৰ দেশত আছে যথেষ্ট বিবিধতা। জটিল জন-গাঁথনি আৰু ভৌগলিক বিবিধতাৰ পিছতো কিন্তু আমাৰ দেশত সকলো ধৰ্ম, ভাষা, জাতি-বৰ্ণৰ মানুহে সমিলমিলেৰে সামাজিক জীৱন যাপন কৰি আহিছে। ইয়াৰ মাজতো এচামে সময়ে সময়ে ধৰ্ম, ভাষা, জাতিৰ গইনা লৈ বিভেদৰ বীজ ৰোপণ কৰাৰ অহৰহ চেষ্টা চলাই আছে নিজৰ কু-চিন্তাৰ দ্বাৰা পৰিচালিত হয়। সাধাৰণ নাগৰিকে কেতিয়াবা আবেগৰ ঢৌত উটি-ভাঁহি বিপথে পৰিচালিত নোহোৱা নহয়। কিন্তু সেয়া সাময়িক। মনৰ খিড়িকী যেতিয়াই সাধাৰণ নাগৰিকে মেলি দিছে আৰু উদাৰ চিন্তাধাৰাক আদৰি লৈছে তেতিয়াই এই বিভেদকামী শক্তিসমূহ নস্যাৎ হৈছে।  বিবিধতাক এতিয়া ন-সাজেৰে সজাই তোলা সহজ নহয়। এতিয়া আমি সকলোৱে বিশেষকৈ নতুন প্ৰজন্মই চেষ্টা অব্যাহত ৰাখিব লাগিব বিবিধতাৰ মাজত নিজৰ ঐক্যতা সঠিক পথেৰে আগুৱাই লৈ যাবলৈ। এয়াই উপযুক্ত সময়, নিজৰ চিন্তাশক্তিক ঐক্যতাৰ দোলেৰে বান্ধি যোগাত্মক চিন্তাধাৰাক প্ৰসাৰিত কৰি আগুৱাই লৈ যাবলৈ।

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰাজনীশ
6 years ago

ধুনীয়া হৈছে লগতে পঢ়ি সন্তুষ্টি পালো অাৰু প্ৰচাৰৰ বাবে প্ৰৱন্ধটি কপি কৰিলো।

Robin
3 years ago

বৰ সুন্দৰকৈ লিখিছ। পঢ়ি উপকৃত হ’লো।

Copying is Prohibited!