বিভ্ৰম (যুগল চন্দ্ৰ বৰা)

বিভ্ৰম

সিদিনা ৰাতিও আনদিনাৰ দৰে অনিলহঁতৰ ঘৰত ভাত-সাজ খাই নানা কথাৰ মহলা মাৰি ঘৰলৈ উভতিছোঁ৷ তেতিয়া নিশা প্ৰায় এঘাৰমান বাজিছিল৷ লুংলুঙীয়া বাটটোৰ বাদে যেন পৃথিবীৰ আন সকলোৱেই টোপনিত লালকাল দিলে৷ চৌদিশে নিজম-নিতাল৷

মই নিসংগতাৰ অনুভুতি পাহৰি পথাৰৰ মাজৰ ৰাস্তাটোৰে আগুৱাই গৈ আছোঁ—অনিলে এই ৰাস্তাটোতে দেখা ভূতৰ ৰহস্যময় মায়াজালৰ কথাকে ভাবি ভাবি৷

আজি অনিলে যিটো ভূতৰ কাহিনী ক’লে সেইটো জানো সঁচা ? সি হেনো এদিন দুভাগ নিশা এই ৰাস্তাটোৰে অকলশৰে চাইকেলেৰে আহি আছিল৷ হঠাৎ গোটেই ৰাস্তাটো গছ-গছনিৰে ভৰি পৰি বাট-পথ নিঃচিহ্ন হৈ গ’ল৷ অন্ধকাৰ ৰাতি হাবিৰ মাজেদি আগুৱাই যোৱাত যেনে ধৰণৰ অসুবিধা হয় ঠিক অনিলৰো তেনে গতিয়েই হ’ল৷ সি সাহসী ল’ৰা৷ চিন্তা কৰি চালে- ৰাস্তাৰ মাজলৈনো ক’ৰ পৰা গছ-গছনি আহিব ? সেয়ে সি মৰসাহ কৰি চাইকেলৰ পেডেল ঘূৰাই হাবিৰ মাজেৰে অগুৱাই গ’ল৷ পিছে গছ-গছনিবোৰ চাইকেলত নালাগিল৷ সেইবোৰ মাথো চকুৰ সমুখত দেখি গৈ থাকিল৷ এইদৰে গৈ যেতিয়া কাঠৰ দলংখন পালেগৈ তেতিয়া চাউৎকৈ যোৱা যেন কিবা এক অনুভুতি সি উপলব্ধি কৰিলে৷ লগে লগে গছ-গছনিবোৰ ৰাস্তাৰ পৰা অন্তৰ্ধান হ’ল৷ তেতিয়া অনিলৰ গাটো জিকাৰ খাই গ’ল আৰু গাৰ নোমবোৰ ডাল ডাল হৈ পৰিল৷ তাৰ পিছত পোহৰ পোহৰ যেন লাগিল আৰু ৰাস্তাটোৰ বাকীচোৱা স্বাভাৱিক হৈ পৰিল৷ সি পিছলৈ ঘূৰি চাই দেখে– ৰাস্তাটোত সি দেখি অহা হাবিখন নাই৷

অনিলে কোৱা ভৌতিক কাহিনীটোৰ কথাকে ভাবি ভাবি আহি কেতিয়ানো ঘৰৰ ওচৰ পালোহি গমকে নাপালো৷ নিচেই ক্ষীণ পোহৰৰ দুবেটেৰীয়া টৰ্চটোৱে ৰাস্তাৰ সমুখভাগ দেখুৱাই নি আছে৷ এনেতে আমাৰ পদূলিৰ জেউৰাৰ কাষত থকা নাৰ্জি ফুলজোপাৰ আঁৰ লৈ জুপুকা মাৰি বহি থকাৰ পৰা উঠি ভূত পোৱালী কেইটামান যেন দৌৰি গৈ অন্ধকাৰত মিলি গ’ল—এনে দেখা পালোঁ৷ পিছ মুহূৰ্ত্ততে এজনী ভূতুনীয়ে তাইৰ হাত দুখন দাঙি নেলু চেপিবলৈ অহা ভঙ্গিমাত মোৰ ফালে চোঁচা লৈ অহা দেখা পালোঁ৷ লগে লগে মোৰ গাটো শিঁয়ৰি উঠিল৷ মই দুঃস্বপ্ন বিভোল লোকৰ দৰে অস্ফুত শব্দেৰে “ আঁ আঁ—“ কৰি আত্ম ৰক্ষাৰ চেষ্টা কৰি হাতৰ ‘এভাৰেডি’ টৰ্চটো ভূতুনিজনীৰ মূৰলৈ বুলি লক্ষ্য কৰি মাৰি দিলোঁ৷ তাই তৎক্ষনাতে দুহাতেৰে মোৰ হাতত থাপ মাৰি ধৰি নিজৰ মূৰটো ফটাৰ পৰা ৰক্ষা কৰিলে৷ চেপা চেপা কন্ঠেৰে তাই ক’লে, “ নেমাৰিব৷ নে –মা—৷” মই ৰৈ গ’লো আৰু তাইক প্ৰশ্ন কৰিলো, “ তই কোন ?” তাই ক্ষীণ স্বৰত উত্তৰ দিলে, “ মই ভানু শইকীয়াৰ ঘৈণীয়েক৷ কিয়, ককাইদেৱে মোক চিনিব পৰা নাই নেকি ? “

স্বপ্নলোকৰ পৰা ঘুৰি আহি টোপনিৰ পৰা উঠাই দিয়াজনক কোৱাৰ দৰে মই ক’লো, “ অঁ পাইছো চিনি৷ তই এই ৰাতিখন ইয়াত কি কৰিছ ? আজি তোৰ মাথাটো গুড়ি হ’লহেতেন৷ মই তোক ভূতুনী বুলি ভাৱিছিলোঁ৷”

“ নক’ব আৰু ককাইদেউ, বাপেকটোৱে মদ খাই আহি ল’ৰা-ছোৱালী কেইটা মাৰি পেলাব ধৰিছিল৷ কথমপি সিঁহতৰ প্ৰাণ ৰক্ষা কৰি দৌৰি আহি ইয়াতে লুকাই ৰাখিছিলো৷ সিঁহতকেইটাই আপোনাকে দেউতাক বুলি ভাৱি ভয় খাই কেনিবা দৌৰি পলাল৷ এইবোৰ বৰ লাজৰ কথা ককাইদেউ৷ আপুনি কাকো নক’ব৷”

ইতিমধ্যে কোনোবা ফালৰ পৰা আহি ল’ৰা-ছোৱালী কেইটা মাকৰ কাষত থিয় দিলেহি৷
মই পুনৰ তাইক খঙেৰে সুধিলো, “তইনো মোৰ নেলু চেপিবলৈ খেদি আহিছিলি কিয় ?”
তাই ক’লে, “ আপুনি আমাক চোৰ বুলি ভাৱি চিঞৰ-বাখৰ লগাব বুলিহে মনে মনে থাকিবলৈ ইংগিত দি আপোনাক কথাটো ক’বলৈ ওচৰ চাপি আহিছিলোঁ৷ আপুনি ভুল বুজিলে আক’৷”

“ভানুৱে কিহৰ খঙতনো ৰাতিখন ল’ৰা-ছোৱালী কেইটাক শাস্তি দিছে ?”

মোৰ প্ৰশ্নৰ উত্তৰত তাই বৰ দুখেৰে ক’লে, “ মানুহটোৱে চাকৰিটোৰ বাবে টকা পাঁচ লাখ ঘোঁচ দিও চাকৰি নাপালে৷ এতিয়া লৈকে খুজি খুজিও টকাখিনি ঘূৰাই পোৱা নাই৷ এইবোৰ বেজাৰতে মদ খাবলৈ ধৰিলে৷ খুৱাব-পিন্ধাব নোৱাৰি ইহঁত কেইটাক মাৰি পেলাব ধৰে৷ মানুহটো পগলাৰ দৰে হ’ল ককাইদেউ৷” কথাখিনি কৈ তাই হুকহুকাই কান্দি দিলে৷

“ এই ৰাতিখন ইয়াত কন্দা –কটা কৰি লাভ নাই৷ ব’ল ব’ল তঁহতক ঘৰত থৈ আহোঁ ; ভানুক দোকান এখন দিয়াব নোৱাৰিলি–ইমানবোৰ টকা আছিল যদি৷ নে চাকৰি কৰি বাহিৰা টকা ঘটাৰ ধাণ্ডা আছিল ?” মোৰ কথাবোৰ তাই নীৰৱে শুনি গ’ল৷

সিহঁতক ঘৰত থৈ আহিলো আৰু ময়ো ঘৰলৈ আহি বিছনাত পৰিলোঁ৷ ভাবিলো—আমাৰ সমাজত বহুতো ভানু আছে আৰু সিঁহতৰ পৰা ধন লোৱা বহুতো মুখা পিন্ধা ভব্য-গব্য লোক আছে৷ এইবোৰৰ প্ৰতিবাদ কৰি সমাজখন নিকা কৰিবলৈ ৰাইজ বাৰু কেতিয়াবা মাৰ বান্ধি ৰাজপথলৈ ওলাই আহিবনে ? নে ময়ে ফিৰিঙটি হৈ পৰোঁ ?? ভাবি ভাবি পাৰ নাপাওঁচোন৷ অকলে যুঁজ দিবলৈ গ’লে আকৌ মানুহে ক’ব , “ কচু গাঁৱৰ ভোগেশ্বৰ বোলা ল’ৰাটো পগলা হ’ল৷” কি কৰোঁ ?

চাকৰিৰ বাবে পাঁচ লাখ টকা কোনোবা দৈত্য-দানবক দি সিঁহতক বৰভোজ খুৱাই নিজে লঘোনত থাকি পগলা হোৱা নিবনুৱা স্নাতক ভানু শইকীয়া নামৰ যুৱকজনৰ ঘৈণীয়েকক ঘটনাক্ৰমে যে ভূতুনী বুলি টৰ্চ লাইটেৰে কোব মাৰিছিলো সেই কথা কিন্তু লাজতে আজি পৰ্য্যন্ত অনিলকো কোৱা নাই৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments