বিমুক্ত প্রহৰ (মনোহৰ দত্ত)

বিমুক্ত প্রহৰ

মনোহৰ দত্ত

নৈসৰ্গিক____
মোৰ হৃদয়ত
তোমাৰ নীৰৱ কবিতাই
শব্দহীন সঁজুলিৰে
নৈসৰ্গিক সাঁকো সাজে|

***

কাল্পনিক____

মোক এটি সুস্মিত হাঁহি দিয়া
সূতা নোহোৱাকৈয়ে উৰুৱাই দিম
নানাৰঙী চিলা|

***

বাস্তৱিক____

পানীডোঙাটোৰ কাৰণে
কেইবা মাহ জুৰি
পোৱা নাছিলো তোমাৰ চিঠি|

————————

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!