ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

বিল গেট্‌চৰ বিলৈ : অপূৰ্ব কলিতা

বিল গেট্‌চৰ বিলৈ

অপূৰ্ব কলিতা

মাইক্ৰ’চফ্টৰ মালিক বিল গেট্‌চে অসমৰ নবীনৰ চিঠি এখন পাই অধ্যক্ষ পদৰ পৰা অৱসৰ ল’লে। কি আছিল চিঠিখনত ?
.
.
মাননীয় বিল গেট্‌চ ডাঙৰীয়া, মৰম ল’ব। কেনে চলি আছে আপোনাৰ। মোৰ ভালেই দিয়ক। কেইটামান প্ৰশ্নই মোৰ চুপাৰ ডুপাৰ হিট মগজুত জিংগা লালা হু নৃত্য কৰি আছে। ভাবিলোঁ আপোনাক সুধিয়েই পেলাওঁ। মোৰ প্ৰশ্নবোৰ হল —

১ ) কম্পিউটাৰৰ কী-ব’ৰ্ডৰ আখৰবোৰ উল্টা-পুল্টাকৈ আছে। আমাৰ স্কুলত A,B,C এনেকৈহে শিকাইছিল। আপুনি ভুলতে Q,W,E,R এনেকৈহে দিলে। মোৰ অনুৰোধ অতি সোনকালে ইয়াক শুধৰাই লওক নহ’লে নতুনকৈ ABCD শিকিবলৈ লোৱা শিশুবোৰে ভুলকৈ শিকিব।
২) কম্পিউটাৰটোত অকল Start হে আছে, কিন্তু Stop কিয় নাই?
৩) মই MS WORD ব্যৱহাৰ কৰি আছোঁ, কেতিয়াকৈ MS SENTENCE উলিয়াব ?
৪) ইয়াত অকল Recycle হে আছে , Re Scooter, Re Car, Re Truck কিয় নাই?
৫) শেষ আৰু ফাইনেল প্ৰশ্ন, আপোনাৰ নামৰ পিচত গেট হে আছে যে, Window নাই নেকি ঘৰত? নিজেই Window সাজে অথচ গেট হে আছে?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!