বিশ্ব ব্ৰহ্মাণ্ডৰ আৰম্ভণি, সময় আৰু ভগৱান- পুলকেশ শৰ্মা
আমি বাস কৰা পৃথিৱীখন গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ এটি নগণ্য অংশ মাথো৷ বিশ্বব্ৰহ্মাণ্ডখন অগণন তাৰকাৰাজ্যৰে (Galaxy) গঠিত৷ পৃথিৱী বা সৌৰজগতখন হাতীপটি (Milky way) নামৰ এখন তাৰকাৰাজ্যৰ সদস্য৷ কেতিয়াবা ভাবিবলৈ মন নাযায়নে যে এই বিশাল বিশ্ব ব্ৰহ্মাণ্ডখন ক’ৰ পৰা কেনেকৈ উৎপত্তি হ’ল? ষ্টিফেন হকিংছৰ আগলৈকে মোটামুটি ভাবে সকলোৱে ধৰি লৈছিল যে একমাত্ৰ ভগৱানৰহে সেই শক্তি আছে যিয়ে ইমান জটিল বিশ্বব্ৰহ্মাণ্ডখন তৈয়াৰ কৰিব পাৰে৷ আইনষ্টাইন বা নিউটনেও বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি সম্পৰ্কত ভগৱানকেই বিশ্বাস কৰিছিল কাৰণ তেওঁলোকৰ সূত্ৰসমূহে বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টিৰ পিছৰ পৰিঘটনা সমূহৰহে ব্যাখ্যা আগবঢ়ায়৷ ষ্টিফেন হকিংছৰ মতে ভগৱান নাই৷ বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ আগত সময় আছিল শূন্য৷ গতিকে কোনো শক্তি বা ভগৱানে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিবলৈ সময় পোৱা নাছিল৷ কাৰণ সময় আৰম্ভ হয় বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ পাছতহে৷ বিশ্বব্ৰহ্মাণ্ডখন ক’ৰ পৰা কলৈ গৈ আছে? ইয়াৰ আদি কি? অন্ত ক’ত? সময় কি? ইয়াৰ আৰম্ভণি ক’ত? শেষ ক’ত? আমি সময়ৰ লগত যাত্ৰা কৰি ভবিষ্যতলৈ বা অতীতলৈ যাব পাৰো নেকি? ইত্যাদি কিছুমান প্ৰশ্নৰ বিজ্ঞানসন্মত উত্তৰ দিবলৈ ষ্টিফেন হকিংছে অহৰহ গৱেষণা চলাই আহিছে৷
কুৰি শতিকাৰ আগভাগলৈকে বিশ্বব্ৰহ্মাণ্ডখন স্থৱিৰ বুলি ভবা হৈছিল৷ এক অসীম সময়ৰ পৰা চলি অহা অসীম আকৃতিৰ বিশ্বব্ৰহ্মাণ্ডখনৰ না প্ৰসাৰ আছে না সংকোচন আছে৷ এইটোৱেই আছিল সেই সময়ৰ চলিত মতাদৰ্শ৷ 1929 চনত পোনপ্ৰথমে Edwin Hubble এ লক্ষ্য কৰে যে তাৰকাৰাজ্যবোৰ ইটো সিটোৰ পৰা আঁতৰি গৈ আছে৷ তাৰ অৰ্থ হল বিশ্বব্ৰহ্মাণ্ড খনৰ সদায় প্ৰসাৰ হৈ আছে৷ আৰু এই পৰিঘটনাক কেন্দ্ৰ কৰিয়েই হকিংছে তেওঁৰ বিখ্যাত Big Bang Theory আৱিষ্কাৰ কৰিছে৷ তেওঁৰ মতে যিহেতু ব্ৰহ্মাণ্ডখন প্ৰসাৰ হৈ আছে, কোনো নিৰ্দিষ্ট সময়ৰ আগত গোটেই ব্ৰহ্মাণ্ডখন একগোট হৈ আছিল, য’ৰ পৰা ব্ৰহ্মাণ্ডখনৰ প্ৰসাৰ আৰম্ভ হৈছিল৷ ওলোটা হিচাপ বা Back Calculation কৰি পোৱা যায় যে অতীতত এনে এক সময় আছিল, প্ৰায় দশ হাজাৰৰ পৰা বিশ হাজাৰ মিলিয়ন বছৰ আগতে, গোটেই বিশ্বব্ৰহ্মাণ্ডখন একেলগে এটা ঠাইতেই আছিল আৰু সেইকাৰণে সেইসময়ত পৃথিৱীৰ ঘনত্ব বা density আছিল অসীম বা infinite৷ এই আৱিষ্কাৰেই হল বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ এক বৈজ্ঞানিক ভিত্তি৷ এই পৰ্য্যবেক্ষণ মতেই এনেকুৱা এটা সময় আছিল যাক Big Bang বা মহানাদ বুলি কোৱা হয়, যেতিয়া ব্ৰহ্মাণ্ডখন ক্ষুদ্ৰাতিক্ষুদ্ৰ আছিল আৰু যাৰ ঘনত্ব আছিল অসীম৷ এনেকুৱা সময়ত বিজ্ঞানৰ সকলো নিয়ম কাৰ্য্যহীন হৈ পৰে আৰু সেইকাৰণে ভৱিষ্যতৰ পূৰ্বাভাষ দিব পৰা সকলো ঘটনা কাৰ্য্যহীন হৈ পৰে৷ ইয়াৰ আগত হোৱা কোনো ঘটনাৰ লগত আজিৰ পৰিবেশৰ কোনো সম্পৰ্ক নাই বা তেনে কোনো ঘটনাৰ সাক্ষ্য নাই৷ ইয়াৰ আগৰ সময়ৰ কোনো ব্যাখ্যাও নাই৷ মহানাদ বা Big Bangএই হল সময়ৰ আৰম্ভণি৷ হকিংছৰ মতে যিহেতু ব্ৰহ্মাণ্ডখন প্ৰসাৰ হৈ আছে তাৰ এটা বাস্তবিক সত্য এইটো যে ব্ৰহ্মাণ্ডৰ কৰবাত আৰম্ভণি থাকিবই আৰু কোনোবাই যদি ভগৱান বিশ্বাস কৰে তেন্তে Big Bang ৰ পিছতহে তেওঁৰ অস্তিত্ব বিশ্বাস কৰা উচিত, যদিও বৈজ্ঞানিক ভিত্তি নাই৷
সঠিক আৰু ভাল ঘড়ী এটা থাকিলে আমাৰ সকলোৰে কাৰণে সময় একে, মানে time is absolute. কিন্তু আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ মতে পোহৰৰ গতিবেগ বা তাতকৈ অলপ কম বেগত যোৱা বস্তুৰ বাবে সময় Absolute নহয়৷ অৰ্থাৎ দুজন বেলেগ বেলগ পৰ্য্যবেক্ষকে চোৱা একেটা মহাজাগতিক পৰিঘটনাৰ সময় বেলেগ বেলেগ হব পাৰে৷ কথাটো এনেকুৱা, যে এই মুহূৰ্তত যদি সূৰ্য্যৰ শক্তি নোহোৱা হৈ পৰে আৰু পোহৰ দিয়া বন্ধ কৰি দিয়ে আমি এই মুহূৰ্তত একো গম নাপাম৷ আমি গম পাম আঠ মিনিট পাছতহে৷ কাৰণ সূৰ্য্যৰ পৰা পোহৰ আহি পাবলৈ আঠ মিনিট সময় লাগে৷ এইধৰণে চালে আকাশত এনেকুৱা বহু তৰা আছে যাৰ পোহৰ আজি আঠ ন হাজাৰ বছৰ আগতেই পৃথিৱীলৈ আহিছে আৰু আজি আহি পাইছেহি৷ অৰ্থাৎ আমি মহাকাশত এই মুহূৰ্তত হোৱা কোনো কথা গম নাপাওঁ৷ যিবোৰ দেখি আছো সেইবোৰ কোনোটো মিনিট, কোনোটো মাহ, কোনোটো বছৰ বা কোনোটো হাজাৰ বছৰ আগত হোৱা ঘটনা৷ মানে আমি অতীতত জীয়াই আছো নেকি? আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ মতে পোহৰৰ বেগত গতি কৰা object ৰ ক্ষেত্ৰত পৰ্য্যবেক্ষক অনুসৰি সময় বেলেগ বেলেগ হব পাৰে৷ অৰ্থাৎ পৃথিৱীৰ পৰা যদি পোহৰৰ বেগত আপুনি অন্তৰীক্ষলৈ যায়, দুই তিনি বছৰৰ পিছত ঘূৰি আহি হয়তো আপুনি দেখিব যে আপুনি এশ বা হাজাৰ বছৰ আগতেই পৃথিৱী এৰিছিল৷ যদি এনেকুৱাই হয়, আমি কি দুৰত্বৰ লেখিয়াকৈ সময় পৰিভ্ৰমণ কৰিব পাৰো নেকি? অতীত বা ভবিষ্যতলৈ যাত্ৰা কৰিব পাৰো নেকি? যদি আগন্তুক দিনত পোহৰ বা তাৰ অধিক বেগত যাত্ৰা কৰিব পৰা যন্ত্ৰ নিৰ্মাণ হয় হয়তো এয়া সম্ভব হবও পাৰে৷ যদি সময় পৰ্য্যটন সম্ভব হয়, তেতিয়া হলে আমি ভবিষ্যত পৰ্য্যটক কিয় দেখা নাপাওঁ৷ UFO সমূহ ভবিষ্যত পৰ্য্যটক নেকি? আইনষ্টাইনৰ সাধাৰণ Relativity য়ে এনে কিছুমান অদ্ভুত কথাৰ সম্ভাবনাও নুই নকৰে৷ যেনে আপুনি আজি মহাকাশৰ মাজলৈ গৈ কালি উভতি আহিলে৷ এয়া যদি সম্ভব হয় তেন্তে আগন্তুক দিনত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত মানুহে সময় যন্ত্ৰ বা time machine সাজি অতীত, বৰ্তমান আৰু ভবিষ্যত ঘূৰি ফুৰাৰ সম্ভাৱনীয়তাক উলাই কৰিব নোৱাৰি৷ ষ্টিফেন হকিংছে লিখিছে, “মই নাভাবো যে মানবতা আৰু হাজাৰ বছৰ জীয়াই থাকিব, যদিহে আমি মহাশূন্য বা অন্তৰীক্ষত নিজকে প্ৰতিষ্ঠা নকৰো৷”
এতিয়া অদ্ভুত কথাটো হল যেতিয়াই আমি বেদ বা বাইবেল বা কোৰান পঢ়ো, কৰবাত নহয় কৰবাত বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ কথা উল্লেখ আছে৷ হিন্দু ধৰ্মৰ মতে আৰম্ভণিতে ব্ৰহ্মাণ্ডখন কণী সদৃশ আছিল, আৰু উত্তাপ বাঢ়ি গৈ জন্ম হৈছিল ব্ৰহ্মাণ্ড৷ ব্ৰহ্মাণ্ড শব্দটো সংস্কৃত শব্দ যাৰ অৰ্থ হল ব্ৰহ্ম বা আদি বা আৰম্ভণি আৰু অণ্ড বা শূন্য বা গোল বা কণী৷ তেতিয়াহলে ষ্টিফেন হকিংছৰ Big Bang Theory আৰু বেদ বা হিন্দু ধৰ্মৰ আদিগ্ৰন্থখন পৰিপূৰক হয়৷ বিজ্ঞানৰ মতে যিটো আজি সঁচা বুলি প্ৰমাণিত হৈছে সেইটো ধৰ্মগ্ৰন্থসমূহত আগতেই উল্লেখ আছে৷ ধৰ্মগন্থসমূহ আজিও প্ৰাসংগিক৷ অৰ্থাৎ ভগৱান প্ৰাসংগিক৷ আচল কথাটো হল আমি যিমানেই বিজ্ঞানৰ সহায়ত সত্যৰ সন্ধান কৰিবলৈ সক্ষম হৈছো সিমানেই ধৰ্মীয় গ্ৰন্থসমূহৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে, বিশেষকৈ বেদৰ৷ যদি সেয়াই হয়, তেতিয়া হলে কলিযুগ শেষ হবলৈ আৰু বেছিদিন নাই৷ মানুহে ভৱিষ্যত বা অতীতলৈ যাব পৰাকৈ সময় যন্ত্ৰ সাজি উলিয়াব পাৰিলে তাৰাকাৰাজ্যবিলাকৰ মাজত পৰিভ্ৰমণ কৰি হয়তো কোনো ভবিষ্যত বা অতীতত মানুহ স্বৰ্গ আৰু ভগৱান দুইটাৰে মুখা-মুখি হব আৰু ব্ৰহ্মাণ্ডৰ একমাত্ৰ সত্য (Absolute Truth) উদ্ভাবন কৰিব পাৰিব৷ হয়তো এইখিনিতে কলিযুগ শেষ হৈ আৰম্ভ হব সত্যযুগ৷
শেষত মানৱতাৰ ওপৰত ষ্টিফেন হকিংছৰ এটা লেখাৰ অসমীয়া অনুবাদেৰে সামৰিছো, “বিশ্ব ব্ৰহ্মাণ্ডত আমি সকলোৱে এজন এজন ভৱিষ্যত পৰ্য্যটক বা time traveller, যিয়ে একলগে ভৱিষ্যতৰ ফালে আগবাঢ়ি গৈ আছো৷ জাতি, ধৰ্ম, বৰ্ণ বাদ দি, মহিলা আৰু শিশুৰ সুস্বাস্থ্য ৰক্ষা কৰি, আমি আমাৰ কৰ্মৰাজি এনেধৰণে কৰি যোৱা উচিত যাতে ভৱিষ্যতে আমি তেনেকুৱাই এখন পৃথিৱী পাওঁ যিখন আমি পাব বিচাৰো৷”
■■