বিশ্ব ৰেকৰ্ডৰ ৰোগত আক্ৰান্ত অসম (হিমজ্যোতি তালুকদাৰ)

 

অসমত বৰ্তমান এক নতুন ৰোগে দেখা দিছে! বিশ্ব ৰেকৰ্ডৰ ৰোগ! যোৱা প্ৰায় এবছৰ মানৰ পৰা এই ৰোগে অসমক বাৰুকৈয়ে আক্ৰান্ত কৰিছে। এটাৰ পাছত অইন এটা সংগঠনে নতুন নতুন ৰেকৰ্ডৰ সৃষ্টিৰ প্ৰচেষ্টা চলাইছে, কিছুমান সফল হৈছে, কিছুমান অসফল হৈছে, কিছুমানৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে। এই যে বিশ্ব ৰেকৰ্ডবোৰ হৈছে তাৰ দ্বাৰা সঁচাকৈয়ে আমাৰ অসমৰ অথবা জাতিটোৰ কিবা লাভ হৈছেনে? বাহিৰা দৃষ্টিত খুবেই গৌৰৱৰ এক বিষয়। পৃথিৱীৰ বৃহত্তম, দীৰ্ঘতম, উচ্চতম ইত্যাদি শব্দবোৰে এক গহীন গহীন বাক্যৰ সৃষ্টি কৰে। কিন্তু আমি সঁচাকৈয়ে ইমান উন্নত এক জাতিনে যে এক কিলোমিটাৰ এখন দীঘল গামোছা শিপীনীৰ দ্বাৰা বোৱাই দিল্লীত প্ৰদৰ্শন কৰি গামোছাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিম। ঠিক আছে কৰিলো, তাৰ পাছত? আমি অনুভৱ কৰোনে যে যিখন গামোছা আমি আজি বিশ্বৰেকৰ্ডৰ বাবে প্ৰদৰ্শন কৰিছো সেই গামোছাৰ অসমত উৎপাদন কিমান? প্ৰতিবছৰে বিহুৰ সময়ত চাহিদা থকা ত্ৰিশ লাখ গামোছাৰ কিমান গামোছা প্ৰতিবছৰে বাহিৰৰ পৰা অসমলৈ আহে? আমি খবৰ কৰোনে, শিপিনীসকলে এখন গামোছা বৈ উঠি কিমান টকা পায়্? অথবা মধ্যভোগীসকলে কিমান টকা এগৰাকী শিপিনীৰ পৰা কাঢ়ি লৈ যায়? এইবোৰৰ আমি হিচাব ৰাখোনে? যিখন গামোছা এটা জাতিৰ এক পৰিচয় হিচাবে সদায় ওপৰত থাকে, সেই গামোছা বোৱা সংস্কৃতিটোক এক উদ্যোগ হিচাবে আমি কিন্তু কাহানিও গঢ়ি তুলিব নোৱাৰিলো। উচিত মূল্য নাপাই অসমৰ থলুৱা শিপিনীয়ে নিজে বোৱা গামোচাৰেই পেটত গাঁঠি মৰাৰ উপক্ৰম হৈ পৰে। সেই গামোচাৰেই আমি আজি বিশ্বৰেকৰ্ড গঢ়িছো। অনা অসমীয়া অথবা বিদেশী লোকৰ দৃষ্টিত হয়তো এক চকু চাৎ মৰা এক কাম। কিন্তু আমি নিজে যদি এবাৰ ভাবি চাওঁ তেন্তে জাতিটোৰ ফোপোলা স্বৰূপটোহে ওলাই পৰে। আজি এক কিলোমিটাৰ দীঘল এখন গামোচা তৈয়াৰ কৰি বিশ্ব ৰেকৰ্ড গঢ়াহৈছে ,কাইলে অইন এটা সংগঠনে দুই কিলোমিটাৰ দীঘল এখন নিৰ্মান কৰি সেই ৰেকৰ্ডটো ভাঙিব আৰু এনেদৰেই আমি দীৰ্ঘতম, উচ্চতম, বৃহত্তম শব্দবোৰৰ মাজত উটি ভঁহি ফুৰিম, সামাজিক সমস্যাৰে ভাৰাক্ৰান্ত এটা জাতিক লৈ। এনেকুৱা এটা ৰেকৰ্ডো শুনিবলৈ হয়তো অলপ ভাল লাগে – লাখ লাখ গামোছা একে সময়তে থলুৱা শিপিনীৰ দ্বাৰা উচিত মূল্যত তৈয়াৰ হোৱা বিশ্বৰেকৰ্ড! হয়, সাফল্য এটাত এনে এটা লেখাই হয়তো মোক বহুতৰ দৃষ্টিত ‘অসম বিৰোধী’ হিচাপে পৰিচয় এটা দিব, কিন্তু এনেকুৱা ক্ষন্তেকীয়া চমকে এটা জাতিৰ এটা পৰিচয়ক যে তীব্ৰ ভেঙুচালি কৰে সেয়াও হয়তো এদিন সকলোৱে অনুভৱ কৰিব। এটা সময়ত হয়তো আমি অনুভৱ কৰিম ৰেকৰ্ডৰ দৌৰত আমি হয়তো নিজকে বহুৱা সাজি দৌৰি গৈ আছো!

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!