বিষয়:- কামৰূপী লোকগীত আৰু মালিতা (ইন্দ্ৰনীল গায়ন)
কামৰূপী লোকগীত আৰু মালিতাৰ বিষয়ে কমল চৌধুৰী দেৱে আৰম্ভ কৰা এটা মহত্বপূৰ্ণ কাম হ’ল কামৰূপী লোকগীত আৰু পৰম্পৰাগত গীত উদ্ধাৰ আৰু প্ৰচাৰ।
আধুনিক ৰূপত কামৰূপী লোকগীতক সজাই পৰাই বাণীৱদ্ধ কৰাৰ পথো কমল চৌধুৰীদেৱে দেখুৱায়। কামৰূপী লোকগীতৰ মহত্ব বৰ্ণাই হিজ তেঁও মাষ্টাৰ্চ ভয়চৰ কৰ্মকৰ্তাসকলক কামৰূপী লোকগীত বাণীৱদ্ধ কৰিবলৈ সন্মত কৰে আৰু তেঁও নিজেই “গুৰু মোকে দয়া নাচাৰিবা” আৰু “চ’তৰে চাপৰিত চকোৱাই ” গীত দুটি বাণীৱদ্ধ কৰে।
তদুপৰি, যোগেশ ভৰালীয়ে বাণীৱদ্ধ কৰা “ঢৌ দেখি হালি পৰে” আৰু “ঘন বৰষুণ পিছল মাটি” কামৰূপী লোকগীত দুটাৰ সংগীতও কমল চৌধুৰীয় দেৱেই পৰিচালনা কৰে।অমল বৰ্মনে বাণীৱদ্ধ কৰা কামৰূপী দেহ বিচৰাৰ গীত ” হৰি নামৰ মালা” আৰুপ্ৰাণকৃষ্ণ অ’ গীত দুটাৰ ক্ষেত্ৰতো তেঁও সহায় কৰে। জনাত এই গীত কেইটাই গ্ৰাম’ফোন ৰেকৰ্ডত বাণীৱদ্ধ কৰা কামৰূপী লোকগীতৰ আৰম্ভণি কৰে।
অসমীয়া গীতৰ জগতত মালিতাৰ পৰম্পৰাক সজীৱ কৰি ৰখা সকলৰ ভিতৰতো কমল চৌধুৰী দেৱ অন্যতম শিল্পী আছিল। ১৯৪৮ চনত মাহাত্মা গান্ধীৰ মহাপ্ৰয়াণত কমল চৌধুৰীয় দেৱে দুটি মালিতা বাণীৱদ্ধ কৰে: “মহাভাৰতৰ মহা জতি” আৰু “দিল্লীনগৰী তেজেৰে ৰাঙলী” সেই গীত দুটাৰ কথা পুৰোষত্তম দাসৰ। অসমীয়া গীতি-সাহিত্যত ভূপেন হাজৰিকা দেৱ আৰু কমল চৌধুৰীয় দেৱে উল্লেখযোগ্য অৱদান আগবঢ়াঁইছে। এই খিনিতে জনাও যে ভূপেন হাজৰিকা দেৱে মহাত্মা গান্ধী আদিকে ধৰি ঐতিহাসিক মহত্ব বৰ্ণাই নানা মালিতা ৰচিছিল।
(টোকা :মালিতা বা কাহিনী গীতত ( ইংৰাজীত Ballad বুলি জনা যায়)এই লেখাটোৰ ক্ষেত্ৰত কিতাপৰ সহায় লোৱা হৈছে।)