বিষয় যেতিয়া তেওঁ হয়… : চন্দ্ৰমা কলিতা
বিষয় যেতিয়া তেওঁ হয়…
বিষয় যেতিয়া তেওঁ হয়
মোৰ প্রত্যাশাৰ আবেলিত এটা ডুবোঁ ডুবোঁ বেলি
বিষয় যেতিয়া তেওঁ হয়
নৈঃশব্দৰ জিৰণিচ’ৰাত দুটোপাল তপত চকুপানী
তেওঁৰ অহংকাৰে থানবান কৰা কলিজাত
তেওঁকলৈয়ে ৰচা সপোনৰ উচুপনি
তেওঁ জানো হ’ব পাৰে কাহানিবা অতীত
বিষয় যেতিয়া তেওঁ হয়
শূন্যতাবোৰো হৈ পৰে
বিষাদৰ সুৰেৰে সজোৱা একোটা গীত!
(বি:দ্র: কবিতাৰ শিৰোনামটো কবি মানস জ্যোতি মহনৰ কবিতাৰ দ্বাৰা অনুপ্রাণিত)