বিষ্ণুপ্ৰসাদ ৰাভাৰ চমু জীৱনপঞ্জী (মিতালী বৰ্মন)

* ১৯০৯ চনৰ ৩১ জানুৱাৰী বৃহস্পতিবাৰে বৰ্তমান ঢাকা নগৰৰ লাইন আৰু বেৰাকত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। পিতৃৰ নাম ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা।

* বিষ্ণুপ্ৰসাদে ঢাকা নগৰত মিলিটাৰি প্ৰাইমাৰী স্কুলত বঙলা ভাষাৰে শিক্ষা আৰম্ভ কৰে।

* ১৯১৭ চনত বিষ্ণুপ্ৰসাদৰ পিতৃৰ দেহাৱসান হয়।

* ১৯২৬ চনত বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি কলিকতাৰ চেণ্টপ’ল কলেজত আই-এছ-চি শ্ৰেণীত ভৰ্তি হয়। এই বছৰতে মাতৃ গেথীবালা ৰাভাৰ পৰলোক প্ৰাপ্তি হয়।

* ১৯২৮ চনত বিষ্ণুপ্ৰসাদ ৰাভাই আই-এছ-চি পৰীক্ষাত ১ম বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ ৰিপন কলেজত বি-এছ-চি শ্ৰেণীত নাম লগায়। সেই বছৰে তেওঁ ৰিপন কলেজৰ ফুটবল কেপ্টেইন নিৰ্বাচিত হয়। অসমীয়া ছাত্ৰৰ পক্ষে কলিকতাৰ কলেজত এনে সন্মান পোৱা বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথম ব্যক্তি।

* ১৯২৯ চনত ৰিপন কলেজত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।

* সেই সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত পুলিচৰ চোকা নজৰ পৰা হেতুকে ৰিপন কলেজৰ পৰা কোচবিহাৰৰ ভিক্টোৰিয়া কলেজলৈ আহি পঢ়িবলৈ লয়।

* স্বাধীনতা আন্দোলনত বিষ্ণুপ্ৰসাদ ৰাভাই সক্ৰিয় ভূমিকা লোৱা বাবে কোচবিহাৰ চৰকাৰে তেওঁক কলেজৰ পৰা বহিষ্কাৰ কৰি বাধ্যতামূলক বদলিৰ প্ৰমাণ পত্ৰ দিয়ে।

* এইবাৰ তেওঁ ১৯৩১ চনত ৰংপুৰৰ কাৰমাইকেল কলেজত বি-এ শ্ৰেণীৰ চতুৰ্থ বাৰ্ষিকত নাম লগায় যদিও বৃটিছ চৰকাৰৰ ৰোষত পৰি ছাত্ৰ জীৱনৰ ইতি পেলায়। এই কলেজত পঢ়ি থকা সময়ত শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই সৰস্বতী পূজা উপলক্ষে অৰিয়েণ্টল ঠাঁচত সৰস্বতী দেৱীৰ মূৰ্তি এখনি সাজি কলেজৰ পূজাৰ বাবে ছাত্ৰসকলৰ মাজত উলিয়াই দিয়ে।এনে ঠাঁচৰ মূৰ্তি এইখনে প্ৰথম আছিল আৰু ইয়াৰ বাবে তেওঁ ৰংপুৰৰ বিশিষ্ট নাগৰিকসকলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল।

* ১৯৩১ চনত বিষ্ণুপ্ৰসাদ ৰাভাক আৰক্ষী অধীক্ষকৰ পদ প্ৰদান কৰ হৈছিল যদিও তেওঁ সেই পদ প্ৰত্যাখ্যান কৰিছিল।

* ১৯৩৬ চনত বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰিয়লতা দত্তৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় যদিও বিয়াৰ ছমাহ পাছতে পত্নী প্ৰিয়লতাৰ বিয়োগ হয়।

* ১৯৩৯ চনত বিষ্ণুপ্ৰসাদ ৰাভাই কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি সকলোৰে সমাদৰৰ পাত্ৰ হয়। ইয়াতে সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে।

* বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতৰ বিপ্লৱী সাম্যবাদী দল(আৰ-চি-পি-আই)ৰ সংস্পৰ্শলৈ আহে আৰু ১৯৪৫ চনত ইয়াৰ সদস্য পদ গ্ৰহণ কৰে।

* ১৯৪৬ চনত তেওঁ ‘চিৰাজ’ত অভিনয় কৰে।

* জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰলোক গমনৰ পাছত ১৯৫১ চনত বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতীয় গণ নাট্য সংঘৰ অসম শাখাৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

* ১৯৫১ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কনকলতা মেধিৰ সৈতে সাংসাৰিক জীৱনৰ সাক্ষী স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা(থুন্ থুন্) আৰু হেমৰাজ ৰাভা(মুন্ মুন্)ৰ পিতৃ হয়।

* ১৯৫২ চনত ভাৰত চৰকাৰৰ আৰক্ষীৰ হাতত বিষ্ণুপ্ৰসাদ ৰাভা গ্ৰেপ্তাৰ হয় আৰু ধুবুৰীৰ কাৰাগাৰলৈ তেওঁক প্ৰেৰণ কৰা হয়। ১৯৫৩ চনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।

* ১৯৬২ চনত পত্নী কনকলতা ৰাভাৰ মৃত্যু হয়। কনকলতা ৰাভাৰ মৃত্যুৰপাছত বিষ্ণুপ্ৰসাদ ৰাভাই গোৱালপাৰাৰ গোসাঁইগাঁও অঞ্চলৰ বিন্নাকাটা গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰায়৷ বিষ্ণুপ্ৰসাদ ৰাভা আৰু মোহিনীবালাৰ দুটি সন্তান জন্ম হয় ৷ এই সন্তান দুটিৰ কন্যা সন্তানটি জন্ম হৈয়ে মৃত্যুমুখত পৰে৷ পুত্ৰ সন্তানটিৰ নাম মেণ্ডেলা ৰাভা।

* ১৯৬২ চনৰ ১৯ নবেম্বৰৰ দিনা চীন-ভাৰতৰ সংঘৰ্ষৰ সময়ত কংগ্ৰেছ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু দেশদ্ৰোহী সজাই উৰিষ্যৰ বৰহমপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। ১৯৬৩ চনৰ ২৪ আগষ্টৰ দিনা তেওঁক বৰহপুৰ কাৰাগাৰৰ পৰা মুক্তি দিয়ে।

* ১৯৬৭ চনত বিধান সভাৰ নিৰ্বাচনত বিষ্ণুপ্ৰসাদ ৰাভাই নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেজপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়।

* ১৯৬৮ চনত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু চিকিৎসাৰ বাবে বোম্বাইৰ টাটা মেম’ৰিয়েল কেন্সাৰ ইনষ্টিটিউটলৈ প্ৰেৰণ কৰা হয়।

* ১৯৬৯ চনৰ ২০ জুন শুক্ৰবাৰে পুৱতি নিশা ২বাজি ২৫ মিনিটত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন নাটৰ সামৰণি পৰে।

 

(তথ্যসমূহ সংগ্ৰহ কৰি লিখা হৈছে)

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Rupam
3 years ago

কলাগুৰু উপাধি ড’ সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া নাছিল |
“কলাগুৰু” উপাধি প্ৰদান সন্দৰ্ভত কোনে জানো নাভূত নাশ্ৰুত কথাটো উলিয়াই দিছিল যে ড সৰ্বপল্লী ৰাধাকৃষ্ণনে প্ৰদান কৰিছে বুলি আৰু সেইটোকেই অন্ধত্বৰ অধ্যয়নৰ বাহাদুৰি হিচাপে কেনেকৈ যে চলি আহিছে ক’ব নোৱাৰোঁ |

সূৰ্য্য হাজৰিকা ই সম্পাদনা কৰা ৰাভা দেৱৰ ৰচনাৱলীত এই কথা প্ৰকাশ কৰিছে কেতিয়াবাই।
ড০ হেমন্ত কুমাৰ বৰুৱাই ‘দৈনিক অসম’ কাকতত এই বিষয়ে বহু দিন আগেয়ে লিখিছে। তিলক হাজৰিকা দেৱেও সাক্ষাৎকাৰত কৈ গৈছে। তিলক হাজৰিকাদেৱৰ কিতাপখনৰ লগতে” সহকৰ্মীৰ দৃষ্টিত বিষ্ণু ৰাভা ” কিতাপখনটো বিষয়টো উল্লেখ আছে।

Copying is Prohibited!