বিষয়ঃ প্ৰেম আৰু জীৱন – দেৱাশীষ বুঢ়াগোহাঁই
মলঙি যোৱা দুপৰীয়াটোক
থানথিত লগাই
সুৰুঙাৰে বতাহজাক উৰি গ’ল।
ব্যক্তি স্বাধীনতাক হাঁড়েৰে খুন্দি গুড়ি কৰি
গিলি পেলোৱা নৈশভোজটোৰ
ময়ো আছিলোঁ অভ্যাগত।
চাৎকৈ নুমাই গৈছে পৃথিৱীৰ সমস্ত পোহৰ,
এটা এটাকৈ খহি পৰিছে তৰাবোৰ,
মাথোঁ এজাৰণিখনৰ সোঁমাজত জিলিকি থকা হাঁহিটি
মই নৈৰ সিপাৰৰ পৰাই মনিছোঁ।
মৃত্যুজৰ্জৰ জীৱনটোত মই কেইবাবাৰো মৰিছোঁ
সংসাৰৰ শেহৰ ফুলপাহি ওলমি থকা হাঁহিটো;
কেঞা আঙুলি দুটিৰ সংযোগত অতীত হৈ যোৱা ধ্বংসলীলাবোৰ;
আৰু
দোপালপিটা বৰষুণৰ শেষত পোহৰে তলমল কৰা
চকুদুটি চাবলৈয়ে মই চিতাৰ পৰা উঠি আহিছোঁ
পুনঃ পৌনিকভাৱে…….