বিষয়:জীৱন (প্রৱাল ফুকন)
ক
বহু পালোঁ,
বহু হেৰুৱালোঁ,
বহুতো পায়ো হেৰুৱালোঁ ৷
কিবা এটা বিচাৰি নিজেই যেন হেৰাই গ’লোঁ ৷
খ
বুকুৱেদি কেতিয়াবা সংগোপনে উজাই আহে এটা বিষ,
নিমিষতে গাঁঠি পেলায়
বিষাদ চাৱনিৰ একো একোখন মকৰাজাল,
য’ত পতঙ্গৰ দৰে বন্দী হয় জীৱনৰ ছন্দ ৷
ছন্দহীন সময় যেন দুখবিন্যাসৰ একো একোডাল সূতা ৷
গ
সুখ যেন নীলমণি ফুকনৰ এটা কবিতা,
”এটা শংখৰ ভিতৰত আন এটা শংখ বাজি উঠা ”৷
আকিৰা কোৰোশ্বাৱাৰ এখন চিনেমা,
সহজ-সৰল জীৱনৰ পাতত কুটিলতাৰ আত্মকথা ৷
সুখৰ কোনো নিৰ্দিষ্ট জ্যামিতি নাথাকে ৷
কেতিয়াবা ই আত্মসন্তুষ্টিৰ এডাল বক্ৰৰেখা,
কেতিয়াবা পোৱা-নোপোৱা-হেৰুৱাৰ এটা বিষমবাহু ত্ৰিভুজ,
সোঁৱৰণীৰ এটা বৃত্ত ৷
কিছুমান মানুহ খুব সহজে সুখী হ’ব পাৰে,
তেওঁলোকৰ বাবে সুখ গ্ৰাফ কাগজৰ য’তে ত’তে,
মন গ’লেই বহাই দিব পৰা এটা ফোঁট ৷
কিছুমান মানুহ খুব সহজে দুখী হ’ব পাৰে ,
তেওঁলোকৰ বাবে সুখ জীৱনৰ সমন্তৰাল এডাল সৰলৰেখা ৷
কিছুমান মানুহে দুখৰ অভাৱক সুখ বুলি ভুল কৰে ৷
সুখ সুখেই,
দুখৰ অভাৱ চিন্তাহীন, নিৰুদ্বেগ ‘কিবা এটা’ হ’ব পাৰে,
সুখ হ’ব নোৱাৰে ৷
সুখ যেন নীলমণি ফুকনৰ……….
ঘ
দৃষ্টি থাকিলে হেনো লক্ষ্য নেহেৰায় ৷
যদি সময়ৰ বলুকাত হেৰাই যোৱাই লক্ষ্য আমাৰ ?
হেৰাই যাবলৈয়ো যে এটা যাত্ৰাৰ প্ৰয়োজন !
আৰু যাত্ৰা মানেইতো প্ৰস্তুতি,
পিৰিক পাৰাক চাৱনি,
নিত্য-নতুন সঙ্গী,
বিশ্বাস আৰু সংশয়ৰ হাজাৰটা কেঁকুৰি ৷
এনে এক যাত্ৰাৰ অন্তত
লক্ষ্য হৈ পৰে গৌণ ৷
ভাল লাগিল…….”কিছুমান মানুহ খুব সহজে সুখী হ’ব পাৰে,
তেওঁলোকৰ বাবে সুখ গ্ৰাফ কাগজৰ য’তে ত’তে,
মন গ’লেই বহাই দিব পৰা এটা ফোঁট ৷”……সুন্দৰ ৰূপক ।