বিষয়: ঈশ্বৰ (বিচিত্ৰ বৰদলৈ)

বিষয়: ঈশ্বৰ

  • বিচিত্ৰ বৰদলৈ


(
)
যোৱাকালি ঈশ্বৰক লগ কৰিব লো,
চেণ্ডেল খুলি
মজিয়াৰে চোঁচৰাই চাৱনি
মন্দিৰৰ ভিতৰত সোমালোঁ।
উভতি আহি দেখো
মোৰ চেণ্ডেলযোৰ পিন্ধি ঈশ্বৰ উধাও
পুজাৰীয়ে লে,
প্ৰায়ে আজিকালি এনে কৰে ঈশ্বৰে
নহলেযে মানুহবোৰে মাটিত ভৰি নিদিয়ে……….
(
)
ঈশ্বৰ নো কি,
এটা বিশ্বাস
ধৰাহল এক্স, বীজগনিতৰ অংক !
মই ঈশ্বৰ বিশ্বাস নকৰো,
মই ঈশ্বৰৰ অস্তিত্ব মানি নোৱাৰো
কিয় ? ময়ো নাজানো
হয়তো ঈশ্বৰেহে ভালদৰে জানিব…….

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Hirakjyoti Baishya
9 years ago

প্ৰথম স্তৱকটো ভাল লাগিছিল। কিন্তু প্ৰথম স্তৱকটোৰ গধূৰতা পিছৰ স্তৱকটোৱে ধৰি ৰাখিব নোৱাৰিলে।

Copying is Prohibited!