বিষয় : কবিতা – অঞ্জল বৰা
বিষয় : কবিতা
অঞ্জল বৰা
সাধাৰণতে সাহিত্যৰ লগত জড়িত বা অনুভূতিশীল কোনো মানুহেই হয়তো জীৱনত এটা কবিতা নিলিখাকৈ থকা নাই৷ কবিতাক কোনো সংজ্ঞাৰে বান্ধি ৰখাৰ যুক্তিও নাই… আনহাতে সকলো কবিতাই যে প্ৰকাশ কৰিবই লাগিব বা পাবই লাগিব তাৰো কোনো যুক্তি নাই… কেতিয়াবা মনৰ কথাবোৰ ক’ৰবাত… কাৰোবাৰ আগত প্ৰকাশ কৰাৰ ইচ্ছা জাগে.. কিন্তু খোলাভাৱে কথাবোৰ ক’বলৈ মনৰ মাজত সংকোচ জাগে.. তেতিয়াই আমি কিছুমান শব্দৰ আশ্ৰয় লওঁ… এটা এটা শব্দত এটা এটা প্ৰতিক থাকে… চিত্ৰকল্প থাকে… বহু হাজাৰটা বাক্য সোমাই থাকে… সেয়ে তেনে অমিল শব্দবোৰ লগ হৈ এটা কবিতা হয়… আনে বুজি নাপালেও কিন্তু কবিয়ে অনুভৱ কৰিব পাৰে আৰু তাতেই কবিৰ সন্তুষ্টি সোমাই থাকে৷
কিন্তু ভাল কবিতা কি? বা কবিতাক বুজা-নুবুজাৰ আলি-দোমোজাত বহুতৰ মনত অনেক প্ৰশ্নৰ উদয় হয়৷ প্ৰত্যেকৰ মনে এনে প্ৰশ্নৰ উত্তৰ বিচাৰি থাকে৷ কিন্তু সাহিত্যৰ ৰুচিবোধ প্ৰাকৃতিকভাৱেই মানুহৰ মনত উদয় হয়৷ কাৰো ৰুচিবোধ একে হ’ব নোৱাৰে আৰু ৰুচিবোধ সলনি কৰিবলৈও কোনেও কাকো বাধ্য কৰিব নোৱাৰে৷ কবিতাৰ লগত পাঠক বা লিখকৰ এটাৰ আত্মাৰ সম্পৰ্ক থাকে৷ আত্মা মানে মনৰ সম্পৰ্ক৷ কবিয়ে নিজৰ সমস্ত মন, আত্মা আৰু অনুভৱ এটা কবিতাৰ মাজেৰে প্ৰকাশ কৰে৷ গতিকে সেইফালৰ পৰা কবিতা কবিৰ ব্যক্তিগত আত্মপ্ৰকাশ| এই আত্মপ্ৰকাশ কবিয়ে শব্দৰ মাজেৰে কৰে৷ সেই শব্দও কবিৰ নিজৰ সৃষ্টি৷ গতিকে কবিয়ে কি ক’ব বিচাৰিছে, কি প্ৰকাশ কৰিব বিচাৰিছে তাক ওপৰে ওপৰে চাই বুজিব নোৱাৰি৷ কবিৰ আত্মা আৰু মনৰ লগত যি সময়তে পাঠকৰ আত্মা আৰু মন মিলি যাব পাৰে সেই সময়তে এটা কবিতা এজন পাঠকৰ বাবে ভাল লগা হৈ পৰে৷
কবিতাৰ লগত জড়িত থকা আন এটা বিষয় হ’ল শব্দচয়ন৷ উপযুক্ত শব্দৰ উপযুক্ত বিন্যাস কবিতাৰ বাবে অতি উপযুক্ত৷ সেয়ে হয়তো হীৰেন ভট্টাচাৰ্যই কৈছিল “কবিতা স্বতঃস্ফূৰ্ত নহয়৷ কবিতা নিৰ্মান কৰিব লাগে৷ এই নিৰ্মাণৰ আঁৰত হয়তো আছে একধৰণৰ সংৰচিত স্বতঃস্ফূৰ্ততা (Cultivated Spontaneity)৷” এই নিৰ্মানেই হয়তো “হীৰেন ভট্টাচাৰ্য”ক মানুহৰ হৃদয়ত ঠাই দিব পাৰিছিল৷ প্ৰশ্ন হয় কবিতাই হীৰেন ভট্টাচাৰ্যক জনপ্ৰিয় কৰিলেনে মানুহজনে কবিতাক জনপ্ৰিয় কৰিলে৷ উত্তৰটো একেবাৰে সহজ… কবিতাই৷ অসমত এনে কিমান কবি আছে যাৰ কবিতাৰ এটা এটা কলি আমি গুণগুণাই ভাল পাওঁ… যাৰ কবিতাৰ পংক্তিয়ে আমাৰ মন-মগজু আচ্ছন্ন কৰি ৰাখে৷ কিন্তু হীৰেন ভট্টাচাৰ্যৰ ক্ষেত্ৰত এনে কিয় হ’বলৈ পালে? ইয়াৰ মূলতে হ’ল কবিৰ কবিতাৰ শব্দচয়ন আৰু ভাৱৰ অভিব্যক্তি৷ যাক পঢ়িলে শুনিলে কবিৰ আত্মা আৰু মনৰ লগত পাঠকৰ আত্মা আৰু মন যেন বিলীন হৈ যায়৷
কবিতা আত্মপ্ৰকাশৰ বাট হ’ব পাৰে৷ কিন্তু এটা ভাল গল্প, এটা ভাল প্ৰবন্ধ লিখিবৰ দৰে কবিতা প্ৰকাশ কৰিবলৈও সাধনাৰ প্ৰয়োজন৷ সেইদৰে কবিৰ প্ৰতিক, চিত্ৰকল্প আদি বুজিবলৈও পাঠকক সূক্ষ্ম অনুভূতিৰ প্ৰয়োজন৷ সেয়ে এজন পাঠকৰ ভাললগা এটা কবিতা আন এজনৰ ভাল নালাগিবও পাৰে বা কবিয়ে বুজাব বিচৰা কথাখিনি পাঠকে অন্য ধৰণেৰেও বুজিব পাৰে৷ সেয়ে কবিতাৰ সমালোচনা কেতিয়াও নিৰপেক্ষ বা চূড়ান্ত হ’ব নোৱাৰে৷ কাৰোবাৰ বাবে “ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত” মৃত্যুৰ শেষ মুহূৰ্তৰ প্ৰতিক হ’ব পাৰে, আন কাৰোবাৰ বাবে এটা সুন্দৰ প্ৰাকৃতিক দৃশ্যও হ’ব পাৰে বা আন কাৰোবাৰ বাবে ই অৰ্থহীন গতানুগতিক এটা কাৰ্যও হ’ব পাৰে৷ সেয়ে কবিয়ে পাঠকৰ সঁহাৰি বিচাৰি বা কবিতা শুনাবৰ বাবে পাঠক বিচাৰিবৰ প্ৰয়োজন নাই৷ এটা ভাল কবিতাই কবিক নিজে নিজেই পাঠকৰ হৃদয়ত স্থান দি যুগমীয়া কৰি ৰাখিব৷