বিষয়: নাৰী ( মিতালী বৰ্মন )

2.cholonamoyi_dr.makhanlal das

(১)

দিল্লীৰ হোলি বৰ বেয়া পাওঁ৷ প্ৰায় দহ দিনমান আগৰ পৰা বেলুনত পানী বা ৰং মিহলি পানী ভৰাই ৰাষ্টাৰে চিনাকি-অচিনাকি যিয়েই যায় সকলো মানুহৰ গালৈ দলি মাৰে৷ গাত পানী ভৰ্তি বেলুন পৰাজনেহে বুজি পায় সেইটো আহি গাত লাগিলে কিমান চেংচেঙাই যায়৷ যন্ত্ৰণাখিনি কাটি কৰি থ’লেও বেলুনটো ফাটি যে কাপোৰ তিয়াই সেয়া আৰু বিৰক্তিকৰ৷ তাতে দিল্লীৰ উতনুৱাখিনিৰ লক্ষ্য আকৌ ছোৱালীবোৰ আৰু ছোৱালীৰ স্পৰ্শকাতৰ ঠাইবোৰ৷ যেন সেই ঠাইখিনিলৈ বেলুন এটা মাৰি ফুটাব পাৰিলেই জীৱনৰ লক্ষ্য পূৰ্ণ হয়, যেন বহুদিনীয়া হাবিয়াস পূৰ্ণ হয় সিহঁতৰ চকুৱে-মুখে সেই ভাব-ভংগী৷ মুঠৰ ওপৰত সিহঁতৰ বাবে ই এটা বিকৃত মানসিক প্ৰাপ্তি আৰু প্ৰশান্তি৷

(২)

মোৰ বান্ধবী আৰু মই প্ৰায়ে ভেলপুৰী খোৱা দোকানখনৰ মালিকজনৰ বয়স প্ৰায় ষাঠিৰ ওচৰা-উচৰি৷ সদায় চাফা বগা কূৰ্তা-পায়জামা পিন্ধে৷ আজিও আমি তালৈ গৈ তেখেতক ভেলপুৰী দিবলৈ কৈ দুয়োজনীয়ে কথা পাতি আছিলোঁ৷ কথাৰ মাজত ওলাল আচলতে হোলি কোন দিনা? কালিলৈ নে পৰহিলৈ? ক’লোঁ, “কালিলৈ হোলিকা দহন৷“ আমাৰ কথা শুনি থকা তেখেতে লগে লগে মাত দিলে, “ৱো ভি বুৰি বাত হেয়৷“ আমি দুয়ো অবাক হৈ তেখেতৰ মুখলৈ চালোঁ৷ তেখেতে আকৌ ক’লে, “হোলিকা এক ফিমেল থী৷ ঔৰতকো জলানা অচ্ছি বাত নহী হেয়৷ হাঁ, উচনে এক খতা কি থী৷ তো উচী কাৰণচে ইতনে চাল চে উচকো লোগ জলাতে আ ৰহে হে৷ তো অব বচ ভী কৰো৷ অউৰ কিতনা চজা দোগে উচে? ইতনে চাল চে তো জলতী আ ৰহী হে৷ অব চে বন্ধ হোনা চাহিয়ে৷“ আমি দুয়ো ভেলপুৰী লৈ ঘূৰি অহাৰ বাটত ক’লোঁ, “আধুনিক মনৰ মানুহ৷“

(৩)

সমাজত নাৰীৰ স্থান কি? নাৰীৰ স্থান পুৰুষৰ ভৰিৰ তলুৱাত নে হৃদয়ত? নাৰী পুৰুষৰ ভৰিৰ জোতা নে কান্ধত কান্ধ মিলাই, খোজত খোজ মিলাই আগুৱাই যোৱা সহযাত্ৰী? সমাজত নাৰী সুৰক্ষিত নে? দেখাক দেখি এইবোৰ প্ৰশ্ন মনলৈ আহিলেও আজিৰ সময়ত নাৰীৰ স্থান যথেষ্ট ভাল৷ সচৰাচৰ অহা এটা অভিযোগ, পুৰুষে নাৰীক শোষণ কৰে৷ কিন্তু নাৰীয়েও নাৰীক শোষণ কৰে৷ পুৰুষে যদি পুৰুষ হৈ নাৰীৰ সুবিধা লয়, এনে কিছুমান নাৰীও আছে যিয়ে নিজে নাৰী হোৱাৰ সুবিধা লয়৷ কিছুমান এনে নাৰী আছে যিয়ে নিজে নাৰী হোৱাৰ বিনিময়ত স্বামী আৰু তেওঁৰ ঘৰখনৰ ওপৰত যৌতুক বিচৰাৰ মিছা অভিযোগ আনি আইনৰ সহায় লয়, টকা-পইচা সৰকায়৷ কিছুমান নাৰীয়ে নিজে নাৰী হোৱাৰ বিনিময়ত নিজৰ অভীষ্ট সিদ্ধি নহ’লে বা নিজৰ অভীষ্ট পূৰ্ণ কৰিবলৈ পুৰুষ সহকৰ্মী বা যিকোনো পুৰুষৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ দি দিব পাৰে৷ যি ক্ষেত্ৰত নাৰীয়ে নিজে নাৰী হোৱাৰ সুবিধা লয়, তাত পুৰুষৰ স্থান ক’ত?

সাৰাংশ:

য’ত কিছুমান নাৰীয়ে নিজে নাৰী হোৱাৰ সুবিধা লয় তাতেই নাৰীক সন্মান যচা সেই ভেলপুৰী বেচা মানুহজনো আছে৷ য’ত ষাঠিৰ দেওনা গৰকা বা গৰকিবলৈ যোৱা মানুহগৰাকীয়ে হোলিকা নাৰী আছিল বাবেই হোলিকা দহন বন্ধ হোৱা উচিত বুলি কয় তাতেই আকৌ হোলিৰ নামত উদণ্ড যুৱকবোৰে ছোৱালীৰ স্পৰ্শকাতৰ ঠাইলৈ পানীৰে ভৰা বেলুন মাৰি অমানুষিক আনন্দত উত্ৰাৱল হয়৷

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

ভাল লাগিল আপোনাৰ অনুভৱ

Copying is Prohibited!