বিষয়-মহানগৰীৰ চিটি বাছৰ হেণ্ডিমেন (ধীৰাজ কলিতা)
বিষয়-মহানগৰীৰ চিটি বাছৰ হেণ্ডিমেন
সাহিত্য ডট অৰ্গ,নৱেম্বৰ সংখ্যা, ২০১৩
“গনেশগুৰি গনেশগুৰি”,”এই লেডিজ,নামা আছে”,”অলপ স্লো কৰি দিব”………মূৰত লেতেৰা ৰুমাল এখন বান্ধি লৈ দিনৰ দিনটো ৰাস্তাৰ ধূলি-বালি খাই, চিটিবাছৰ পায়দানিত ওলমি চিঞৰি চিঞৰি যাত্ৰীৰ সেৱা কৰা জনেই হ’ল গুৱাহাটী মহানগৰীৰ চিটি বাছৰ হেণ্ডিমেন। ওঠৰ বছৰৰ তলৰো বহু ল’ৰা এই কামত নিয়োজিত হোৱা দেখা পাওঁ, দুই এখন চিটি বাছত দুজনকৈও হেণ্ডিমেন থাকে। চিটি বাছ এখনত হেণ্ডিমেনৰ প্ৰয়োজনীয়তাৰ কথা মনলৈ আহিল। গাড়ীখন ক’লৈ যাব? খালী চিট আছে নে নাই? ডাঙৰ মোনা লৈ গাড়ীত উঠিলে যাত্ৰীজনক মোনাখন ধৰি অলপ সহায় কৰি দিয়া, সময়ে সময়ে ড্ৰাইভাৰক শিখৰ-তামোল কিনি দিয়া আৰু দিনটোৰ শেষত গাড়ীখন পৰিস্কাৰ কৰাই হেণ্ডিমেনজনৰ মূল কাম। মই ভাৱোঁ, হেণ্ডিমেন এজন নহ’লেও কোনো অসুবিধা নোহোৱাকৈ চিটি বাছ এখনে ব্যৱসায় কৰিব পাৰে। হয়তো প্ৰথম ৬মাহ-এবছৰ যাত্ৰীৰ কাৰণে আচহুৱা লাগিব পাৰে, লাহে লাহে সেয়া অভ্যাসত পৰিণত হ’ব। দিনটোৰ শেষত কণ্ডাকটৰ, ড্ৰাইভাৰ দুয়োজনে মিলি গাড়ীখন ধুব আৰু চিটিবাছৰ নিৰ্দিষ্ট লাভাংশ মালিকে ৰাখি তিনিজন কৰ্মচাৰীক দিয়া পইচাখিনি দুজনৰ মাজত ভগাই দিব পাৰিব। দিনটো পৰিশ্ৰম কৰি হেণ্ডিমেন এজনে যিখিনি উপাৰ্জন কৰে, মই ভাৱোঁ সেইখিনি কষ্ট কৰিলে সমপৰ্যায়ৰ উপাৰ্জন কৰিবলৈ অন্য বহু পথ আছে। সন্মুখত আইনা থাকেই, তাৰ পৰাই চালকজনে যাত্ৰী উঠা-নমা নিৰীক্ষণ কৰিব পাৰে। সন্মুখত আইনা থকাৰ পিছতো যাত্ৰী উঠা-নমা কৰাৰ ইংগিত দিবলৈ, “অলপ ৰাইটে কাটি আহিব” বুলি এখন গাড়ী পিছুৱাবলৈ ড্ৰাইভাৰজনৰ সৈতে আন এজনৰ মানুহৰ প্ৰয়োজন অৰ্থহীন। অন্তত হেণ্ডিমেন নাথাকিলে, যাত্ৰীৰ অনুৰোধ ৰক্ষা কৰি য’তে ততে মানুহ নমোৱা আৰু দূৰৈতে যাত্ৰী দেখি এটা ষ্টপেজতে গাড়ীখন বহুত সময় ৰখা ইত্যদি কাৰ্য্যবোৰ কমিব। এখন ছিটিবাছ চলিবলৈ তিনি-চাৰিজন কৰ্মচাৰী, এয়া মই ছদ্মবেশী নিবনুৱা বুলি ভাৱোঁ।
মুঠতে চিটি বাছ এখনত হেণ্ডিমেন এজনৰ প্ৰয়োজন মই অনুভৱ নকৰোঁ। পত্ৰৰ জৰিয়তে, বিভাগীয় কৰ্তৃপক্ষৰ দৄষ্টি আকৰ্ষণ কৰিলোঁ।
আন্তৰিকতাৰে,
ধীৰাজ কলিতা