বিষয় – সঞ্চয় আৰু বিনিয়োগ – ৭ (প্ৰতিম প্ৰতাপ বৰুৱা)

বিষয় – সঞ্চয় আৰু বিনিয়োগ – ৭

(যোৱা সংখ্যাৰ পিছৰ পৰা)

It is really possible to get rich by doing nothing.
কেতিয়াবা নিজৰ বিনিয়োগৰ কথা একো নভবাকৈ আৰু একো নকৰাকৈ থকা ভাল ।শ্বেয়াৰ বজাৰত ইতিমধ্যে বিনিয়োগ কৰি থোৱা কোম্পানীসমূহৰ লগতে নিজৰ বিনিয়োগৰ সিদ্ধান্তৰ ওপৰত যদি ভৰসা কৰিব পাৰে তেন্তে বিশেষ একো নকৰাকৈ থাকিব পাৰি ।যি কৰিব লাগে সেয়া আপোনাৰ বিনিয়োগ হৈ থকা ধনখিনিয়ে আপোনাৰ হৈ কৰি থাকিব ।

শ্বেয়াৰ বজাৰত কিছুমান কোম্পানীৰ শ্বেয়াৰত বিনিয়োগ কৰাৰ পিছত বহুত বিনিয়োগকাৰীয়ে এটা সাংঘাটিক ভুল কৰে । তেওঁলোকে প্ৰতি আধাঘণ্টাৰ মূৰে মূৰেসেই কোম্পানীকেইটাৰ শ্বেয়াৰৰ দাম কিমান বাঢ়িছে, কিমান কমিছে সেইটো চাই থাকে। মাত্ৰ ১০% দাম বঢ়াৰ লগে লগে তেওঁলোকে নিজৰ শ্বেয়াৰখিনি বিক্ৰী কৰি দিয়েবা মাত্ৰ ৫% দাম কমাৰ লগে লগে তেওঁলোকে থৰ-কাচুটি হেৰুৱায় ।

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাটো এজোপা গছৰ গুটি ৰোৱাৰ নিচিনা কথা ।গুটিৰ পৰা গছ হোৱালৈ ধৈৰ্য্যৰে অপেক্ষা কৰিব জানিব লাগিব । গুটিটো লৰচৰ কৰি থাকিলে বা গুটিটো ৰোৱা মাটিখিনি সলনি কৰি থাকিলে গছ কেতিয়াও গজিব নোৱাৰে ।দুটা উদাহৰণ দিছো –

১৯৯৩ চনত Infosys ত যিসকলে ১০ হাজাৰ টকা বিনিয়োগ কৰিছিল তেওঁলোকে ২০০৮চনত ডেৰ কোটি টকা পাইছিল । Jaicorp ত ২০০৬ চনত যিসকলে ১০ হাজাৰ টকা বিনিয়োগ কৰিছিল তেওঁলোকে ২০০৮ চনত ২২ লাখ টকা পাইছিল ।

আজিকালি অনলাইন টেকনোলোজীৰ যুগত শ্বেয়াৰ বজাৰত পোনে পোনে শ্বেয়াৰ কিনা-বেচা কামটো অতি সহজ হৈ পৰিল কাৰণে বহুতে ইন্‌ট্ৰা ডে ট্ৰেডিং কৰে । মানেৰাতিপুৱা বজাৰ খোলাৰ লগে লগে কোনোবা এটা শ্বেয়াৰ কিনে বা বিক্ৰী কৰে আৰু অলপ দাম বঢ়া বা কমাৰ লগে লগে শ্বেয়াৰটো বিক্ৰী কৰে বা কিনে । তেওঁলোকক ডেট্ৰেডাৰ্চ বুলি কোৱা হয় । তেওঁলোকৰ বিনিয়োগৰ সময় মাত্ৰ কেইঘন্টামান ।তেওঁলোকে বেছিভাগ ট্ৰেডিঙৰ সিদ্ধান্ত সাধাৰণতে টিপ্‌চ‌ৰ ওপৰত নিৰ্ভৰ কৰি লয়। ব্যক্তিগত ভাৱে মই বিশ্বাস কৰোঁ ইন্‌ট্ৰা ডে ট্ৰেডিং কৰি সিমান টকা উপাৰ্জন কৰিব নোৱাৰি আৰু ইন্‌ট্ৰা ডে ট্ৰেডিং প্ৰকৃততে এক প্ৰকাৰৰ জুৱা খেলৰদৰে, যিটো এসময়ত এৰাব নোৱাৰা নিচা হৈ পৰে ।

শ্বেয়াৰ বজাৰত কেতিয়াবা কিছূমান সাংঘাটিক ৰিগিং বা মেনিপুলেচন চলে ।নিজে সম্পূৰ্ণকৈ বুজি নোপোৱাকৈ মাত্ৰ আনে দিয়া টিপ্‌চ্‌ মতে বিনিয়োগ কৰিবলৈগ’লে লাভতকৈ ক্ষতি হোৱাৰ সম্ভাৱনাহে অধিক । ষ্টক মেনিপুলেট কেনেকৈ কৰা হয় তাৰ এটা সাধাৰণ উদাহৰণ দিছোঁ –

বজাৰত যিকোনো এটা শ্বেয়াৰৰ দাম নিৰ্ভৰ কৰে সেই শ্বেয়াৰটোৰ ডিমাণ্ড আৰু চাপ্লাইৰ ওপৰত । ডিমাণ্ড বেছি আৰু চাপ্লাই কম হলে শ্বেয়াৰটোৰ দাম বাঢ়ি বাঢ়িগৈ থাকে । এতিয়া যদি কেনেবাকৈ কৃত্ৰিমভাবে (আৰ্টিফিচিয়েল) ডিমাণ্ডৰ সৃষ্টিকৰিব পাৰি তেন্তে কি হ’ব ? মেনিপুলেটৰ সকলে সাধাৰণতে গোট বান্ধি দলবদ্ধ হৈ কাম কৰে আৰু তেওঁলোকে এটা কম দামী আৰু কম মাৰ্কেট কেপিটেলাইজেচন থকা শ্বেয়াৰ এটা বাচি লয় । এটা কোম্পানীৰ মাৰ্কেট কেপিটেলাইজেচন হ’ল সেই কোম্পানীটোৰ সকলোখিনি শ্বেয়াৰৰ মুঠ মূল্য । মেনিপুলেটৰ সকলে প্ৰথমে এটা ৫০কোটিমান টকা মাৰ্কেট কেপিটেলাইজেচন থকা আৰু ১০-২০ টকা দামৰ শ্বেয়াৰ এটা বাচি লয় আৰু বজাৰৰ পৰা সেই শ্বেয়াৰটো কিনিবলৈ লয় । কিনি কিনি এটা সময় আহে যেতিয়া দেখা যায় যে তেওঁলোকৰ হাতত সেই কোম্পানীটোৰ মুঠ ৯০-৯৫% শ্বেয়াৰ গোট খাইছে । তাৰ পিছত তেওঁলোকে সেই কোম্পানীটোৰ ভৱিষ্যত উজ্জল, সেই শ্বেয়াৰটোৰ মূল্য অতি সোনকালে ২০০ টকা হবগৈ আদি খবৰ ইন্টাৰনেট, টেলিভিচন আদিৰ যোগেদি বিয়পাবলৈ ধৰে । খবৰ শুনি টিপ্‌চত শ্বেয়াৰ কিনা মানুহে এই শ্বেয়াৰটো কিনিবলৈ আগবাঢ়ি আহে । অৰ্থাৎ শ্বেয়াৰটোৰ ডিমাণ্ড বাঢ়ি যায় । কিন্তু মেনিপুলেটৰসকলে শ্বেয়াৰটো বিক্ৰী নকৰে । তাৰ সলনি তেওঁলোকে আৰু জোৰদাৰ প্ৰচাৰ চলায় ।ফলত শ্বেয়াৰটোৰ ডিমাণ্ড আৰু বাঢ়ি যায় । যেতিয়া মেনিপুলেটৰ সকলে দেখে যে শ্বেয়াৰটোৰ বিদ্‌ প্ৰাইছ অৰ্থাৎ শ্বেয়াৰটোৰ বাবে মানুহে দিব খোজা দাম ১৫০টকা মান হৈছেগৈ তেতিয়া তেওঁলোকে নিজৰ ওচৰত জমা কৰি থোৱা শ্বেয়াৰখিনি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে । খৰকৈ বিক্ৰী কৰি দিয়াৰ বাবে কেতিয়াবা শ্বেয়াৰটোৰ দামকমি আহে । কিন্তু তেতিয়াও মেনিপুলেটৰ সকলে প্ৰচাৰ চলায় যে এয়া সাময়িক কৰেক্‌চন মাত্ৰ, আৰু এই সময়তেই এই শ্বেয়াৰটো সৰহকৈ কিনি গোটাই থব লাগে, কাৰণ এই শ্বেয়াৰটো বাঢ়িবই আৰু ২০০ টকা চুবই । ফলত বহুত বিনিয়োগকাৰীয়ে কিনিয়েই থাকে আৰু এটা সময়ত যেতিয়া মেনিপুলেটৰ সকলে নিজৰ সকলোখিনি শ্বেয়াৰ বিক্ৰী কৰি শেষ কৰে তেতিয়া শ্বেয়াৰটো দাম হঠাৎ সোঁ-সোঁৱাই কমি যায়, কাৰণ তেতিয়া শ্বেয়াৰটো কিনিবলৈ কোনো নাথাকে আৰু বহুত বিনিয়োগকাৰীৰ ওচৰত বহুতউচ্চ দামত কিনি থোৱা অৱস্থাত এই শ্বেয়াৰটো ৰৈ যায় আৰু তেওঁলোকৰ বিনিয়োগখিনিত বহুত লোকচান হয় ।

এনে ধৰণৰ অৱস্থাত নপৰিবৰ বাবেই ভাবি-চিন্তি, আনৰ চ’ কল্ড হট্‌ টিপ্‌চবিলাক আওকান কৰি ভাল, নিজে জনা কোম্পানীত দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰিব লাগে ।

(ক্ৰমশ:)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!