বিষয় – সাম্প্ৰতিক ( নিৰ্জন নীৰৱ বৰফুকন )

ঘূলিৰ মাছে

ফটককৈ গিলে বৰশীৰ টোপ

তিনিখন গাঁৱত

ওৰেৰাতি ডাংগা চলে

ঘূলিৰ মাছ বিচাৰি নেফানেফ কৰা

পাপী হাতবোৰ

শগুণে খুঁটিয়ায়ে নাচাই

ইমান তিতা

ইয়াত শিলৰ নিৰ্জনতাতকৈ নদীৰ আৰাৱ বেছি প্ৰখৰ

একৈশখন নদী শুকাই মৰানদী হ’ল

ৰজাঘৰীয়াৰ কি আহিল গ’ল

ষ্টক এক্সচেঞ্জৰ সূচাংক হেনো ঠিকে ৰ’ল

কলম হাতত লোৱা মানুহবোৰৰ ইমান নিৰ্বিকাৰ গৰজ

অৱশেষত

শিয়ালবোৰে ভুকিব ল’লে

চাৰিআলিত

কোৱাকুই

ৱাহ

বেৰখনহে দিব নোৱাৰিলে

কলম হাতত লোৱা মানুহবোৰে

বান ভেটাটো বহুত দুৰৰে কথা৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!