বিস্ময়কৰ ব্ৰহ্মাণ্ড: ডাৰ্ক মেটাৰ — দেৱযানী বৰদলৈ কাকতি

অসীম ৰহস্যৰে ভৰা অনন্ত ব্ৰহ্মাণ্ডৰ বিষয়ে মানুহে যিমানেই জানিবলৈ চেষ্টা কৰিছে সিমানেই নতুন নতুন তথ্য পোহৰলৈ আহিছে। আমাৰ গ্ৰহ, নক্ষত্ৰ, নক্ষত্ৰপুঞ্জ, তাৰকাৰাজ্য, উল্কাপিণ্ড, ধূলিকণাৰ আদিৰে ভৰা এই অসীম অনন্ত ব্ৰহ্মাণ্ড, যিমানলৈ আমি কল্পনা কৰিব পাৰো বা দৃশ্যমান হয় সেইয়া মাত্ৰ ৫% হে। বাকী ৯৫% ই হ’ল অদৃশ্য যাক আমি দেখা নাপাওঁ‌!

সেই ৯৫% অদৃশ্য ব্ৰহ্মাণ্ড ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জীৰে গঠিত। ইয়াৰে ৬৮% ডাৰ্ক এনাৰ্জী আৰু বাকী ২৭% ডাৰ্ক মেটাৰ। এই ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি আমি কেতিয়াও দেখা নাপাওঁ কাৰণ ইহঁতে পোহৰ প্ৰতিফলন নকৰে। তদুপৰি ইহঁতৰ আকাৰ ইমানেই সৰু যে ভৰ প্ৰায় নাই বুলিবই পাৰি। সেয়ে ইহঁতক ভৱিষ্যতে আৱিষ্কাৰ হ’ব পৰা অতি শক্তিশালী দূৰবীণেও দেখা পোৱা সম্ভৱ নহয়। কিন্তু ইহঁতৰ কাৰ্য্যৰ পৰা এইবোৰৰ উপস্থিতিৰ প্ৰমাণ পাব পাৰি। ডাৰ্ক এনাৰ্জিয়ে ব্ৰহ্মাণ্ডৰ সকলো বস্তুকে দূৰলৈ ঠেলে আৰু ডাৰ্ক মেটাৰে আঁতৰি নোযোৱাকৈ ব্ৰহ্মাণ্ডৰ সকলো বস্তু পৰস্পৰ বান্ধি ৰাখে। ডাৰ্ক এনাৰ্জী আৰু ডাৰ্ক মেটাৰৰ আগৰ “ডাৰ্ক” শব্দটোৱে আমি যে এই সম্পৰ্কে বৰ্তমানলৈ বিশেষ একো নজানো তাকে বুজাই। আজি আমি অলপমান এই ডাৰ্ক মেটাৰৰ বিষয়ে জানোঁ আহক।

আমি জানোঁ যে সকলোবোৰ পদাৰ্থ ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰনৰে গঠিত আৰু এনেবোৰ পদাৰ্থ লগ হৈ দৃশ্যমান ব্ৰহ্মাণ্ড গঠন হৈছে। এই অণুবোৰৰ বিশেষত্ব এয়ে যে ইহঁতে কম-বেছি পৰিমাণে অন্য অণুৰ লগত সম্পৰ্ক স্থাপন কৰে। ফলত আমাৰ ব্ৰহ্মাণ্ডৰ সকলো বস্তু সন্তুলিত অৱস্থাত থাকে। কিন্তু ডাৰ্ক মেটাৰ অন্য অণু বা কণাৰ সংস্পৰ্শলৈ নাহে। ব্ৰহ্মাণ্ডৰ তাৰকাৰাজ্যৰ থূপ সমূহলৈ চাই বিজ্ঞানীসকলে ডাৰ্ক মেটাৰৰ উপস্থিতিৰ বিষয়ে অনুমান কৰিছে। এলবাৰ্ট আইনষ্টাইনৰ “আপেক্ষিকতাবাদ সূত্ৰয়ে” দেখুৱাই যে ব্ৰহ্মাণ্ডৰ বিৰাট আকাৰৰ বস্তু যেনে কৃষ্ণগহ্বৰ আদিয়ে স্পেচ টাইমক বিকৃত কৰে অৰ্থাৎ পোহৰক ভাঁজ কৰিব পাৰে। ডাৰ্ক মেটাৰেও পোহৰক বেঁকা কৰিব পাৰে যাৰ পৰা ইহঁতৰ অৱস্থিতিৰ প্ৰমাণ পোৱা যায়। এই প্ৰক্ৰিয়াক “গ্ৰেভিটেচনেল লেন্সিং” বুলি কোৱা হয়। ই প্ৰাকৃতিক লেন্সৰ দৰে কাম কৰে যাৰ সহায়ত আমি বহুত দূৰত থকা হাতীপটিসমূহ চাব পাৰো।

ডাৰ্ক মেটাৰক এণ্টিমেটাৰ বুলিও ক’ব নোৱাৰি কিয়নো এণ্টি মেটাৰে অন্য পদাৰ্থৰ লগত ক্ৰিয়া কৰি গামা ৰশ্মি উৎপন্ন কৰে। তেন্তে ডাৰ্ক মেটাৰ কিহেৰে নিৰ্মিত!

বিজ্ঞানীসকলে অনুমান কৰিছে ডাৰ্ক মেটাৰ নন-বেৰিয়নিক পদাৰ্থৰে গঠন হৈছে। কিন্তু ডাৰ্ক মেটাৰে আমি এতিয়ালৈ জনা কোনো পদাৰ্থৰ লগত ইণ্টাৰেক্ট নকৰে। এনেকুৱা হ’ব পাৰে নেকি ইহঁতে আমি নজনা এনেকুৱা পদাৰ্থৰ লগত ইণ্টাৰেক্ট কৰি আমাৰ এই দৃশ্যমান ব্ৰহ্মাণ্ডৰ খালী ঠাইত অনেক অদৃশ্য ব্ৰহ্মাণ্ডৰ নিৰ্মাণ কৰি আছে! বিজ্ঞানীসকলে নিৰন্তৰ এই বিষয়ে গৱেষণা কৰি আছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!