বিহংগ জীৱন (-কুসুমাঞ্জলি শৰ্মা)

বিহংগ জীৱন

-কুসুমাঞ্জলি শৰ্মা৷

bird_2
উজাগৰী নিশাত তাই
বাধাহীন
সীমাহীন

নিয়মবিহীন পখী
তাই

চকুৰ পটাত গঁজাই তোলে এক অৰণ্যভূমি

য’ত শেলুৱৈ পিছল শিলনিৰ মাজেৰে

অৰণ্য গুঞ্জড়িত কৰি

বৈ থাকে এটি জুৰি

গছে গছে ফুলে

এজাৰ বুলীয়া হেজাৰ ফুলৰ পাঁহি

সৰাপাত ফালি
আকাশ চাম বুলি

ওলাই আহে
সীমাহীন আশাৰ পুলি

পখীৰ দৰেই তাইৰ কল্লোলিত পূৱতি

চকুৰ অৰণ্য বুকুত বান্ধি

দিনে ৰাতি
জাৰে জহে

তাই পখী

এটি অদৃশ্য পখী
২)
কালি
কালিবোৰত ৰুই থাকোঁ ভুলৰ ভূঁই ডৰা

আজি চপাব গৈ কাটি আনোঁ
কাইট এবোঁজা!
৩)
আজি
ঢলি পৰাৰ সময়তহে মনলৈ থাকে আহি

কিমান কণনো জীয়াই থাকিলোঁ আজি!
৪)

কাইলৈ
বিচৰা ধৰণে নাহে চোন আমাৰ কাইলৈ!

বোকোঁচাত লৈ আহে দাঙিব নোৱাৰা

আন এটা কাইলৈ!!
********

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!