“বুফে” খাদ্য আৰু মধ্যবিত্ত অসমীয়া বিবাহ অনুষ্ঠান -(তপোব্ৰত বৰুৱা)

“বুফে” খাদ্য আৰু মধ্যবিত্ত অসমীয়া বিবাহ অনুষ্ঠান
-(তপোব্ৰত বৰুৱা)

ফৰাচীমাৰ্কা এই শব্দডালে জোলোকা জোলোকে পানী খুৱাইছে মোক৷ দুদিনমান আগেয়ে বহু কষ্টেৰে গুগুলৰ বৈতৰণী পাৰ হৈ বুফেৰ সন্ধান পালোঁ৷ ফৰাচীত বুফেৰ এটা অৰ্থ হ’ল Junk Food বা সোনকালে ৰান্ধিব পৰা খাদ্য৷ ভালদৰে আশ্বস্ত নহ’লো যদিও অনুমান কৰিলোঁ যে বুফে মানে হ’ল এক খাদ্যপ্ৰণালী বা এটা বিশেষ গোট যি এবিধ বিশেষ ধৰণৰ খাদ্য প্ৰস্তুত কৰে৷

এতিয়া আহোঁ মূল প্ৰসংগলৈ৷ বিগত কেইবছৰমানৰ পৰা লক্ষ্য কৰিছোঁ আজিকালি সকলোৱে বিয়া হ’লেই বুফে-বুফে কৰি থাকে৷ অসমীয়া বিয়াত প্ৰথম বুফেৰ জুতি লৈছিলোঁ বহু সৰুতেই৷ তেতিয়া মা-দেউতাৰ আশীৰ্বাদত বুফে খাদ্যৰ যন্ত্ৰণাৰ বিষয়ে অনুধাৱন কৰিব পৰা নাছিলোঁ৷ যেতিয়া ডাঙৰ হৈ আহিলো অসমৰ বিয়াসমূহত বুফেৰ ভয়াবহতাৰ বিষয়ে গম পালোঁ৷

অসমৰ মধ্যবিত্ত শ্ৰেণীটোৰ বিবাহৰ পৰিকল্পনাত বুফে বুলিলে জেইলৰ কয়দীৰ দৰে লাইন পাতি খাদ্য সংগ্ৰহ কৰাতো বুজায় য’ত পৃথিৱীৰ বিভিন্ন ৰকমৰ খাদ্যসম্ভাৰ মজুত থাকে আৰু নাই বুলিলেও ১৫০০ৰ পৰা ৩০০০ অতিথিক নিমন্ত্ৰণ কৰা হয়৷ কেইবাখনো বুফে-খাদ্য-বিশিষ্ট বিবাহ উপভোগ কৰি অনুভৱ হ’ল যিকেইজন খাদ্য বিতৰণৰ দায়িত্বত থাকে তেওঁলোককো বিশেষ নিৰ্দেশনা দিয়া থাকে অতিথিৰ বাবে৷ ভাৱ হ’ল লাইনত থকা অতিথিসকলক যেন তেওঁলোকে কোনোবা জনমৰ শত্ৰু হেন জ্ঞান কৰে৷

পিচে আমাৰ মধ্যবিত্ত পৰিয়ালবোৰৰ সহজ সৰল বয়সস্থ বৰমূৰীয়াসকলে কিন্তু বুফেৰ সৈতে ভালদৰে মিতিৰালি কৰিব পৰা নাই৷ প্ৰায়ে দেখা যায় বৰ অস্বস্তিৰে তেওঁলোকে খাদ্যৰ বাবে লাইনত ঠিয় হৈ থাকে৷ কেতিয়ানো গম নোপোৱাকৈয়ে থালত হিমালয়সদৃশ খাদ্যসম্ভাৰ আহি পৰে তাৰো একো আওভাও নাপায়৷ কেঁকোজেকোকৈ ইফাল সিফাল কৰি বহা ঠাই সন্ধানৰ পৰ্বটো ভালেকুশলে শেষ কৰিব পাৰিলে বুফেৰ প্ৰকোপৰ পৰা কিঞ্চিত হ’লেও হাত সাৰিব পৰা যায়৷ ঠাই সন্ধানৰ এই সমগ্ৰ প্ৰক্ৰিয়াতো এখন যুদ্ধৰ স’তে ৰিজালেও ভূল নহব৷ যোগ্যে ভো্গ্যে বসুন্ধৰাৰ মৰ্মাৰ্থ এইখিনি সময়ত ভালদৰে হৃদয়ংগম কৰিব পৰা যায়৷ পিচে দ্বিতীয়খন যুদ্ধৰ বাবেও শক্তি সঞ্চয় কৰিবলগীয়া হয় ইয়াৰ মাজতে৷ এইখন হল চামুচ-কাঁটাচামুচ আৰু কাঁহীৰ নিৰীহ শাক-পাচলি, কুকুৰা-ছাগলীৰ মঙহ কেইডোখৰৰ মাজত৷ ইয়াৰ ভিতৰত যিকেইটাৰ ভাগ্য ভাল সিহঁতেহে পাকস্থলীত স্থান লভি মুক্তি পায়৷

বুফেৰ আয়োজকমণ্ডলী অসমীয়া মধ্যবিত্ত ৰাইজৰ জ্ঞাতাৰ্থে কওঁ, বুফে ব্যৱস্থাপনাত বহু পৰিচাৰক আৰু ঠাইৰ প্ৰয়োজন যদিহে বিবাহৰ দৰে অনুস্থানত ইয়াক প্ৰয়োগ কৰিব বিচৰা যায়৷ কাৰণ আমাৰ বিয়াসমূহত মূল অতিথি আপ্যায়নৰ সময় আহে গধূলিৰ পৰা প্ৰায় ৰাতিলৈকে৷ এইখিনি সময়তে আপোনাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু মৰমৰ অতিথিকেইজনো উপস্থিত থাকে৷ বুফে-ব্যৱস্থাক এইখিনি সময়তে সফলভাৱে ৰূপায়ন কৰাটো এক প্ৰত্যাহ্বান হৈ পৰে, কিয়নো আপোনাৰ ১৫০০-৩০০০ নিমন্ত্ৰিত অতিথিৰ অৰ্ধেক এতিয়া আপোনাৰ ৰভাঘৰত উপস্থিত থাকে৷ অতিথিৰ বাবে যাতে এইকণ সময় অস্বস্তিকৰ হৈ নপৰে তাৰ বাবে বিয়াঘৰীয়াই যেন সহৃদয়তাৰে সহযোগ কৰে নাইবা ইমান বিশাল অতিথিবৃন্দৰ বাবে বুফে খাদ্য-ব্যৱস্থা পৰিহাৰ কৰি চলে৷

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mrinal Kumar Borah
10 years ago

ভাল কথা কৈছে।

Copying is Prohibited!