বুলেটৰ তুলিকাৰে অঁকা ছবি (কিশোৰ বড়ো)

বুলেটৰ তুলিকাৰে অঁকা ছবি

ঢেঁকীয়াপতীয়া ঠেঁটুৱৈ বতাহত
থৰথৰ বুকু কঁপিছেKishore Boro Image

ঢৌ তুলি কালিন্দী হ্রদত বিষ বৈ আহিছে
কৃষ্ণই ওমলা সৰিয়হ হালধীয়াত কিহৰ দাগ পৰিছে
গাঁৱৰ কেনভাছত
বুলেটৰ তুলিকাৰে অঁকা ছবিবোৰ ৰঙাহৈ জিলিকিছে

একে একে দুই, দুই একে তিনি
টেলিভিছনত মৃতকৰ যোগৰ অংক
তাতে বহি এচাম কৃষ্ণই
কালিন্দী হ্রদৰ বিষ পানৰ প্রতিজ্ঞা আখৈ ফুটাদি ফুটে

এনে নহওঁক
এয়াই শেষ হওঁক
নিপাত যাওঁক, নিপাত যাওঁক বুলি আমি চিঞৰিছোঁ
কিন্তু
বুলেটৰ তুলিকাৰে অঁকা ছবিবোৰ ৰঙাহৈ বাৰে বাৰে কিয় জ্বলে
কাৰ আঁৰত লুকাই
পথাৰৰ সোণালী সপোনৰ মাজত বন হৈ গজে ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!