বুলেট আৰু বৰষুণ… -( ইন্দুকল্প শইকীয়া)
সন্ধ্যা এটা অধঃগামী হোৱাৰ পৰত
ক’ৰপৰা জানো আহি ওলালহি
বতাহ ফালি দ্ৰুত গতিত
তেজৰ সোৱাদ বিচাৰি ফুৰা
এটা উলংগ বুলেট !
২৫ গ্ৰামমান বাৰুদ বুকুত বান্ধি,
৮.১ মি.মি দৈৰ্ঘ্যৰ বুলেটটো
হয়তো মোৰ বুকুক লক্ষ্য কৰিয়ে আহিছিল।
কিন্তু এখন হৃদয়ৰ আভ্যন্তৰৰ
অগণন হৰ্ষ-বিষাদ আৰু খেলিমেলিৰ স্পন্দনত
স্তব্ধ হৈ গৈছিল তাৰ গতি।
বুকুখনৰ ঠিক সন্মুখতে থকা
বাৰাণ্ডাৰ ৰেলিংত ওলমি ৰোৱা
বুলেটটোৰ কাষলৈ গৈ মই সুধিলোঁ-
“কাক বিচাৰি আহিছিলা?”
বুলেটটোৱে ক’লে “নাজানো”।
মই আচৰিত হৈ গ’লোঁ, আকৌ সুধিলোঁ-
“অপৰিচিতকো তুমি কৰা হত্যা?
জীৱনক নে আদৰ্শক ?”
বুলেটটো ৰেলিঙত কঁপিবলৈ ধৰিলে,
ক্ষোভত নে অনুতাপত নুবুজিলোঁ, কিন্তু ক’লে-
“বেদনাৰ বাৰুদবোৰ বুকুত বান্ধি
আৰু কিমান বিষ্ফোৰণ কৰিম
জীৱন আৰু আদৰ্শৰ চুবুৰী,
এটুকুৰা সীহৰ টুকুৰা হৈ
কিমান পালন কৰিম
বিবেকহীন বন্দুকৰ শুনানি”
কথাখিনি শেষ নৌহওতেই আকাশখন গৰজি উঠিল,
আৱতৰীয়া এজাক বৰষুণ দপদপনিয়ে
বুলেটটোক চকুৱে মুখে তিয়াই থৈ গুচি গ’ল
আৰু এইদৰেই এটা হৃদয়ৱান বুলেটৰ
বিস্ফোৰণৰ প্ৰাকঃক্ষণত অহা
এজাক বৰষুণত মৃত্যু হ’ল।