বৃত্তৰ পৰা বিন্দুলৈ — জয়ন্ত প্ৰীতম

Aristotle, the Greek philosopher, had strongly stated about the social nature of the man:

” Man is by nature a social animal; an individual who is unsocial naturally and not accidentally is either
beneath our notice or more than human. Society is something that precedes the individual.”

মহান গ্ৰীক দাৰ্শনিক এৰিষ্ট’ টলে মানুহৰ সামাজিক প্ৰকৃতিৰ বিষয়ে এইদৰে মতপোষণ কৰিছে,

মানুহ প্ৰাকৃতিক ভাবেই সামাজিক প্ৰাণী। যি আন কোনো বিশেষ কাৰণ নোহোৱাকৈ সামাজিক নহয় তেওঁ অতি
নিম্নস্তৰৰ নতুবা তেওঁ মানুহ নহয় বা মানুহতকৈ উৰ্ধত। সমাজ হৈছে এনেকুৱা এক ব‍্যৱস্থা যি মানুহক মানুহ
হিছাপে আগুৱাই লৈ যায়।

মোৰ জন্ম গাঁৱত হৈছিল। সৰুৰে পৰা গাঁৱৰ ধূলি, বোকা বালি গছকি গছৰ ডালে পাতে বগাই শৈশৱ পাৰ কৰিছিলোঁ।
গাঁৱত জন্ম হোৱা প্ৰতিজন ব‍্যক্তিৰে মোৰ দৰে অভিজ্ঞতা আছে।

সৰুতে আমি দুষ্টামি কৰিছিলোঁ যদিও সেই দুষ্টামি সীমাৰ বাহিৰত নাছিল। সীমা চেৰাই যাব পৰাকৈ দুষ্টামি
কৰিবলৈ সাহস আৰু ইচ্ছা দুয়োটাই নাছিল।

সাহস এইকাৰণেই নাছিল কিয়নো গোটেই গাঁৱৰ বয়োজেষ্ঠ সকলৰ চকু আমাৰ ওপৰত আছিল। মা-দেউতাৰ
শাসনতকৈ তেওঁলোকৰ শাসন বেছি কঠোৰ আছিল। গাঁৱৰ বয়োজেষ্ঠসকলৰ যেন এইটো দায়িত্ব আছিল
কনিষ্ঠজন ভুল পথেৰে গ’ লে তাক শুদ্ধ পথ দেখুওৱা।

সেই অনুশাসনৰ মাজত ডাঙৰ হৈ লাহে লাহে আনে বেয়া পোৱা কাম কৰিবলৈ ইচ্ছা নোহোৱা হৈ পৰে। বুজি পোৱা
হোৱাৰ লগে লগে বয়োজেষ্ঠসকলৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি বাঢ়ি আহে। গাঁৱৰ প্ৰতিজন মানুহ যেন এটা
পৰিয়ালৰে অংশ।

গাঁৱত জন্ম আৰু ডাঙৰ হোৱা হেতুকে আমি বহুতো যৌথ পৰিয়াল দেখা পাইছিলোঁ। এটা এটা পৰিয়ালত ৮-১০ জনৰ
পৰা ২৫-৩০জন সদস্যলৈকে একেলগে বাস কৰিছিল। কোনো হাই কাজিয়া নোহোৱাকৈ সকলোৱে একেলগে
সমিলমিলৰে কেনেদৰে হাঁহি মাতি ৰং ধেমালি কৰি সময় কটাইছিল এতিয়াও ভাবিলে আচৰিত লাগে। সেইবোৰ যেন
এতিয়া সপোন। যোৱা ২০-৩০ বছৰতে ইমান বেছিকৈ সামাজিক ব‍্যৱস্থাটোৰ সলনি হৈছে যে হয়তো আৰু ১০-২০
বছৰৰ পিছত যৌথ পৰিয়াল বুলি একো ধাৰণা নাথাকিবগৈ।

ইয়াৰোপৰি গাঁৱৰ প্ৰতিঘৰ মানুহৰে ইঘৰ সিঘৰৰ লগত সম্পৰ্ক আছিল সহোদৰৰ দৰে। এঘৰৰ বস্তু সিঘৰলৈ
নিয়া, খোৱা বস্তুৰ আদান প্ৰদান বিনা দ্বিধাই হৈছিল। একেলগে মাছলৈ যোৱা, হাটলৈ যোৱা। দূৰৰ ক’ ৰবালৈ
ভাওনা চাবলৈ একেলগে যোৱা। কাৰোবাৰ ঘৰত বিয়া হৈছে তাত ১০-১৫ দিনৰ আগৰে পৰা গাঁৱৰ সকলো ডেকা
ল’ ৰা গোট খাই ৰভা দিয়া। ভোজভাত ৰান্ধিবলৈ বাচন বৰ্তনৰ যোগাৰ কৰা। দোৰোলা চিলাই দিয়া কত কিমান
কাম। গৃহস্থই ভাবিবই নালাগে এইবোৰ কামৰ কথা। বিয়া হৈ যোৱাৰ পিছত আকৌ ৰভা ভঙাৰ পৰা বাচন
বৰ্তনবোৰ আগৰ ঠাইত চমজাই থৈ অহাৰ বাবে গৃহস্থই ক’ ব নালাগে কাকো। আন আন সকামতো একেই
ব‍্যৱস্থা। গাঁৱৰ কোনো এজনৰ সম্পৰ্কীয় মানুহৰ ঘৰলৈ সকাম নিকামত নমতাকৈয়ে যোৱা, গাঁৱৰ সমূহীয়া
কামৰ বাবে হজ দিয়া ইত্যাদি অনেক অলেখ কথা যিবোৰ হেৰাই গৈছে লাহে লাহে। ইয়াৰ বাবে মূলত দায়ী কোন
ঠিক ধৰিব নোৱাৰি। হয়তো এটা কাৰণ হ’ ব পাৰে আধুনিক প্ৰযুক্তিৰ অবাধ প্ৰবেশ আৰু তাক ব‍্যৱহাৰৰ
ক্ষেত্ৰত আমি নোলোৱা সাৱধানতা। আন এটা কাৰণ হ’ ব পাৰে আমাৰ শিক্ষা ব‍্যৱস্থা।

লাহে লাহে আমি সকলোৱে ইমানেই আত্মকেন্দ্ৰীক হৈ পৰিছোঁ যে আমাৰ সময় নাই কাৰো খবৰ লবলৈ। কাৰো
লগত কথা পাতিবলৈ। আমি নিজক লৈয়ে ব‍্যস্ত। ভাই, ককাই, ভনী, সম্পৰ্কীয় বা গাঁৱৰ আন আন সকলৰ সৈতে
আমি একলগ হৈ সমূহীয়া কিবা এটা কৰাৰ মানসিকতা হেৰাই গৈছে।

চহৰৰ মানুহৰ কথাটো বাদেই গাওঁবোৰতো কোনো মানুহৰ আজিকালি বেলেগৰ বাবে চিন্তা কৰিবলৈ সময় নাই।
গাঁৱৰ অকৃত্ৰিম মৰম ভালপোৱাবোৰ ক’ ৰবাত যেন হেৰাই গৈছে লাহে লাহে। তাৰ ঠাইত আহি পৰিছে অঘোষিত
অপ্ৰয়োজনীয় কিছুমান প্ৰতিযোগিতা। অমুকে এনেকৈ ঘৰ সাজিছে, গতিকে মই এনেকৈ সাজিম। অমুকে অমুক
গাড়ীখন লৈছে, গতিকে মই অমুক গাড়ী ল’ ম। মুঠতে হোৱাই নোহোৱাই কিছুমান অপ্ৰয়োজনীয় প্ৰতিযোগিতা। এই
প্ৰতিযোগিতাৰ ফলত আত্মীয়তা, নিভাঁজ মৰম, চেনেহ আদিবোৰ হেৰাই গৈছে আমাৰ মাজৰ পৰা।

আগৰ দিনবোৰত গাঁৱৰ ডেকাবোৰে আবেলি সময়ত ডেকা চাঙত আড্ডা দিছিল। সন্ধিয়া নামঘৰত খোল তাল
বজোৱাৰ আখৰা কৰিছিল। কিন্তু এতিয়া সেইবোৰ কৰিবলৈ কাৰো সময় নাই। গধূলি হ’ ল মাত্ৰকে টিভিৰ সম্মুখত
বহি লৈ নিজেই সকলো জানো বুলি ভাবি থাকি সময় পাৰ কৰে। কোনো কাৰো ঘৰলৈ নাযায়। কোনেও কাৰো খবৰ
নলয়। মানে গাওঁ নহয় যেন আধুনিক চহৰ। ডেকাবোৰৰো প্ৰায় ভাগেই পাৰিলে গধূলি এটুপি ধৰিব পাৰিলেই জীৱন
ধন্য বুলি ভাবে।

এই লেখাটো প্ৰস্তুত কৰি থাকোঁতে মোৰ মনলৈ আহিছে মই পঢ়া দুখন অসাধাৰণ উপন্যাসৰ কাহিনী। তাৰে এখন
হ’ ল ৰিছাৰ্ড লুৱেনিনৰ ‘ হাও গ্ৰীন ৱাজ মাই ভেলী’ । উপন্যাস খনৰ মূল চৰিত্ৰ হিউ মৰ্গানে বৰ্ণনা কৰিছে
কেনেদৰে ঔদ্যোগিক বিপ্লৱে তেওঁলোকৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিছিল। হিউ মৰ্গানৰ শৈশৱ কালত তেওঁ
বাস কৰা উপত্যকাটোত হাঁহি আৰু ৰং ধেমালিৰ অভাৱ নাছিল। কিন্তু লাহে লাহে যেন সেইবোৰ হেৰাই গৈছিল। হিউ
মৰ্গানৰ চৰিত্ৰটোৰ মাজেৰে লেখকে এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছিল। সেই বাৰ্তা হ’ ল উন্নতি আমাক লাগে
কিন্তু উন্নতিৰ বাবে আমি নিজকে হেৰুৱাই পেলালে নহ’ ব। সেই গ্ৰন্থ খনৰ দুটা বিখ্যাত উক্তি হ’ ল,

“How green was my valley then, and the valley of them that have gone.” …

কিমান সেউজীয়া আছিল মোৰ আৰু মোৰ পূৰ্বপুৰুষসকলৰ উপত্যকাখন! কিন্তু সেইবোৰ এতিয়া অতীত।

“But you have gone now, all of you that were so beautiful when you were quick with life.

কিন্তু এতিয়া সেইবোৰ নাই.. সেই সৌন্দৰ্যবোৰ যি জীৱনৰ লগত সংমিশ্ৰিত হৈ আছিল সেয়া সকলোবোৰ
বৰ্তমান অতীত।

কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ ‘ হাও গ্ৰীণ ৱাজ মাই ভেলী’ ৰ দৰে আমাৰ চাৰিওফালৰ সেই ভাল লগাবোৰ হেৰাই
গ’ ল নেকি? মৰম চেনেহবোৰ? আমিবোৰে বাৰু নিজক হেৰুৱাই পেলালোঁ নেকি।

‘ হাও গ্ৰীণ ৱাজ মাই ভেলী’ ৰ দৰেই আনখন উপন্যাস হ’ ল ড° লীলা গগৈৰ ” নৈ বৈ যায়” । এতিয়ালৈকে সৃষ্টি হোৱা
অসমীয়া সাহিত্যৰ ভিতৰত ই এখন অন‍্যতম উপন্যাস। গ্ৰন্থখনত অসমীয়া জনজীৱনৰ সকলো কথা অতি
প্ৰাঞ্জলকৈ বৰ্ণনা কৰা হৈছে। এখন নদীক কেন্দ্ৰ কৰি নৈ পৰীয়া ৰাইজৰ জীৱন সংগ্ৰাম, ৰাজনৈতিক পট
পৰিৱৰ্তনৰ লগে-লগে নতুন প্ৰজন্মৰ মানসিকতাৰ পৰিৱৰ্তন আৰু পুৰণি সমাজৰ লগত নতুনৰ সংঘাত আদি
বিষয়বোৰ কিতাপ খনত সুন্দৰ কৈ প্ৰকাশ পাইছে। অসমীয়া সমাজ জীৱনৰ প্ৰতিটো ৰীতি- নীতি পুংখানুপুংখ
ভাবে সামৰি লৈছে কিতাপখনে। সময়ৰ গতিত সলনি হোৱা সমাজ, সমাজৰ নিয়ম প্ৰণালী, জীৱনবোধ, সম্পৰ্ক,
মৰম, চেনেহ বোৰৰ বিস্তৃত বিৱৰণ দিয়া হৈছে কিতাপখনত। লোক সংস্কৃতিৰ পট লৈ ৰচনা কৰা উপন্যাসখনত
বিহুৰ পৰিবেশ আনি ডেকা গাভৰু ভগীৰথ আৰু সুৱাগীৰ প্ৰেম বিবাহ সম্পন্ন কৰোৱা হৈছে। নৈৰ পাৰত
তেওঁলোকৰ জীৱন, এই নাটঘৰতে আশা, নিৰাশা, ৰোগ, শোক, হা – হুমুনিয়াহ অতিক্ৰমি তেওঁলোকে পাৰ কৰা
সংসাৰৰ প্ৰতিচ্ছৱি সাৱলীল, ৰসপূৰ্ণভাবে আচ্ছাদিত কৰিছে। বিহুৰে আৰম্ভ কৰা তেওঁলোকৰ কাহিনীৰ
সামৰণিও মাৰিছে বিহুৰেই। অসমৰ সমাজ- সংস্কৃতিৰ পৰম্পৰাগত ৰূপক অনন্য আৰু অতুলনীয় ভাবে দাঙি ধৰিছ
উপন্যাসখনত। উপন্যাসখনৰ মোৰ ভাল লগা দুটা উক্তি হ’ ল,

” গাঁৱৰ পঁজাত টিপ-চাকিৰ পোহৰত জ্ঞান-চকু মেল খাইছিল। জ্ঞানী-মানী হৈ বিজুলী-চাকিৰ পোহৰত তহঁতৰ
মেলখোৱা চকুত চলিহাই ধৰিছে। তহঁতে নিজৰ বাহিৰে আনক নেদেখা হৈছ, নজনা হৈছ। তহঁতৰ তেজত পশ্চিমীয়া
বিহ মিহলি হৈছে, মনত কাঁইট গজিছে। ”

” বিহু আছে; সুৰ নাই। আনুষ্ঠানিকতা আছে; আন্তৰিকতা নাই” ।

মোৰ বোধেৰে প্ৰতিজন অসমীয়া লোকে এই কিতাপখন পঢ়া উচিত আৰু উপলব্ধি কৰা উচিত আমি আমাৰ জীৱনৰ
পৰা কি কি হেৰুৱাই পেলাইছোঁ।

উপন্যাস দুখনত কোৱাৰ দৰেই যেন আমি আমাৰ ভাললগাবোৰ লাহে লাহে হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ। আমি
সকলোবোৰ যেন এক বহল বৃত্তৰ পৰিধিৰ পৰা মাত্ৰ এটা বিন্দুত সোমাই পৰিছোঁ। ভাওনা এখন পাতিলে মানুহ
নাহে। সকাম নিকামত ইজনে সিজনক সহায় কৰা দূৰৰ কথা, মাত এষাৰ দিবলৈয়ো সময় বা ইচ্ছাৰ অভাৱ। কৃষ্টি
সংস্কৃতিৰ ৰক্ষাৰ বাবে অনুষ্ঠান এটা পাতিলে মানুহ নাহে। এয়া অসমীয়া সমাজৰ বাবে এক অশুভ লক্ষণ।

অৱশ্যে মই আশাবাদী। এতিয়াও সময় আছে আমাৰ হাতত। আমি সকলোৱে ইচ্ছা কৰিলে আমাৰ হেৰাই যাবলৈ
ধৰা ঐতিহ্য ৰক্ষা কৰি অকৃত্ৰিম ভাতৃত্বৰ দোলেৰে সকলোকে পুনৰ বান্ধি ৰাখিবলৈ সক্ষম হ’ ম। সৰু সৰু
মতানক‍্য আৰু মতভেদবোৰ সমাজৰ আৰু দহৰ বৃহত্তৰ স্বাৰ্থত ত‍্যাগ কৰিব লাগিব। ইয়াৰ অন‍্যথা মাত্ৰ
নামত কবলৈ এখন গাওঁ থাকিব কিন্তু গাঁৱৰ যি সৌন্দৰ্য সেয়া নাথাকিব।

সেয়ে শেষত ভূপেন হাজৰিকাৰ এটি কালজয়ী গীতৰ কলিৰে মোৰ লেখাৰ সামৰণি মাৰিব খুজিছোঁ,

শংকৰে সিঁচে নামৰ কঠীয়া

অসমীয়া হ’ব বুলি ৰখীয়া

পিছে দেখোঁ শংকৰৰ মহিমা

আজিৰ অসমীয়াই একো নুবুজা

কিহৰে ৰাগিনী পালা অসমীয়া

কিহৰে ৰাগিনী পালা

কিহৰে ৰাগিনী পালা অসমীয়া

কিহৰে ৰাগিনী পালা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments