বৃদ্ধাশ্ৰম: জ্যোৎস্না গগৈ
তেওঁলোকে লৈ ফুৰে হেজাৰটা হেঁপাহ বিষাদৰ…
তেওঁলোকৰ হেঁপাহবোৰ সজীৱ আছিল,
তেওঁলোকৰ আছিল এসময়ত এটি এটি পৰিয়াল
তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল ডাঙৰ হৈ আহিল
হৃদয়বোৰ সৰু হৈ আহিল
তেওঁলোকৰ অজানিতে,
বাঢ়ি আহিল দায়িত্ববোধ (?)
সেইবাবেই এতিয়া তেওঁলোকৰ বাসস্থান বৃদ্ধাশ্ৰম।
(বৃদ্ধাশ্ৰমত বাস কৰা প্ৰতিজন ব্যক্তি, পৰিয়ালৰ হাতত যাৰ দায়িত্ববোধ (?)ৰ বাবে গঢ়ি উঠিল বৃদ্ধাশ্ৰম।)