বৃন্দাবনত কি হৈছিল (কৌস্তভমণি শইকীয়া দত্ত)

বৃন্দাবনত কি হৈছিল, কৃষ্ণ ?
কি কথা সুঁৱৰি
এতিয়া জোনাক নিশা
গছবোৰ গোপী হৈ পৰে !
(জোনৰ পোহৰ তোমাৰ স্পৰ্শৰ দৰে চাগে !)
আৰু…
বাঁহী বাজিলেই কদম ফুলে
হৃদয়ৰ গভীৰত গোপনে ফুলা প্ৰণয়ৰ দৰে ।
ৰাধা ৰাধা বুলি নিয়ৰ সৰে…
চকুলোৰ দৰে ।
তোমাৰ বুকুতো কদম ফুলিছিল নে কৃষ্ণ..
ৰাধাৰ ৰঙা কলিজাৰ দৰে ?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!