বৃহৎ আফ্ৰিকীয় শামুক: কৃষিখণ্ডৰ বাবে এক প্ৰত্যাহ্বান — পাৰ্থপ্ৰতীম জ্ঞানোদয় দাস

গৰমকালি ধীৰে ধীৰে প্ৰত্যাৱৰ্তন হোৱাৰ লগে লগে কৃষিভূমিত লাহে লাহে এবিধ অনিষ্টকাৰী শামুকৰো আগমন ঘটা প্ৰায়ে লক্ষ্য কৰা যায়। ৰঙচুৱা বা মুগা ক’লা বৰণৰ ৩-৯ টা পৰ্যন্ত গাত খাজ কটা শংকু আকৃতিৰ শামুকটো দেখিলেই ইহঁতক সহজতে চিনাক্ত কৰিব পাৰি। ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলতে বৰ্তমান বিচাৰি পোৱা এই বৃহৎ আকৃতিৰ শামুকবিধ কিন্তু ভাৰতীয় মূলৰ নহয়। ইয়াৰ উৎপত্তি স্থল আছিল পূব আফ্ৰিকা অঞ্চল। সেইবাবেই ইয়াক বৃহৎ “আফ্ৰিকীয়” শামুক বুলি আভিহিত কৰা হৈছে। আন আন দেশৰ কৃষিখণ্ডত আচলতে ই এক বিদেশী শত্ৰুৰ দৰে। অৱশ্যে বৰ্তমান ই যে কেৱল ভাৰততে ব্যাপ্ত তেনে নহয়। পৃথিৱীৰ বিভিন্ন ঠাই যেনে: শ্ৰীলংকা, চীন, জাপান, ফিলিপাইন, ইণ্ডোনেচিয়া আদিৰ দৰে দেশৰ কৃষিভূমিৰো ই এক নতুন সমস্যা ৰূপে পৰিগণিত হৈছে।
এইবিধ শামুকৰ ভাৰতলৈ আগমন ঘটাৰো এক বিশেষ কাহিনী আছে। তথ্য অনুসৰি উইলিয়াম হেনৰি বেনচন নামৰ এজন গৱেষকে ১৮৪৭ চনত কলিকতাৰ চৌৰিংঘী নামৰ ঠাইৰ বাগিচা এখনৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে বিদেশৰ পৰা কেইটামান মাত্ৰ বৃহৎ আফ্ৰিকীয় শামুক লৈ আনিছিল। কিন্তু সেই কেইটামান মাত্ৰ শামুকৰ পৰাই আজি ভাৰতৰ প্ৰায় প্ৰত্যেকখন ৰাজ্যলৈকে ইহঁত বিয়পি পৰিছে।
বৃহৎ আফ্ৰিকীয় শামুকবোৰ উভয়লিংগী হয় যদিও বংশ বৃদ্ধিৰ বাবে ইহঁতক আন সংগীৰ প্ৰয়োজন হয়।প্ৰজনন সম্পূৰ্ণ হ’লে এটা শামুকে ১০০ ৰ পৰা ৪০০টা কণী থোপাকৈ পাৰে। এইদৰে বছৰত ৩-৪ বাৰমান কণী পাৰে।কণীবোৰ ৪-৫ মি মিটাৰ মান দৈৰ্ঘ্যৰ হয় আৰু তাৰ পৰা ৩-৮ দিনৰ ভিতৰত ফুটি পোৱালীৰ জন্ম হয়। নতুনকৈ জন্ম হোৱা পোৱালীবোৰ ক্ৰমশ: বৃদ্ধি হৈ ৩-৪ মাহৰ ভিতৰত পূৰ্ণাংগ ৰূপ পায়। অসমৰ পৰিৱেশত ইহঁতবোৰ মে’ ৰ পৰা অক্টোবৰ মাহলৈ সক্ৰিয় হৈ থাকে।
এই অনিষ্টকাৰী শামুকবিধে বিভিন্ন প্ৰকাৰৰ শস্যত ক্ষতি সাধন কৰা দেখা যায়। আচলতে ইহঁত মুখৰ ভিতৰত থকা দন্ত সদৃশ অংশৰে (ইংৰাজীত যাক Redula বুলি কোৱা হয়)শস্যৰ ফল, ফুল, পাত বা গছৰ কুমলীয়া অংশত ক্ষতি সাধন কৰে। ভিন্ন শস্য যেনে: অমিতা, কল, তামোল, ফুলকবি, বন্ধাকবি, ফুলকবি, গাজৰ, মটৰ, তিঁয়হ, পাণ, বাগিচাৰ ফুলৰ লগতে আন আন শস্যৰ কুমলীয়া আগ আদিত এই শামুকে অনিষ্ট সাধন কৰা দেখা যায়।

সু-সংহত নিয়ন্ত্ৰণ প্ৰণালী:
১) সেমেকা জেকা ঠাইৰ পৰিৱৰ্তে পাচলি বাগিচাখনৰ বাবে উপযুক্ত ৰ’দ ঘাই ঠাই নিৰ্বাচন কৰক।
২) বন-বাত, জাবৰ-জোঁথৰবোৰ আঁতৰাই খেতিডৰা পৰিষ্কাৰ কৰি ৰখাত বিশেষ যত্ন লওক।
৩) সপ্তাহত অতি কমেও দুবাৰ খেতিড়ৰাত এই শামুকৰ উপস্থিতি নিৰিক্ষণ কৰক। দৃষ্টিগোচৰ হোৱা শামুকবোৰ হাতেৰে ধৰি নিমখত ডুবাইও মাৰিব পাৰে।
৪) খেতিডৰাৰ চাৰিওফালে তুঁহগুৰি, নিমখ, কাঠৰ গুৰি বা শুকান ছাঁই প্ৰয়োগ কৰিব পাৰে।
৫) তামোল, নাৰিকল আদি ওখ গছৰ গাত মোটা বিজুলীৰ তাঁৰ বেকাবেকিকৈ বান্ধিলে ই শামুকৰ গতিৰোধক ৰূপে কাম কৰে।
৬) ফুল ৰোৱা পাত্ৰৰ চাৰিওকাষে ক’পাৰ বা এলুমিনিয়ামৰ পৃষ্ঠাৰে বেৰিলে ইহঁতৰ উপদ্ৰৱ কমে।
৭) মাটিত গাঁত খান্দি ফান্দ পাতিও ইহঁতৰ উপদ্ৰৱ কমাব পাৰি।
৮) বৃহৎ আফ্ৰিকীয় শামুকৰ বাবে বজাৰত উপলব্ধ ৰাসায়নিক নিয়ন্ত্ৰকবোৰ প্ৰয়োগ নকৰাই ভাল। এইবোৰ পৰিবেশৰ বাবে অত্যন্ত হানিকাৰক। তদুপৰি জৈৱিক কৃষিৰ ব্যৱসায় কৰা কৃষকসকলে এনে ৰাসায়নিক নিয়ন্ত্ৰকবোৰ প্ৰয়োগ কৰাৰ পৰা একেবাৰে বিৰত থাকিব লাগে। তথাপি উপদ্ৰৱ অধিক হ’লে ৰাসায়নিক নিয়ন্ত্ৰকবোৰ প্ৰয়োগ কৰিব বিচাৰিলে খেতিত প্ৰত্যক্ষ ভাৱ প্ৰয়োগ কৰাতকৈ বিষফান্দত প্ৰয়োগ কৰিব লাগে। ই পৰিৱেশৰ বাবেও লাভদায়ক। বিষফান্দ প্ৰস্তুত কৰিব বিচাৰিলে কৃষকে ১ কেজি আটা বা ধানৰ তুঁহগুৰিৰ লগত ০.২ কেজি গুৰ আৰু মিথ’মাইল ৪০ এচ পি ১০০ গ্ৰাম সানি সেই ফান্দবোৰ খেতিডৰাৰ ঠায়ে ঠায়ে স্থাপন কৰিলে বৃহৎ আফ্ৰিকীয় শামুক নিয়ন্ত্ৰণত যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হ’ব।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
কৌস্তুভ
1 year ago

আগতে শামুকবিধ দেখা নাছিলোঁ যদিও প্ৰায় এবছৰ মানৰ পৰা আমাৰ অঞ্চলত এই শামুকবিধ হঠাতে দেখা দিয়ে আৰু ব্যাপক হাৰত বৃদ্ধি হৈ শামুক বিধে ফুলনি, খেতি আদিত যঠেষ্ট ক্ষতিসাধন কৰিছে।

Copying is Prohibited!