বৃহৎ নদীবান্ধ, ভূমিকম্প, গেৰুকামুখ আদি (সুশান্ত বৰগোহাঁই)

বৃহৎ নদীবান্ধ, ভূমিকম্প, গেৰুকামুখ আদি

সুশান্ত বৰগোহাঁই

কিছুদিনৰ পৰা প্ৰচাৰ মাধ্যম সমূহত সঘনাই আলোচনা হৈ থকা বিষয় এটা হৈছে গেৰুকামুখৰ বৃহৎ নদী-বান্ধ৷ বহুতো দল, সংগঠন আদিয়ে বান্ধ নিৰ্মাণৰ প্ৰবল বিৰুধিতা কৰিছে ৷ কিন্তু অসমৰ জনগণৰ ৯০%ৰো বেছি লোক এই ক্ষেত্ৰত নিৰুদ্বেগ৷ এইটো একো আচৰিত হ’ব লগা কথা নহয়৷ কিন্তু যদিহে তেওঁলোকে বৃহৎ নদী-বান্ধৰ আঁৰৰ কথাবোৰ বুজি পালেহেতেন, বিশেষকৈ গেৰুকামুখৰ বৃহৎ নদী-বান্ধৰ ক্ষেত্ৰত, সকলোৱেই তেনে বান্ধৰ প্ৰয়োজনীয়তা নুই কৰিলহেতেন৷ কাৰণ গেৰুকামুখৰ নদী-বান্ধৰ বিৰোধিতা কৰাতো বহুতেই বেছি যুক্তিসংগত ৷

নদী-বান্ধ বা বৃহৎ নদী-বান্ধ কি বহলাই নকওঁ৷ চমুকৈ কওঁ যে ই এনে এটা ব্যৱস্থা যাৰ সহায়ত নদী এখনেৰে প্ৰবাহিত পানীক প্ৰয়োজন মতে ধৰি ৰাখিব বা এৰিব পাৰি আৰু সেই পানীক বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়৷ বিদ্যুৎ উৎপাদনৰ লগতে নদী-বান্ধৰ কিছুমান আনুষংগিক উদ্দেশ্য হৈছে জলসিঞ্চন, বাননিয়ন্ত্ৰণ আদি৷ সাধাৰণতে নদী এখনৰ খৰস্ৰোতা অংশৰ ভিতৰতে এনে বান্ধবোৰ সজা হয়৷ ভৌগোলিক তথা ভূ-তাত্ত্বিক ভাৱে বিশদ্ জৰীপ কৰাৰ পাছত কোনো এটা অঞ্চল বা নদী এখন নদী-বান্ধৰ বাবে কিমান উপযোগী তাক বিচাৰ কৰা হয়৷ এনে জৰীপৰ পৰা বান্ধৰ সঠিক স্থান, পানী ধাৰণ ক্ষমতা, বান্ধৰ উচ্চতা, বিদ্যুৎ উৎপাদন ক্ষমতা আদিবোৰ নিৰ্ণয় কৰা হয়৷ ধেমাজি জিলাৰ গেৰুকামুখত নিৰ্মীয়মান বৃহৎ নদীবান্ধটো হ’ব ভাৰতৰ ভিতৰত বৰ্তমানলৈকে নিৰ্মিত সৰ্ববৃহৎ নদী-বান্ধ, বিদ্যুৎ উৎপাদন ক্ষমতা ২,০০০ মেগাৱাট৷

সাধাৰণতেই নদী-বান্ধবোৰ হৈছে প্ৰকৃতিৰ বিৰুদ্ধে লোৱা ব্যৱস্থা৷ এটা নদী-বান্ধৰ (ক্ষুদ্ৰ বা বৃহৎ যিয়েই নহওক) ফলত আৰ্থ-সামাজিক দিশত তথা পৰিবেশৰ ওপৰত পৰা কিছুমান বিৰূপ প্ৰভাৱ হৈছে:

১) নদীৰ জীৱকুলৰ বিস্তৰ ক্ষতি৷ বান্ধ থকা নদী এখনত বান্ধৰ নামনিৰ অংশত পানীৰ পৰিমাণ গোটেই বছৰটোত খৰালি কালৰ দৰে হ’ব৷ আনহাতে উজনিৰ অংশ সদায় বাৰিষাৰ দৰে পানীৰে উপচি থাকিব৷ সাধাৰণতে খাল্, বিল্, নৈ, পুখুৰী আদিৰ প্ৰায়বোৰ মাছে বাৰিষাৰ সময়ত কণী পৰে৷ যি সময়ত সহজে কণী লুকোৱাই থব পাৰে আৰু পৰ্য্যাপ্ত পৰিমাণে খাদ্য পায়৷ কিন্তু বান্ধৰ নামনিৰ অংশত মাছবোৰে নদীত বহু কম পানী থাকোতেই কণী পাৰিব লগা হয়৷ যাৰ ফলত শত্ৰুৰ কবলত পৰি তথা খাদ্যৰ অভাৱত বহু মাছৰ প্ৰজাতি বিলুপ্তিৰ পথেৰে আগ বাঢ়ে৷

২) নদীৰ বান্ধৰ নামনিৰ অংশৰ দুয়োপাৰে থকা প্লাৱন-ভূমিৰ (সাধাৰণতেই খেতিৰ পথাৰ হিচাপে ব্যৱহাৰ কৰা হয়) উৰ্বৰতা নোহোৱা হয়৷ কাৰণ নদীৰ বাঢ়নী পানীয়ে কঢ়িয়াই নিয়া পলসে প্ৰতিবছৰে এইবোৰৰ উৰ্বৰতা নিয়ন্ত্ৰণ কৰি ৰাখে৷

৩) নদীৰ দুয়োপাৰে থকা ক্ষুদ্ৰ বনাঞ্চল বোৰৰ ক্ষতি৷

৪) যেতিয়া নদীৰ বান্ধৰ পানী এৰি দিয়া হয় নদীখনত সৰু বানৰ সৃষ্টি হয়৷ হঠাতে হোৱা এনে সৰু বানে নদীৰ তলিৰ পৰা গেদ্‌, বোকা, বালি আদিৰ লগতে তাত গজা জলজ্ উদ্ভিদবোৰ ধোৱাই নিয়ে৷ বাৰে-বাৰে হোৱা এনে বানৰ ফলত নদীখনৰ তলিত কেৱল ৫০/৬০ মি.মি. কৈ ডাঙৰ আকাৰৰ শিলৰ টুকুৰাবোৰহে ৰৈ যায়৷ যাৰ ফলত নদীখন জীৱশূন্য শিলাময় নদীলৈ পৰিবৰ্তিত হয়৷

৫) বান্ধৰ পানী এৰি দিওঁতে “reservoir”ৰ তলৰ অংশৰ পানী এৰি দিয়া হয় আৰু “reservoir”ৰ গভীৰতাৰ বাবে এই পানীৰ উষ্ণতা সাধাৰণ উষ্ণতাতকৈ বহু কম হয়৷ ইয়াৰ ফলতো নামনিৰ অংশৰ জীৱকুলৰ বিস্তৰ ক্ষতি হয়৷

৬) বান্ধৰ নামনিৰ অংশত নদীৰ দুয়োপাৰৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷ নদীখনত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত কাষৰ ভূ-গৰ্ভস্থ পানীৰ স্তৰো তললৈ নামি যায়৷ উল্লেখযোগ্য যে মানুহৰ দৈনন্দিন জীৱনৰ পানীৰ প্ৰয়োজনীয়তা এই ভূ-গৰ্ভস্থ পানীয়েই পূৰণ কৰে৷

এইবোৰৰ উপৰিও নদী-বান্ধৰ পৰা হোৱা আৰু বহু সমস্যা আছে৷ এইবোৰ কৈ শেষ্ কৰিব নোৱাৰি৷ এনেবোৰ সমস্যা সকলো বান্ধৰ সৈতে জড়িত আছে৷ কিন্তু গেৰুকামুখৰ বান্ধটোৰ ক্ষেত্ৰত মই এইবোৰ সমস্যাৰ কথা আলোচনা কৰিবলৈ যোৱা নাই৷ বান্ধটোৰ লগত এইবোৰৰ উপৰিও বেলেগ সমস্যা সাঙোৰ খায় আছে৷ যিটোৱে কেৱল নদীখনক জীৱিকা হিচাপে লৈ পৰিয়াল চলায় থকা মানুহকেইজন বা নদীৰ কাষত খেতি-মাটি থকা মানুহকেইজনৰ জীৱন ধ্বংস কৰি নেৰে, ই গোটেই ব্ৰক্ষ্মপুত্ৰ তথা সমগ্ৰ অসমৰ আৰ্থ-সামাজিক ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব৷ সমস্যাটো হৈছে, বান্ধটো ধ্বংস হোৱাৰ ভয়৷ বান্ধটো যেতিয়ালৈকে থাকে ওপৰৰ সমস্যাবোৰে অসমৰ লগ নেৰে৷ কিন্তু যিদিনাই বান্ধটো ধ্বংস হ’ব অসমৰ কেইবাখনো জিলা মৰিশালিত পৰিণত হ’ব৷ বান্ধটো ধ্বংস হোৱাৰ সন্দৰ্ভত কিবা কোৱাৰ আগতে পাঠকসকলক ভূ-বিজ্ঞানৰ কিছু কথা কৈ লওঁ৷ কাৰণ বিষয়টো ভালকৈ বুজিবলৈ হ’লে কেইটামান কথা জনাৰ প্ৰয়োজন আছে৷ মই যথাসম্ভৱ সাধাৰণ পাঠকে বুজিব পৰাকৈ লিখাৰ চেষ্টা কৰিছো৷

আমাৰ পৃথিৱীৰ খোলাটো কিছুমান প্লেটৰ দৰে অংশৰে গঠিত৷ ধৰি লওক ফুটবলটোৰ ওপৰৰ চাম্‌ৰাৰ অংশটো, ভিতৰৰ ৰবৰৰ্ অংশটোৰ পৰা বেলেগ৷ চাম্‌ৰাৰ অংশটোত বহুটো জোৰা আছে৷ সেইবোৰ চিলাই কৰি লগ লগোৱা থাকে৷ আমাৰ পৃথিৱীখনৰ ক্ষেত্ৰতো কিছুমান তেনে ধৰণৰ শিলাময় প্লেট্ আছে৷ কিন্তু এই প্লেট্‌বোৰ ফুটবলটোৰ দৰে জোৰা লগা নহয়৷ এই প্লেট্‌বোৰ ১৫ ৰ পৰা ২০০ কি.মি. পৰ্যন্ত ডাঠ্৷ এইবোৰক ভূ-বিজ্ঞানৰ ভাষাত “tectonic plate” বা “lithospheric plate” বোলি কোৱা হয়৷ সাগৰ, মহাসাগৰ, মহাদেশ আদি সকলো এই প্লেট্‌বোৰৰ ওপৰতে আছে৷ এইবোৰ ইফালৰ পৰা সিফালে গতি কৰি থাকে, যিহেতু ফুটবলটোৰ দৰে জোৰা লগা নহয়, (চিত্ৰ: http://www.facebook.com/photo.php?fbid=237728542946558&set=oa.237152689670568&type=1&theater, চিত্ৰ:http://www.facebook.com/photo.php?fbid=237728549613224&set=oa.237152689670568&type=1&theater)৷ এই গতিৰ জোখ বছৰত কেইমিলিমিটাৰমানহে৷ অৰ্থাৎ আমাৰ সাগৰ-মহাসাগৰ, মহাদেশ আদিবোৰ বৰ্তমান যি ঠাইত (বৰ্তমানৰ অক্ষাংশ আৰু দ্ৰঘিমাংশ) আছে, নিযুত বছৰৰ আগত সেই ঠাইত নাছিল৷ এই প্লেট্‌বোৰৰ ভিতৰত ভাৰতীয়-প্লেট্ (Indian Plate) আৰু ইউৰেছিয়ান-প্লেট্ (Eurasian Plate) দুখন ডাঙৰ প্লেট্, (চিত্ৰ: http://www.facebook.com/photo.php?fbid=237728549613224&set=oa.237152689670568&type=1&theater)৷ প্ৰায় ৫৫ নিযুত বছৰৰ আগত ভাৰতীয়-প্লেট্‌খন দক্ষিণ গোলাৰ্দ্ধত আছিল আৰু ই উত্তৰলৈ ইউৰেছিয়ান-প্লেট্‌ৰ ফালে আহি আছিল (চিত্ৰ: http://www.facebook.com/photo.php?fbid=237728552946557&set=oa.237152689670568&type=1&theater), বৰ্তমানো আহি আছে৷ যেতিয়াই ভাৰতীয় প্লেট্‌খন আহি ইউৰেছিয়ান-প্লেট্‌ত খুন্দা মাৰিছিল তেতিয়াই হিমালয়ৰ সৃষ্টি পক্ৰিয়া আৰম্ভ হৈছে৷ প্লেট্ দুখনৰ গতিবেগ বহুত কম যদিও ইয়াৰ শক্তি ইমানেই বেচি যে ইয়াৰ ফলত প্লেট্ দুখনৰ মূৰ দুটা খুন্দা খায় ওপৰলৈ উঠি আহিছে (চিত্ৰ: http://www.facebook.com/photo.php?fbid=274292425956836&set=oa.237152689670568&type=1&theater)৷ আৰু এই উঠি অহা অংশই হৈছে হিমালয় পৰ্বতমালা৷ ইয়াৰ পাছতো এই প্লেট দুখন ৰৈ যোৱা নাই, গতি কৰিয়েই আছে, ইখনে সিখনক ঠেলিয়েই আছে, হিমালয়ৰ উচ্চতা প্ৰতি দিনে বাঢ়িয়েই গৈ আছে৷ কিন্তু ইয়াৰ মান ইমানেই কম যে ১০০ বছৰতো আমাৰ চকুত নপৰে ( ইয়াৰ লগত জড়িত আৰু বহু কথা আছে সেইবোৰ বহলাই নকওঁ)৷ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, পৃথিৱীৰ এনে ঠাইবোৰেই ভূ-তাত্ত্বিক ভাৱে আটাইতকৈ সক্ৰিয়৷ য’ত অতি সঘনাই ভূমিকম্প হয়, পৃথিৱীৰ খোলাটোত বা খোলাৰ শিলবোৰত ফাট্ মেলে, যাৰ ফলত খোলাটোৰ এটা অংশ আনটোৰ পৰা পিচলি আঁতৰি যায়৷ এনে ধৰণৰ ফাটক চ্যুতি (fault) বোলি কোৱা হয় (চিত্ৰ: http://www.facebook.com/photo.php?fbid=237728556279890&set=oa.237152689670568&type=1&theater, আলোকচিত্ৰ: http://www.facebook.com/photo.php?fbid=237731489612930&set=oa.237152689670568&type=1&theater)৷ এই ফাট্‌বোৰ হাজাৰ কি.মি.লৈকে দীঘল আৰু দ’ হয়৷ পাঠকৰ জ্ঞাতাৰ্থে জনাব বিছাৰো যে গেৰুকামুখৰ বান্ধ নিৰ্মাণ কৰা অঞ্চলৰ শিলবোৰত তেনে বহুটো সৰু-ডাঙৰ ফাট্ আছে (ডাঙৰ মানে কেইবা কি.মি. লৈকে দীঘল আৰু দ’)৷ এনে ঠাইবোৰ কেতিয়াও ডাঙৰ নিৰ্মাণৰ বাবে উপযুক্ত নহয়৷ বৃহৎ নদী-বান্ধৰ কথা কল্পনাই কৰিব নোৱাৰি৷ বান্ধটো নিৰ্মাণৰ বিৰুধিতা কৰা প্ৰধান ভূ-তাত্ত্বিক কাৰণ বোৰ হৈছে:

১) অঞ্চলটো অতিকৈ ভূমিকম্পপ্ৰৱণ৷ কোন সময়ত ভূমিকম্পই বান্ধটো ধ্বংস কৰে কোনেও কব নোৱাৰে৷

২) গেৰুকামুখৰ বান্ধ নিৰ্মাণ কৰা ঠাইৰ শিলবোৰত বহুটো সৰু-ডাঙৰ চ্যুতি আছে৷

৩) বান্ধৰ “reservoir”ত যি বৃহৎ পৰিমাণৰ পানী জমা হ’ব সেই পানীৰ ভৰে অঞ্চলটোৰ শিলবোৰত থকা চ্যুতিবোৰক সক্ৰিয় কৰি তুলিব৷ অৰ্থাৎ চ্যুতিৰ দুয়োপাৰে বৰ্তমান স্থিতাৱস্থাত থকা শিলবোৰ পুনৰ গতি কৰিব পাৰে৷ এনে ক্ষেত্ৰত ভূমিকম্প নোহোৱাকৈয়ে বান্ধটোৰ অনিষ্ট হ’ব৷

৪) বান্ধ নিৰ্মাণ কৰা ঠাইৰ শিলৰ ধৰণ (lithology) সম্পূৰ্ণভাৱে উপযুক্ত নহয়৷ সাধাৰণ ভাষাত কবলৈ গ’লে শিলবোৰ সহজে ভাগিব পৰা ধৰণৰ৷

মই এতিয়ালৈকে যিবোৰ কথা উল্লেখ কৰিছো এই সকলোবোৰ মাত্ৰ এজন ভূ-বিজ্ঞানৰ স্নাতক হিচাপেহে৷ এইবোৰৰ উপৰিও আৰু বহু কাৰণ আছে যিবোৰে বান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত সমৰ্থন নকৰে৷ এইবাৰ আহো বিশেষজ্ঞ সমিতিৰ ৰিপ’ৰ্টৰ কথালৈ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ বিশেষজ্ঞৰ দ্বাৰা গঠিত বিশেষজ্ঞ সমিতিৰ “REPORT ON DOWNSTREAM IMPACT STUDY OF THE ONGOING SUBANSIRI LOWER HYDROELECTRIC POWER PROJECT AT GERUKAMUKH OF NATIONAL HYDROELECTRIC POWER CORPORATION LIMITED” শীৰ্ষক ৰিপ’ৰ্টটোত বান্ধটোৰ পৰা হ’ব পৰা সমস্যা বোৰৰ এখন দীঘ্ল তালিকা দিয়া হৈছে৷ য’ত বান্ধটোৰ নিৰ্মাণকাৰ্য্যৰ লগত জড়িত সমস্যাবোৰৰ পৰা আৰম্ভ কৰি বান্ধটোৰ কাৰ্য্যৰত অৱস্থাত হ’ব পৰা সমস্যালৈকে সকলো কথা বিশদ্ ভাৱে উল্লেখ কৰা হৈছে৷ অৱশ্যে বান্ধটোৰ পৰা হ’ব পৰা দুই-তিনিটা নগণ্য লাভৰ কথাও তাত উল্লেখ আছে৷ তালিকাখন তলত হুবহু ৰূপত দিয়া হ’ল (চিত্ৰ: http://www.facebook.com/photo.php?fbid=274307612621984&set=oa.237152689670568&type=1&theater)

এই সকলোবোৰৰ উপৰিও ৰিপ’ৰ্টটোত স্পষ্টকৈ উল্লেখ আছে, “The great 1950 earthquake of Upper Assam, caused landslides in the Subansiri river, thereby daming the river for three days, and when the natural dam failed, it brought total devastation in the downstream area. People required more than a decade for revival, the population was a meager number during that time as compared to the present, and even a calamity of similar magnitude can easily cause far greater devastation today, affecting a much larger population. This is a prime concern of the downstream inhabitants as was revealed during the study”, অৰ্থাৎ, ১৯৫০ চনত অসমত হোৱা ভূমিকম্পত সোৱণশিৰি নৈত হোৱা ভূমিস্খলনৰ ফলত নৈ খনত তিনিদিনৰ কাৰণে এটা প্ৰাকৃতিক বান্ধৰ সৃষ্টি হৈছিল, আৰু যেতিয়া তিনিদিনৰ পাছত বান্ধটো ধ্বংস হৈছিল ই সমগ্ৰ নামনিৰ অঞ্চল সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিল৷ সেই ক্ষতি পূৰণৰ বাবে এটা দশকতকৈও বেছি সময়ৰ প্ৰয়োজন হ’ল৷ তেতিয়াৰ জনসংখ্যা আছিল বৰ্তমানতকৈ বহুগুণে কম, আৰু সেই একেই ধৰণৰ দুৰ্যোগে বৰ্তমান বহু বেছি ধ্বংসলীলা মাতি আনিব৷ নামনিৰ অঞ্চলৰ জনজীৱনৰ বাবে এইটোৱেই প্ৰধাণ সংশয়ৰ কাৰণ৷ ৰিপ’ৰ্টটোৰ এঠাইত উল্লেখ আছে, “As Assam is frequently subjected to earthquakes, even in magnitudes exceeding 8.5M on record, that to under fragile geological conditions and active tectonic domain, there is sufficient ground for serious doubt about possible failure of such huge structures under unprecedented seismic events and their consequences will obviously be disastrous”, অৰ্থাৎ, অসমৰ দৰে ঠাইত বৃহৎ নদী-বান্ধৰ দৰে নিৰ্মাণবোৰ ধ্বংস হোৱাৰ ভয় বহু বেছি, য’ত সঘনাই ভূমিকম্প হয়, যিবোৰৰ প্ৰাবল্যই ৮.৫ অতিক্ৰম কৰি যায়, য’ৰ ভূ-তাত্ত্বিক অৱস্থা অতি ভংগুৰ (অঞ্চলটোৰ শিলবোৰ সহজে ভাগিব পৰা ধৰণৰ)৷ আৰু ইয়াৰ ফলাফল্ নিশ্চয়কৈ হ’ব অতি ভয়ংকৰ৷ ইয়াৰ ওপৰিও আন বহুতো ভূ-অভিযান্ত্ৰিক বিসংগতিৰ কথা ৰিপ’ৰ্টটোত উল্লেখ আছে৷ NHPC ৰ নিজা “drilling data” ৰ পৰা বুজা যায় যে অঞ্চলটো কোমল বালিশিলেৰে গঠিত৷ ইয়াৰ ওপৰিও এই শিলবোৰত বহুটো shear zone, fault, joint আছে, যিবোৰে শিলবোৰ আৰু বেছি ভংগুৰ কৰি তুলিছে৷ এই সকলোবোৰ লগ লাগি প্ৰথম বাৰ পানী জমা হওঁতেই বান্ধটো ভাঙিলেও আচৰিত হ’ব লগা একো নাই৷ কাৰণ এই সকলোবোৰৰ ভিতৰত মাত্ৰ এটা কাৰণেই বান্ধটো ভাঙিবৰ বাবে যথেষ্ট৷ আৰু সেইটো হোৱাৰ পাছত কেৱল বান্ধটোৰ ওচৰে-পাজৰে থকা মানুহৰ অনিষ্ট নহয়, সমগ্ৰ অসমত তাৰ প্ৰভাৱ পৰিব৷

মানুহে আহিব লগা প্ৰজন্মৰ বাবে নিজক বলিদান্ দিয়ে৷ আৰু আমি নিজৰ অলপ বিদ্যুতৰ প্ৰয়োজন পূৰাবৰ বাবে আহিব লগা প্ৰজন্মক বিপদলৈ ঠেলি দিছো৷ তাকো তাত উৎপাদন হোৱা বিদ্যুতৰ নগণ্য অংশহে আমি (অসম) পাম৷ তাতোকৈ আমি কোঠাৰ পৰা ওলালে লাইট্-ফেন্‌বোৰ বন্ধ কৰি নিদিওঁ কিয়? দিনত ৰাজপথত জ্বলি থকা ষ্ট্ৰীট্‌লাইট‌্‌বোৰ নুমুৱাই নিদিওঁ কিয়? ঘৰৰ পৰা ১০০ মি. আঁতৰত থকা দোকান্‌খনলৈ খোজেৰে বা চাইকেলখন লৈ নাযাওঁ কিয়? সকলোকে কওঁ, এবাৰ ভাবি চাওক! বান্ধটো ভাগিলেও মোৰ ব্যক্তিগত ভাৱে একো হানি নহয়…….৷

সুশান্ত বৰগোহাঁই

সহায়: REPORT ON DOWNSTREAM IMPACT STUDY OF THE ONGOING SUBANSIRI LOWER HYDROELECTRIC POWER PROJECT AT GERUKAMUKH OF NATIONAL HYDROELECTRIC POWER CORPORATION LIMITED.


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments