বেঙাভাইৰ ৰঙালাউ

লেখক- উজ্জ্বল দিপ্লু গগৈ

অলপতে পঢ়ি শেষ কৰা Han Kangৰ The Vegetarianৰ মায়াজালৰপৰা সম্পূৰ্ণকৈ ওলাই আহিবই পৰা নাছিলোঁ৷ ঠিক তেনেকুৱাতে হাতত পৰিলহি লেখিকা ৰশ্মি নাৰ্জাৰীৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত কিতাপ ‘His Share of Sky’ৰ বিদিশা দত্তৰ অসমীয়া অনুবাদ ‘বেঙাভাইৰ ৰঙালাউ’৷ 

    কিতাপখন কালি ৰাতি পঢ়িবলৈ আৰম্ভ কৰি আজি দুপৰীয়ালৈকে সমাপ্ত কৰিলোঁ৷ ক’বলৈ গ’লে এক ‘Smooth Read’৷ মই যিহেতু ইংৰাজী মূল কিতাপখন পঢ়া নাই গতিকে অনুবাদৰ বিষয়ে ক’বলৈ যোৱাতকৈ কিতাপখনৰ ভিতৰৰ কথাবোৰ ক’বলৈহে ভাল পাম৷ অসমীয়া শিশু সাহিত্য জগতত ‘সোণপৰুৱাৰ দেশ’ নামৰ কিতাপখনেৰে নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰা বিদিশা দত্তৰ এই কিতাপখনৰ প্ৰতিও, প্ৰকাশ পাব বুলি গম পোৱাৰেপৰা আছিল এক অনামী আকৰ্ষণ৷ সেই আকৰ্ষণ দুগুণে বৃদ্ধি পাইছিল মূল কিতাপখনৰ বিষয়ে গম পোৱাৰ পাছত৷ প্ৰধানত: এটি সৰু ল’ৰাক লৈ আগবঢ়া কেইবাটাও ভিন ভিন কাহিনীয়ে কিতাপখনত স্থান পাইছে৷ সৰু ল’ৰাটিৰ চৌপাশৰ পৃথিৱীখন, প্ৰকৃতিৰ লগত তাৰ একাত্ম বান্ধোন আৰু শৈশৱৰ দুষ্টামিবোৰে প্ৰাণ পাই উঠিছে কিতাপখনৰ পাতে পাতে৷ সমান্তৰালভাৱে কিতাপখনত প্ৰকাশ পাইছে এহাল সহজ-সৰল পিতৃ-মাতৃৰ নিজৰ সন্তানৰ প্ৰতি থকা মমতাৰ মাপকাঠীৰ কিছু সাঁচ বহাই থৈ যাব পৰা অভিনৱ মুহূৰ্ত৷

   সৰু ল’ৰা-ছোৱালীৰ মনবোৰ পঢ়ি এখন কিতাপ লিখি উলিয়াব পৰাটো সহজ কথা নহয়৷ তাহাঁতৰ মনোজাগতিক দৃষ্টিভংগীৰ ব্যৱধান পূৰ্ণবয়স্ক মানুহ এজনৰ সৈতে যথেষ্ট আছে৷ কিতাপখন পঢ়ি গৈ থাকোঁতে মই অনুভৱ কৰিছোঁ, লেখক আৰু অনুবাদক হিচাপে দুয়োগৰাকী লেখকেই শিশু এটিৰ মনোজাগতিক দৃষ্টিভংগী কেনেধৰণৰ হ’ব পাৰে সেই বিষয়ত যথেষ্ট অধ্যয়ন কৰিছে আৰু সাৱধানতাৰে আগবাঢ়ি সমগ্ৰ কিতাপখন পাঠকৰ আগত খুবেই সাৱলীলভাৱে উপস্থাপন কৰিছে৷ ক’বলৈ গ’লে, ঢৌতে খৰ মাৰি কিতাপ এখন তেওঁলোকে পাঠকলৈ বুলি লিখি উলিওৱা নাই, ইয়াৰ আঁৰত আছে তেওঁলোকৰ কষ্ট আৰু অজস্ৰ পৰিশ্ৰম৷ এইখিনিতে ক’ব বিচাৰিম, কিতাপখনে পাঠক সমাজক বিশেষকৈ চেমনীয়াসকলক সুখপাঠ্যৰ অমূল্য সময় উপহাৰ দিয়াৰ উপৰিও আমাৰ চৌপাশটোক লৈ কল্পনাৰ সাগৰত কিদৰে উটি-ভাঁহি ফুৰিব পাৰি সেই বিষয়ে নি:সন্দেহে এক সুন্দৰ অৱকাশ দিব পাৰিব৷ 

   ‘বেঙাভাইৰ ৰঙালাউ’ কিতাপখন প্ৰকাশ কৰিছে আগশাৰীৰ প্ৰকাশনগোষ্ঠী আঁক-বাকৰ অংশস্বৰূপ ‘অকণিৰ আকাশ’-এ৷ কিতাপখনৰ মূল্য ₹249/-৷ বেটুপাত, অংগসজ্জা আৰু চিত্ৰালংকৰণৰ ক্ষেত্ৰত কিতাপখনক দহৰ ভিতৰত ‘Excellent’ কেটেগৰীত ৰাখিব পাৰি৷ শেষত পুনৰবাৰ দুয়োগৰাকী লেখক ৰশ্মি নাৰ্জাৰী আৰু বিদিশা দত্তলৈ ধন্যবাদ জনাইছোঁ এনে এখন সুন্দৰ কিতাপ পাঠক সমাজলৈ আগবঢ়োৱাৰ বাবে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!