বেঙেনাৰে ইলিচ মাছৰ জোল- অপু দত্ত

গোটা সৰু চাইজৰ বেঙেনা চাৰিফাল কৰি কাটি ল’ব, আলুও দিব পাৰিব। জিৰা, ধনীয়া, গৰম মচলা, হালধি গুৰি, কাশ্মিৰী পাউদাৰ, জলকীয়া গুৰি একচামুচকৈ লৈ বাতি এটাত পানী অকণমান দি ঘোল বনাই ল’ব। বিলাহী দুটা চাৰিফাল কৰি কাটি ল’ব। আদা, নহৰু পেষ্ট আৰু পিয়াঁজ এটা মিহিকৈ কাটি ল’ব।

প্ৰণালী

মাছ নিমখ, হালধি সানি লৈ সামান্য ফ্ৰাই কৰি ল’ব। বেঙেনা কেইপিচো অলপ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি লওক আৰু বিলাহী কেইডোখৰো সামান্য গলি যোৱাকৈ ফ্ৰাই কৰি লওক।
তাৰপিছত সেই তেলতে পিঁয়াজ দি ৰঙচুৱা কৈ ভাজি লৈ আদা নহৰু পেষ্ট দুচামুচ দি কিছু সময় ভাজি লৈ মচলাখিনি ঢালি দি আৰু জোখমতে নিমখ দি তেল বিৰিঙালৈকে ভাজি লৈ গৰম পানী দি উতল আহিলে মাছ কেইপিচ দি কিছু সময় উতলাই লৈ বিলাহী আৰু বেঙেনাখিনি দি ঢাকোন মাৰি পাঁচমিনিট উতলাই লৈ নমোৱাৰ আগত গৰম মচলা আধা চামুচ দি নিমখৰ পৰিমাণ চাই নমাই গৰম ভাতৰ লগত পৰিবেশন কৰিব৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!