বেঙেনাৰ আচাৰ–প্ৰণীতা গোস্বামী বৰঠাকুৰ

উপকৰণঃ

দীঘল আকাৰৰ বেঙেনা ১কেজি
মিঠা তেল একাপ
নিমখ, হালধি জোখমতে
চেনী ৩ বা ৪ চামুচ
কেঁচা জলকীয়া ৬/৭টা
পিয়াঁজ ৩টা ডাঙৰ আকাৰৰ
নহৰু ৬/৭ফুটা
আদা আধা ইঞ্চি জোখৰ টুকুৰা এটা
জিৰাগুৰি, ধনিয়াগুৰি, জালুকগুৰি, ৰঙা জলকীয়া গুৰি এচামুচ
ভিনেগাৰ ৫/৬ চামুচ
নৰসিংহ পাত অলপ
কচুৰীমেথি অলপ

প্ৰণালীঃ

দীঘল ছাগলী শিঙিয়া বেঙেনা এক কেজি ভালদৰে ধুই পানী শুকুৱাই (শুকান কাপোৰেৰে মচি ল’লেও হ’ব) সৰু সৰু টুকুৰা কৰি এটা ৰ’দত দিব। পাছত কেৰাহীত তেল গৰম কৰি বেঙেনাখিনিত নিমখ-হালধি সানি অলপ অলপকৈ ৰঙচুৱাকৈ ভাজি উঠাই থ’ব। কেঁচা জলকীয়া ৬/৭ টা মানো ভাজি উঠাই থ’ব। সেই তেলতে পিয়াঁজ, আদা-নহৰুৰ পেষ্ট দি অলপ সময় ভাজিব। তাতে হালধি, জলকীয়া গুৰি, জিৰা, ধনিয়াগুৰি, জালুকগুৰি দি পুনৰ তেল ওলোৱালৈকে কম জুইত ভাজিব। পাছত ভজা বেঙেনাখিনি আৰু জলকীয়াখিনি দি লৰাই জোখমতে নিমখ, ৩/৪ চামুচ চেনী দি লৰাই লৰাই ভাজক। শেষত ভিনেগাৰ ৫/৬ চামুচ দি লৰাব, ভাল গোন্ধ ওলাবৰ বাবে কচুৰীমেথি শাক, বা নৰসিংহ পাত দি নমাই থ’ব।
একেদিনাই খাব পাৰি এই আচাৰ। জলা-মিঠা-টেঙা এই আচাৰ ৰুটি, লুচিৰ লগত খাই ভাল পাব।

একেদিনাই খাব পাৰি এই আচাৰ। জলা-মিঠা-টেঙা এই আচাৰ ৰুটি, লুচিৰ লগত খাই ভাল পাব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!