বৈদিক যুগৰ সংগীত (হিৰণ্ময়ী দাস গগৈ)

ভাৰতীয় সভ্যতাৰ বৈদিক যুগ ঋগবেদৰ ৰচনাৰ সময়ৰ পৰাই আৰম্ভ হৈছিল। ই প্ৰাক বৈদিক যুগ পৰা খ্ৰীষ্টপূৰ্ব ৫০০-১৫০ বছৰ পৰ্য্যন্ত বৰ্তী আছিল। লিপিবদ্ধ ইতিহাসৰ অভাৱত ইয়াৰ সময় নিৰ্ণয় কৰা অতি কঠিন। মধ্য এচিয়াৰ পৰা প্ৰবজন কৰা আৰ্য্য সকলে ঋগবেদক মুখে-মুখে কঢ়িয়াই আনিছিল বুলি কিছু ইতিহাসবিদে কব খোজে। বৈদিক যুগত চাৰিওখন বেদ মুখে-মুখেহে প্ৰচলিত আছিল। এই যুগ পাৰ হৈ যোৱাৰ বহু পিচতহে বেদসমূহক লিপিবদ্ধ কৰা হয়।
বৈদিক যুগৰ সংগীত কেনে আছিল তাক অনুমান কৰা অতি কঠিন। যজ্ঞ সমূহক কেন্দ্ৰ কৰিয়েই বৈদিক সংগীৰ উৎপত্তি বুলি অনুমান কৰা হয়। সেই সময়ত আৰণ্যক সংহিতা, পূৰ্বাচিক, উত্তৰাচিক, গ্ৰাম-গেয় গান, অৰণ্য-গেয় গান, স্তোভাক্ষৰ (নোম,তোম,ঋৰে,না ইত্যাদি )আদি সংগীতৰ প্ৰচলন আছিল। ব্ৰাহ্মণ সংহিতা আৰু প্ৰতিশাক্ষ যুগলৈ এই সংগীতৰ প্ৰচলন আছিল। এই সুদীৰ্ঘ কালৰ পৰিক্ৰমাত সংগীতৰ চৰ্চাৰ যথেষ্ট পৰিৱৰ্তন আৰু পৰিবৰ্ধন হয়। চাৰিওখন বেদৰ ভিতৰত কেৱল সামবেদত সংগীতৰ উপকৰণ পোৱা যায়। এক বিচিত্ৰ চন্দ আৰু স্বৰ বিন্যাসত সামবেদৰ শ্লোকসমূহ গোৱা হৈছিল। সেই সময়ত তিনিটা স্বৰত শ্লোকসমূহ গোৱা হৈছিল ; উদ্দাত্ত, অনুদ্দত্ত আৰু স্বৰিত যাক বৰ্তমানৰ মধ্য ষড়জ, তাৰ ষড়জ আৰু পঞ্চম স্বৰৰ লগত তুলনা কৰিব পাৰি। শিক্ষা আৰু প্ৰতিশাক্ষ গ্ৰন্থত এই তিনি স্বৰৰ উল্লেখ পোৱা যায়। মধ্য ষড়জ “সা”, তাৰ ষড়জ “সা” আৰু পঞ্চম “পা” স্বৰ সমূহৰ বৰ্গীকৰণ সংগীতৰ ক্ষেত্ৰত অতি মহত্বপূৰ্ণ আৰু মৌলিক সংযোজন বুলিব পাৰি। যজ্ঞবল্ক্য আৰু পানিণীৰ ৰচিত গ্ৰন্থ অনুসৰি পৰৱৰ্তী কালত এই তিনি আদিস্বৰৰ পৰাই স্বৰজাতিৰ সাতস্বৰৰ উৎপত্তি হয়।

“ওচ্চৌ নিষাদ গান্ধাৰৌ নীচৌ ঋষভ ধৈৱতৌ।
শেষাস্তো স্বৰিতা: জ্ঞেয়া: ষড়জ মধ্যম পঞ্চম:”।।

এইদৰে অনুদ্দাত্তৰ পৰা ঋষভ আৰু ধৈৱত ; উদ্দাত্তৰ পৰা নিষাদ আৰু গান্ধাৰ আৰু স্বৰিতৰ পৰা ষড়জ, মধ্যম আৰু পঞ্চমৰ সৃষ্টি হৈছিল। অনুদ্দাত্তক মন্দ্ৰ ; উদ্দাত্তক তাৰ আৰু স্বৰিতক সমতা ৰক্ষক মধ্য স্বৰ বোলা হয়।
সামবেদত সংগীতক পূৰ্বাচিক আৰু উত্তৰাচিক নামৰ দুটা ভাগত বিভক্ত কৰা হয়। পূৰ্বাচিকক গ্ৰামগেয় আৰু অৰণ্যগেয় নামে দুটা ভাগত আৰু উত্তৰাচিকক ঔহ আৰু ঔহ্য নামৰ দুটা ভাগত বিভক্ত কৰা হৈছে। ঔহ আৰু ঔহ্য দুয়োবিধ ৰহস্য গীত, সেয়ে ইয়াক সকলোৱে গাব নোৱাৰে। উপনিষদৰ ৰহস্য জনা সাধকহে এই দুয়োবিধ গীতৰ অধিকাৰী। গ্ৰামগেয় গান গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বাবে আৰু ইয়াক সকলোৱে গাব পাৰে। অৰণ্যগেয় গীত সমূহ নিৰ্জন অৰণ্যত গোৱা হৈছিল। এই শ্ৰেণীৰ গীত সমূহৰ বিস্তৃত পৰিচয় প্ৰতিশাক্ষাকাৰ পূণ্যৰ্ষী আৰু আজাদশত্ৰুৱে তেওঁলোকৰ নিবন্ধসমূহত বৰ্ণনা কৰিছে।
বৈদিক যুগৰ সংগীতত প্ৰচলিত সাত স্বৰৰ নাম আছিল ক্ৰুষ্ট, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, মন্দ্ৰ আৰু অতিস্বাৰ্য্য। বৈদিক সাহিত্যত ইয়াৰ নাম অভিনিহিত, প্ৰাশ্লিষ্ট, জাত্য, ক্ষেত্ৰ,পাদবৃত্ত, তেৰব্যঞ্জণ আৰু তেৰবিৰাম বুলি পোৱা যায়। বৈদিক গীত যজ্ঞবেদীৰ সন্মুখত গোৱা হৈছিল। “শতপথ ব্ৰাহ্মণ”নামৰ গ্ৰন্থত ঋত্বিক আৰু তেওঁৰ পত্নীৰ নৃত্য-গীতৰ উল্লেখ পোৱা যায়। যজ্ঞবেদীৰ চাৰিও ফালে একত্ৰিতহৈ ঋত্বিক আৰু তেওঁৰ পত্নীৰ লগতে উপস্থিত লোক সকলে বিভিন্ন অংগী- ভংগী কৰি গীত আৰু তালত লয়ত নৃত্য কৰিছিল। বৈদিক গীত প্ৰস্ত্বা, হুংকাৰ, উদগ্ৰীথ, প্ৰতিহাৰ, উপদ্ৰৱ, নিধান আৰু প্ৰণৱ নামে সাতটা ভাগত বিভক্ত কৰা হৈছে। বৈদিক যুগৰ সংগীতত বীণা,বেণু,দুন্দুবি আদি বাদ্যৰ প্ৰচলন আছিল। শ-শ বছৰৰ ক্ৰম পৰিবৰ্তন আৰু পৰিবৰ্দ্ধনৰ মাজেৰে বৈদিক সংগীতে ভাৰতীয় সংগীতৰ আধাৰ তৈয়াৰ কৰিছিল। সামবেদৰ শ্লোকসমূহ এতিয়াও তিনিটা স্বৰত গোৱা হয় যদিও তাৰ পৰিবেশন পদ্ধতিৰ পৰিৱৰ্তন অনিবাৰ্য্য।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!