বৈপৰীত্য (মালবিকা বৰা)
বৈপৰীত্য
কেলেণ্ডাৰত নতুন বছৰ
চিৰাচৰিত ৰীতি আদৰণি আৰু বিদায়ৰ
নিৰাশাৰ মাজত এমুঠি আশা
হৰষে ডাৱৰ ফালে বিষাদৰ
তথাপিও যেন উল্লাসত উত্ৰাৱল হ’ব নোৱাৰি
বালিঘৰ সাজি মচগুল হ’ব নোৱাৰি বনভোজথলীত
হাঁহিৰ মুকলি পাখিবোৰ কেনি যায় কেনি যায়
বুলেট এটাৰ ভয়ত পলাই ফুৰে নেকি
নদীৰ প্ৰশান্ত শৰীৰে লৈ যোৱা দেখা পালো যেন
সিঁহতক বহু দূৰলৈ উটুৱাই
অলপ নিসন্দেহ হ’ব পাৰিলেই জীৱনৰ বাবে
আহি থকা দিনবোৰ আঁকোৱালি ল’ব পৰা যায়
চিলমিল টোপনিৰ আমেজত
আগৰ দৰেই মিচিকিয়াব পৰা যায়
শীতৰ মেজি জ্বলাবৰ হ’ল
শেঁতা পৰা হাতবোৰ একেলগে তপতাই
ইজনে সিজনক সজোৰে ধৰাৰ বতৰ
হৃদয়ৰ শিলবোৰ গলাই মানুহ হোৱাৰ বতৰ
কেলেণ্ডাৰত আকৌ নতুন বছৰ।