বৈৰী- কৌশিক দাস
শাৰী এখন ল’ম বুলি তেওঁ বজাৰলৈ গৈছিল৷
“আপোনাৰ বাবে নে?“
: হয়
গেলাৰীটোৰ পৰা কেইখনমান বগা, গুলপীয়া ৰঙৰ শাৰী আগবঢ়াই দি দোকানীজনে ক’লে, ইয়াৰ ভিতৰতে চাওক; আপোনাক খুব ধুনীয়া লাগিব!
: মোৰ হলে এখনো ভাল লগা নাই! সোনকালে ফাটি-চিৰি যায়!
: এইবোৰ ব্ৰেণ্ডৰ কাপোৰ সহজ নহয়, বাইদেউ৷
: ব্ৰেণ্ডৰ কোনো কথাই নাহে৷ আমি ভালপোৱা কাপোৰবোৰ সোনকালে ফাটে বুলি আপুনি জানিব লাগে দেখোন! সৌ ওলমি থকা ক’লাখনতকৈ গাঢ় কিবা আছে যদিহে দেখুৱাব!
: চাওঁক, কিন্তু এনেকুৱাৰে, আপোনাক-!
“ভূতুনী বুলি ভাবি মানুহে দুৰৈৰ পৰা সেৱা জনাব নহয় জানো!“
মিঠা বৰণীয়া ছোৱালীজনীৰ কথা দোকানীজনে কেৱল শুনি থাকিল-
“মোক ধুনীয়া সাজিবৰ বাবে নহয়, লোকচক্ষু নিথৰ কৰি পেলোৱাকৈ ভাল চাই এখন দিয়ক৷ মনে বিচৰামতে পিন্ধি বহুত আদৰ পালো, জানে! কিচকিচীয়া ক’লা ৰঙৰ এইখনকেই দুদিনমান পৰীক্ষামূলকভাবে পিন্ধি চাওঁ ৰৱ- হৰিণাৰ মাংস নে কাপোৰহে প্ৰকৃততে বৈৰী!“