বোকা গচকি নোপোৱাজনলৈ এটি অনামী কবিতা – ( বিশাল দেৱ ৰায় )
ক্ষমা কৰিব ককাইদেউ,
আপুনি ভৱাৰ দৰেই সেউজীয়া হ’লেও
শাওণী পথাৰখনিত
ঘৰ্মাক্ত ৰ’দত প্ৰতিদিন
বোকাৰ প্ৰতিটো খোজত, মোৰেই তেজ
সৰে…
পুৱাতেই কোৰখন লৈ ওলাই যাওঁ
আয়ে দিয়া পইতা ভাত এমুঠিৰে…
প্ৰখৰ ৰ’দত পিতাইৰ হালখন ধৰোঁ
সপোন আঁকোঁ…
ক্ষমা কৰিব ককাইদেউ…
জীপাল শাওণক সজাবলৈ
সেউজীয়াবোৰক আঁকিবলৈ…
প্ৰতিনিয়ত মই শ্ৰম কৰোঁ ককাইদেউ,
ক্ৰমশঃ গৰ্ভস্থ হোৱা পথাৰখনিত
মোৰেই জীৱন থাকে…
এই যে, শাওণৰ পৰা আঘোণলৈ
ৰ’দে পোৰা পিঠিখনৰ বেদনা
পিতাইৰ হুমুনিয়াহত
আয়ে বুজে…
সেই কথা, আপুনি নুবুজিব ককাইদেউ…
আঘোণৰ সোণোৱালী পাতে
আইৰ (দাৱনি) হাত কাটে…
ডাঙৰি বান্ধোঁতে পিতায়ে চিঞৰে
“বোপাই তই যাগৈ…”
আপুনি নুবুজিব ককাইদেউ…
আপোনাৰ উপভোগত উজ্বলি উঠা
সোণোৱালী ধাননি
সেউজীয়া পথাৰখনি,
আচলতে সিমান সেউজীয়াও নহয়…
ক্ষমা কৰিব ককাইদেউ…।
বহুত ভাল লাগিল…
বহুত ভাল লাগিল. ৷