বোৱাৰী – অনুজ বৰুৱা

পুৱতিনিশা বাজলৈ যাবলৈ উঠি তাই বিচনাৰ পৰা মাটিত ভৰি দিওতেই পোনেই চিপচিপীয়া পানীত ভৰিখন পাৰিল! ল’ৰাটোৱে কেনেবাকৈ ৰাতি পানী পেলালে নেকি? কিন্তু সিতো সেইখন বিচনাত শুয়ে আছে!
অ’ নহয়! যোৱাৰাতি পতা কথাবোৰ ঘপককৈ তাইৰ মনত পৰি গ’ল! – তাৰমানে বানপানী! নৈৰ পানী সোমাইছে!! তাই লগে লগে গিৰিয়েকক জোকাৰি দি চিঞৰি দিলে – “ঘৰত পানী সোমালে ঐ, পানী!”
ক্ষন্তেকতে হুৱাদুৱা! চুবুৰিটোৰ মানুহবোৰৰো মাত আহি কাণত পৰিছেহি!
গিৰিয়েকটোৱে বাহিৰলৈ ওলাই গৈ ক্ষন্তেকতে সোমাই আহিল আৰু ক’লেহি – গোটেই গাঁৱখনতে হুৱাদুৱা! মানুহবোৰে চিঞৰি-বাখৰি কাৰোবাক গালি পাৰি পাৰি কৈছে – কোনোবাই হেনো ক’ৰবাত ওপৰত পানী খুলি দিছে, সেয়ে হঠাতে নৈৰ পানী বাঢ়ি গৈ গাঁৱত সোমাইছে, – পানী বাঢ়ি গৈয়েই আছে…আৰু, বাঢ়ি গৈয়েই থাকিব হেনো!!
ঘৰ যে এৰি যাব লাগিব, এইটো সিদ্ধান্ত ভালদৰে বহি লৈ আলোচনা কৰি ল’বলগীয়া সিদ্ধান্ত নাছিল! পৰিস্থিতিলৈ চাই কোনেও কাকো একো নোকোৱাকৈয়ে কি কি বস্তু বচাব পৰা যায়, সেইখিনি সামৰাত পুৱতিনিশাতে ব্যস্ত হৈ পৰিল! যিমান পৰা যায় সোনকালেই ঘৰৰ পৰা উলিয়াই লৈ যাব লাগিব, পানী বাঢ়ি আহি আছে, আৰু বাঢ়ি আহি থাকিব! আন কোনো উপায় থাকি যোৱা নাই!
ঘৰৰ গোটেইবোৰ চোতাললৈ ওলাই আহিল, ইফালে সিফালে পৰিস্থিতিটোৰ উমান ল’লে৷
“সৰু, তই ল’ৰাহালক কণপাইৰ ঘৰত থৈ খৰধৰকৈ ঘূৰি আহগৈ যা! আহি যি পাৰ কিবাকিবি দৰকাৰী বস্তু দুই-এপদ পাৰ কৰিব পাৰিলেও বহুত হ’ব! কিনো ৰক্ষা কৰিবি! সকলো শেষ! গোটেই ঘৰটোতো বস্তুৰে সৈতে দাঙি নিব নোৱাৰ…!” দেউতাকৰ কথাটো শেষ হ’ল কি নহ’ল, সৰুৱে তাৰ ল’ৰাটোৰ হাতখনত ধৰি টানিলেই! ছোৱালীজনীক কিবা ভাবি বাপেকে কান্ধত তুলি ল’লে৷
ল’ৰা-ছোৱালী দুয়োটাৰ মুখ দুখনো গহীন, সকলো যেন বুজি পাইছে!
ছোৱালীজনীয়ে বাপেকৰ কান্ধত উঠাৰ পাছত আকৌ তাইক নমাই দিবলৈ ক’লে৷ নামিয়েই তাই দৌৰমাৰি পানী ফালি গৈ ধানৰ ভঁড়ালৰ গাঢৈত শুই থকা ডেৰমহীয়া কুকুৰ পোৱালিকেইটাৰ ভিতৰত ‘লাঠু’ নামৰ তাইৰ আটাইতকৈ মৰমৰ পোৱালিটোক লৈ আহি বাপেকৰ আগত থিয় হ’লহি৷ বাপেকে একো নকৈ কুকুৰ পোৱালিৰে সৈতে তাইক কান্ধত তুলি ল’লে৷ এখন হাতেৰে ছোৱালীজনীৰ ভৰি এখন , আনখন হাতেৰে ল’ৰাটোৰ হাত এখন ধৰি লৈ সৰুৱে প্ৰায় এক মাইলমান আঁতৰৰ বৰআলিৰ কাষত থকা তাৰ ছাতিধৰা কণপাইৰ ঘৰলৈ খৰ খোজেৰে আগবাঢ়িল৷ সি ল’ৰা-ছোৱালীহালক টানকৈ ধৰি লৈছিল, পানী উঠি আহি বাট-পদূলি একাকাৰ কৰি পেলাইছে, কেতিয়াবাকৈ কিবা অঘটন ঘটিব লাগিলে…!
সৰু, মানে তাইৰ গিৰিয়েকটো৷ দুই ককাই-ভাইৰ ডাঙৰজন তেওঁৰ পৰিয়ালটো লৈ টাউনত থাকে৷ সৰুজন, যাক সকলোৱে সৰু বুলি মাতে, তাইৰ সৈতে সংসাৰখন পাতি সি এই গাঁৱৰ ঘৰতে থাকে৷ সিয়ে সকলো চায় – ঘৰ-বাৰী, খেতি-পথাৰ, সাতবছৰীয়া ল’ৰাটো আৰু পাঁচবছৰীয়া ছোৱালীজনী, বুঢ়া দেউতাক, বুঢ়ী মাকজনী – এই সকলোখিনি তাইৰ মানুহটোৱেই তাইৰ লগ হৈ চোৱাচিতা কৰে৷
সৰু আৰু ল’ৰা-ছোৱালীহাল ওলাই যোৱাৰ পাচতে তাইৰ ভিতৰখনত কিবা এটাই ঝিৰিংকৈ মাৰিলে! তাই বাহিৰে-ভিতৰে কঁপি উঠিল! কি কৰিব লাগে এতিয়া তাই? একেকোবে তাই চোতালৰ পৰা দৌৰি যোৱাৰদৰে ঘৰৰ ভিতৰ সোমালগৈ! ভিতৰত তেতিয়া তিনি আঙুলমান পানী! তাই ইটো কোঠাৰ পৰা সিটো কোঠালৈ এনেয়ে দুপাকমান মাৰিলে৷ ক’ৰ পৰা কি আৰম্ভ কৰা যায়? শেষতো নহ’বই…!
তাই এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পাছত ইমানদিনে তিলতিলকৈ গঢ়ি তোলা এখন ঘৰ – চকুৰ আগতে নিমিষতে শেষ হৈ যাব এতিয়া! তাই যিখিনি কৰিব পাৰিব সেয়া অতিকে নগণ্য!
মতা মানুহে ঘৰটো সাজে, তিৰোতাই সংসাৰখন! কোনো আগজাননী নিদিয়াকৈয়ে হঠাতে তাইৰ হাতৰ মুঠিৰ পৰা তাইৰ সমগ্ৰখিনি বানপানীটোৱে সৰকাই লৈ যাবলৈ ওলাইছে! কি ধৰি ৰাখিব পাৰে তাই? হাত মাত্ৰ দুখন! কিনো বচাব পাৰিব তাই? তাইৰ তেজখিনি, আনকি মঙহখিনিও হাতৰ আঙুলিৰ ফাঁকেৰে যেন সৰকি গৈছে, বৈ যোৱা পানীখিনিয়ে উটুৱাই লৈ গৈছে খৰধৰকৈ! মাত্ৰ দুখন হাতেৰে দুই এবিধকেই বচাব পাৰি – কোনটো বস্তু বচোৱা উচিত? দহখন হাত থাকিলেও এইটো ক্ষণত তাই বৰ বিশেষ একো কৰিব নোৱাৰিব, তাই অনুভৱ কৰিলে! …বুজিও উঠিলে!
গাঁৱৰ মানুহবোৰৰ চিঞৰ-বাখৰ, লৰা-ঢপৰাবোৰ ক্ৰমে বেছি স্পষ্ট হৈ আহিছে!
ল’ৰাটোৱে স্কুললৈ কিতাপ-বহী নিয়া বেগটো টেবুলখনৰ ওপৰত খালী কৰি তাৰ পাছত আলমাৰীৰ পৰা গহনাৰ বাকচটো উলিয়াই সেইটোৰ বস্তুবোৰ স্কুলৰ বেগটোত ভৰাই লৈ সেইটো কঁকালত বান্ধি লওঁতে তাই কিতাপখিনিলৈ চালে! কিন্তু এই কিতাপখিনি? সেইখিনিওতো পৰম মূল্যৱান? ল’ৰাটোৰ জীৱন গঢ়াৰ কথাটো সেইখিনিৰ লগতে জড়িত! …কিতাপকেইখন হয়তো আকৌ কিনিব পাৰিব, কিন্তু তাৰ হাতৰ প্ৰথম আখৰখিনিৰে আধালৈকে ভৰি থকা বহীখিনি?
…তাই বহীকেইখনমান গহনাবোৰৰ লগতে পুনৰ বান্ধি ল’লে…!
ভাগৱতখন? গোঁসাই ঘৰটোৰ ফালে সেৱা এটি জনাই তাই ক্ষমা খুজিলে ৰিব্ৰিব্কৈ মাতেৰে…! হাতখনেৰে থাপনাখন চুই মূৰৰ চুলিত মোহাৰি ল’লে!
ভাল কাপোৰখিনি তাই কালি ৰাতিয়েই পলিথিনৰ বৰ ডাঙৰ বেগ দুটাত বান্ধিছিল, গিৰিয়েকে নেদেখাকৈয়ে৷ কালিৰে পৰা গাঁৱৰ মানুহবোৰে চেগাচোৰোকাকৈ কৰা আলোচনাবোৰৰ পৰা এইটো ধাৰণা তাইৰ মনলৈ আহিছিল যে ক’ৰবাত পানী খুলি দিয়াৰ বাবে বৰপানী এটা আহিব পাৰে! মানুহটোৱে গুৰুত্ব নিদিয়ে এই কথাবোৰত! নাহিলে নাই, আহিলে কি হ’ব?
বৰপেৰা আৰু সৰু পেৰাটোত থকা কাপোৰৰ ভাঁজে ভাঁজে সোমাই থকা টকাৰ নোটখিনি – দহটকীয়াৰ পৰা দুহেজাৰ টকীয়ালৈকে গোটেইখিনি গোটাই তাই সৰু পলিথিন এটাত কালিয়েই ভৰাই থৈছিল৷ খুচৰা পইচাও প্ৰায় পাঁচ পোৱামান হ’ব! সেইখিনি দুটা পলিথিন ডবল কৰি লৈ বেলেগে বান্ধি থৈছিল তাই! এতিয়া সেই গোটেইখিনি আলমাৰীটোৰ ওপৰৰপৰা নমাই লৈ গামোছা এখনত আঁতি আঁতি বান্ধি লৈ সেইখন মূৰত পাকখোৱাই বান্ধি ল’লে! কিবা ভাবি তাই খৰধৰকৈ পইছাৰ গামোছাখন আকৌ খুলিলে মূৰৰ পৰা৷ তাৰপৰা খুচৰা পয়ছাৰ টোপোলাটো বেলেগ এখন গামোছাত বান্ধি লৈ সেইখন কঁকালত মেৰিয়াই টানকৈ বান্ধি ল’লে৷ সেইখিনি তিতিলেও কোনো কথা নাই!
কাঁহৰ কাঁহী-বাটিবোৰ য’তে আছে পৰি থাকক, পানী কমিলে বিচাৰি চাব লাগিব৷
আৰু কি ল’ব, কি গোটাব তাই? শাহুআইৰ কাৰণে হাত এখন খালী ৰাখিব লাগিবই, আইৰ গাটো কিছুদিনৰ পৰা বেয়া!
টিভিটোত চকু পৰিল তাইৰ! সেইটো কিহবাৰ ওপৰত কেনেবাকে তুলি থৈ যাব পাৰি নেকি? পানী যদি কমকৈ উঠে সেইটো বাচি যায়েইবা! বিজুলী লাইনটো দুদিনমানৰ পৰা নায়েই৷ একোকে নাভাবি তাই তাঁৰকেইডাল এৰোৱাই টিভিটো একে কোবে দাঙি ল’লে৷
পানীখিনি ওপৰলৈ উঠি আহি আছে…ভৰিৰ সৰুগাঁঠিৰ পৰা আৰু দুৱাঙুলমান বাঢ়িল!
“বোৱাৰী! একো বস্তু উলিয়াব নালাগে, তই বাহিৰলৈ ওলাই আহ, বুঢ়ীক ধৰি ল!” চোতালতে থিয় হৈ থকাৰ পৰা তাইৰ শহুৰেকে চিঞৰিলে!
তাই টিভিটো বাহিৰৰ কোঠাৰ বিচনাতে ধম্কৈ থলে…আৰু বাহিৰলৈ ওলাই আহিল!
চোতালত তেতিয়া পানী একাঁঠু, পিৰালিত চাৰিআঙুলমান! তাই মূৰৰ, কঁকালৰ বয়-বস্তুবোৰৰ গাঁঠিবোৰ আকৌ এবাৰ টানি-মেলি চাই ল’লে৷
পিৰালিৰ খুটা এটাত ধৰি থিয় দি থাকি তাইৰ শাহুৱেকে ইফালে সিফালে চাইছে – ক’ত কি হ’ব এতিয়া?
“আই, ব’ল বাজলৈ!” তাই শাহুৱেকক ধৰি ধৰি আনি চোতালত থিয় দি থকা শহুৰেকৰ হাতত ধৰাই দিলেহি৷
মথাউৰিটো এতিয়াও ভগা নাই চাগে’, পাৰহে বাগৰিছে, সেয়ে শব্দ কম!
চোতাললৈ ওলাই আহি দুৰ্ঘটনাটো কিমান ডাঙৰ হ’বগৈ পাৰে জুকিয়াই ল’লে তাই৷ বাগৰি অহা পানীয়েই যদি ইমান, মথাউৰি ভাগিলে কিমান ডাঙৰ কথা হ’ব! নাই, যিমান পাৰি সোনকালে আঁতৰি যোৱাই ভাল!
কিন্তু ক’লৈ যাব?
ঘৰে বাহিৰে আৰু কি বস্তু বচাব লাগিব? কি কি বস্তু সামৰিব লাগিব?
ল’ৰা-ছোৱালীহাল বাপেকে নি আতৈয়েকৰ ঘৰ পোৱালেগৈ কিজানি৷ শহুৰেকে নিজেই যাব পৰা হৈ আছে৷ শাহুৱেকক ধৰি নিব লাগিব৷
কিন্তু এই এগোহালি গৰু, চাংঘৰটোত ছাগলীপাল, হাঁহজাক, মেকুৰীজনী, কুকুৰজনী আৰু পোৱালিকেইটা, ভঁড়ালৰ ধান…!
কি হ’ব? কি কৰিব পাৰিব তাই? বা, তাইৰ মানুহটোৱে? শহুৰেকৰ মনটোহে শকত, শৰীৰে নাটানে বা টানিলেওনো কি পাৰ পাব?
পাৰচৰাইকেইটা, পাচফালৰ বাৰীৰ শাক-পাচলিবোৰ, পদূলিৰ ফুলকেইজোপা, এইবাৰ মেলা পুখুৰীৰ মাছৰ কথা বাদেই দিলোঁ বাৰু…
শহুৰেকে চাৰিওপিনে এবাৰ চাই তাইক ক’লে “বোৱাৰী, গোহালিৰ গৰুকইটাৰ পঘাখিনি কাটি থৈ আহগৈ যা! ছাগলীৰ গড়ালৰ জপনাখনো খুলি থৈ দে! হাঁহকেইজনীয়ো মেলি দে! …তইনো অকলে কিমান কি কৰিবি? ৰ’হ, ময়ো চাওঁ কি কৰিব পাৰোঁ!”
তাই চোতালখনতকৈ অলপ দ’ৰ ফালে থকা গোহালিটোৰ ফালে খৰকৈ যাবলৈ চেষ্টা কৰিলে৷ কিন্তু পানী প্ৰায় তাইৰ কৰঙণৰ মানত!
“বোৱাৰী! মেখেলাখন কোঁচাই ল’! খৰকে যা! কৰঙণলৈকে উঠা পানী ঠেলি গ’লে তোক মেখেলাখনে যাবলৈ দিব নেকি?”
তাই মেখেলাখন উজোৱাই লৈ কঁকালত গাঁঠি মাৰি ল’লে, শহুৰেকৰ ফালে এবাৰ চাই ওৰণিখন আৰু অলপ আগফালে টানি ললে! তাৰপাছত গজং গজংকৈ গোহালিটোৰ ফালে আগবাঢ়িল৷ গোহালি গৈ পোৱাৰ আগতেই তাই গোহালিটোৰ চালখনৰ ফালে চাই কিবা বিচাৰিলে, হয় আছে, পুৰণা কাচি এখন চালখনৰ তলৰফলে তায়ে কাহানিবা গুজি থৈছিল, একেকোবে তাই সেইখন এৰুৱাই আনিলে!
গোটেই পঘাকেইডাল কাটোতে তাইৰ বৰ বেছি সময় নালাগিল৷ তাৰ পাছত তাই ছাগলী চাংঘৰটোৰ ফালে গ’ল৷ চাং ঘৰটোৰ ভিতৰত ছাগলীকেইজনীয়ে আগৰেপৰাই অলপ ভয় খাই আছিল৷ তাইক দেখি সিহঁত জপনাখনৰ পৰা অলপ পিছহুহুকি গ’ল! কিন্তু এই নতুনকৈ জগা পোৱালি দুটা, যি দুটাই সদায়ে তাইৰ লগত খেলে, সিহঁত দুটা আগুৱাই আহিল৷ দুয়োটাই পিছ ভৰিৰ ওপৰত থিয় হৈ আনদিনাৰ দৰেই তাইৰ সৈতে ধেমালিতে যুঁজ দিয়াৰ দৰে মূৰত মূৰ খুন্দিয়াবলৈ আহিল! – এইবাৰ ইমানপৰে ধৰি ৰখা কান্দোনটো তাইৰ মুখেৰে হাও হাওকৈ ওলাই আহিল! তাই পোৱালি দুটাক সাৱটি ধৰিবলৈ লৈছিল, কিন্তু সিহঁত দুটাই পিছহুহুকি গৈ আকৌ পিছঠেঙৰ ওপৰত থিয় হৈ…
“বোৱাৰী! সোনকাল কৰ! হাঁহকেইজনী মেলি দে…”
তাই কান্দি কান্দি হাঁহৰ গড়ালৰ জপনাখন খুলি দিয়াৰ লগে লগে হাঁহকেইটাই পৰম আনন্দেৰে কেপ কেপাই পাখি মেলি পানীত জাপ দিলেহি!
“ৰাংঢালী!” – বোৱাৰীয়ে চোতাললৈ আহি চিঞৰিলে!
পাছফালৰপৰা ঘৰৰ কাষেদি আহি কুকুৰজনী আগফালৰ পিৰালি পালেহি! তাই চোতাললৈ নামি আহোঁতে তাইৰ নেজদাল জোকাৰিব নোৱাৰকৈ পানীত সোমাই পৰিল! তথাপি ৰাংঢালী চোতালৰ মাজলৈ আহি তাইৰ কাষ পালেহি, পানীখিনিৰ লৰচৰখিনিৰ পৰাই অনুমান লগাব পৰা গৈছিল যে তাই পানীৰ তলতে নেজদাল জোকাৰি আছে!
তেওঁলোক ওলাই আহোঁতে ঘৰৰ ভিতৰৰ ক’ৰবাৰ পৰা মেকুৰীজনীৰ মাতটো ভাহি আহিল!
“পিচিজনী!” বোৱাৰীয়েকে কৰুণভাৱে শহুৰেকৰ মুখলৈ চালে! শহুৰেকে ক’বলৈ একো বিচাৰি নাপাই বোৱাৰীয়েকৰ মূৰতে হাতখন বুলাই দিলে…!
ল’ৰা-ছোৱালীহালক বৰআলিৰ কণপাইৰ ঘৰলৈ লৈ যাওতেই সৰুৱে বাটত মন কৰি গৈছিল – সিহঁতৰ ঘৰৰ পৰা একফাৰলংমান আহিয়েই পোৱা মিঠা জানটোৰ পানী উভতি বৈছে আৰু দলংখনৰ একাষৰ মাটিখিনি অলপ অলপকৈ খহিবলৈ আৰম্ভ কৰিছে! সোৱাদলগা মাছ খুৱাই থকা জানটোৱে আজি ৰাইজক কন্দুৱাব! সি খোজবোৰ আৰু খৰ কৰি দিছিল!
ছাতিধৰা সখী কণপাইৰ ঘৰ গৈ পোৱাৰ পাছত সৰুৱে কণপাইক বুজাবলৈ এটা শব্দও ক’ব লগা নহ’ল! কণপায়েহে কলে – “সোনকালে ঘুৰি যা, তাৱৈ আৰু আমৈক লৈ আনগৈ! আমৈয়ে খোজ দিব নোৱাৰিব পাৰে, ৰহ, ময়ো যাওঁ, দুইটাই দাঙি লৈ আহিম!”
“নাই, তই যাব নালাগে৷ পানী বাঢ়িয়ে আছে, তই ইয়াতে চা৷”
ঘূৰি আহি মিঠা জানটো পায়হিমানে দলংখনৰ কাষৰ মাটি ভালেখিনি খহিলেই! কিছুমান মানুহে জানটোৰ পাশৱিকতাখিনি আঁতৰৰপৰাই চাই আছিল৷ সি সেইখিনি পাৰ হৈয়ে ঘৰলৈ দৌৰিবলৈ আৰম্ভ কৰি দিলে! দলংখন উটি যোৱাৰ আগতেই মানুহখিনিক পাৰ কৰিবই লাগিব!
সৰুৱে ফোঁপাই জোঁপাই আহি ক’লেহি – “পিতাই, বস্তু বাহিনী বাদ দে! মানুহকেইটা ওলাই আহ! মিঠাজানৰ দলংখন উটিব এতিয়া!”
পদূলিৰ বকুল দুজোপাই ৰাস্তাটোৰ দুকাষৰ সীমা বুজাই আছে! তেহে নঙলাৰ সিফালৰ দোংটোত পৰাৰ পৰা মানুহ বাচি আছে!
ৰ’বলৈ সময় নাই! যিকোনো মুহূৰ্ততে কাঠৰ দলংখন উটি যাব এতিয়া! তাৰপাচত গাঁৱৰপৰা কোনো বাহিৰলৈ ওলাই যাব পৰাৰ সম্ভাৱনা নাথাকিব! যিয়ে যেনেকৈ পাৰে পাৰ হ’ব লাগে, কোনোমতে জীৱকেইটা বচাব পাৰিলেই হ’ল! গোটেই গাঁওখনতে হুৱাদুৱা!!
মিঠাজানৰ দলংখন পাৰহৈ তাই ক্ষন্তেক ৰ’ল, এবাৰ পাছলৈ ঘূৰি চালে- জীৱটো বচাই আহিলোঁ, কিন্তু জীৱনটো এৰি থৈ আহিলোঁ!
তাই অদূৰৰ নৈখনৰ ফালে চালে৷
এই নৈখন তাইৰ আজন্ম চিনাকি! সেই তাহানিৰপৰাই…
কিছুবছৰ আগতে, জীয়ৰীকালতে তাইক সৰুৱে আলেঙে আলেঙে চাবলৈ আৰম্ভ কৰাৰ পাছৰ বছৰতে এদিন সেইখন নৈৰ পাৰতে সি তাইক অকলে পাই কিবা এটা ক’বলৈ আগভেটি ধৰিছিল৷ সি একো ক’ব নোৱাৰা দেখি তাই তাক কৈছিল –
“এনেকে বাট আগছি লাভ নাই৷ ঘৰত ক’বাগৈ!”
“কাৰ ঘৰত?”
“যাৰ ঘৰতে নোকোৱা…!”
তাৰ আগৰ আৰু পাছৰ বছৰবোৰত এই নদীখনে কেতিয়াবা তাইক কিবাকিবি দুখ দিছিল৷ সেইবোৰ থাকেই৷ কিন্তু এইবাৰ দুখ নহয় – তাইক মাৰিয়েই পেলালে!
লাহে লাহে সিহঁত আহি কণপাইৰ ঘৰ পালেহি৷
সিহঁতক আচৰিত কৰি তাত বহি আছিল তাইৰ বৰজনাক; সৰুৰ ককায়েক! ৰাস্তাতে ৰখাই থোৱা গাড়ীত আগৰে পৰাই বহি আছিল সিহঁতৰ ল’ৰা-ছোৱালীহাল৷
বৰপুতেকে ক’লে “ৰাতিপুৱাই নিউজত দেখিলোঁ এইফালে মথাউৰিৰে পানী ডাঙৰকৈ বাগৰিছে, তহঁতনো কেনেকৈ আছ খবৰ এটাকে কৰিবলৈ আহিলোঁ৷ ইহঁত ল’ৰা-ছোৱালীহালতো গাড়ীত বহিলেগৈয়ে৷ তহঁতো ব’ল, পানী নুশুকাই মানে টাউনতে থাকিবিগৈ৷”
তাৰ পাছত দেউতাক, মাক, ভাই আৰু ভাই বোৱাৰীৰ কাপোৰৰ অৱস্থা, ভৰিৰ বোকাপানী আদিলৈ চাই সি ক’লে – “পিতাই, কণপাইৰ ঘৰতে হাত-ভৰিবোৰ ধুই ল’৷ ল’ৰা-ছোৱালীহালক হাতভৰি ধুই লোৱাৰ পাচতহে গাড়ীত বহিবলৈ দিছোঁ৷ নহ’লে গাড়ীখন লেতেৰা হ’ব…৷”
ক’ৰবাৰ পৰা হঠাতে ৰাংঢালী আহি ওলালহি!! তাই বোকাই পানীয়ে সাঁতুৰি-নাদুৰি একাকাৰ হৈ আহি ওলাইছেহি!
ছোৱালীজনীয়ে গাড়ীৰ ভিতৰত কোঁচত লৈ থকা কুকুৰ পোৱালিটো লুকুৱাবলৈ চেষ্টা কৰিলে! কিন্তু মাকক দেখা পাই পোৱালিটোৱে কুঁকুঁকৈ মাত দি থাকিল! মাকেজনীয়ে এবাৰ পোৱালিটোৰ ফালে আৰু এবাৰ ঘৰৰ মানুহবোৰৰ ফালে চাই নেজ জোকাৰি জোকাৰি সৰুকৈ ভুকভুকনি এটা দি থাকিল!
“পিতাই, তই এতিয়া নক’বি যে কুকুৰজনীকো লৈ যাব লাগিব! ইমান লেতেৰী হৈ আহিছে তাই! কোনে ধুৱাব তাইক? কিমান ধুৱাব? আমাৰ তাত জেগা এনেয়ো কম…৷”
“বোৱাৰী”
“দেউতা – ” তাই মাত দিলে৷
“কণপাইক মতা বুলি ক” – শহুৰেকৰ মাতটো দুৰ্বল! তাই আহি শহুৰেকক বাউসীত ধৰিলেহে!
সৰুৱে গৈ কণপাইক মাতি আনিলে৷
“কণপাই, এই আমাৰ সৰুৰ লগতে ধৰি মেলি বাঁহকেইটামান কাট৷ তোৰ ইয়াতে কেইদিনমানৰ কাৰণে ছালিঘৰ এটা সাজিব লাগিব৷ ছালিঘৰ দুদিনতে ওলাব! মই টাউনলৈ নাযাওঁ৷ পানী কমিলেই ঘৰলৈ যাম৷ তহঁত বাকীবোৰ যাগৈ, বোৱাৰী!”
“দেউতা!” তাইৰ মাতটো থোকাথুকি হৈ গৈছিল! “ময়ো নাযাওঁ! গোটেই সংসাৰখন এৰি থৈ আহিছোঁ, পানী এমুঠনমান কমিলেই মই ঘৰলৈহে যাম!”
“মইনো কেতিয়া যাম বুলি কৈছিলোঁ?” সৰুৱে মাত লগালে, “পিতাই, মই বাঁহ কাটোগৈ দেই, তই কণপাইৰ ঘৰতে চাহ এটুপা খাগৈ৷”
বোৱাৰীয়ে মাটিত বহি ল’লে, দুইহাত লেতেৰী ৰাংঢালীলৈ বুলি মেলি দিলে! ৰাংঢালীয়ে একেকোবে বোৱাৰীৰ বুকুতে সোমাই পৰিল!
“ৰাংঢালী! তোৰে মোৰে বহুত কাম আছে! পানী কমিলেই আমি ঘৰলৈ যাম দেই…!”

  ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments