ব্যস্ততা আৰু জীৱন (কৰুণা ফুকন)

(জীৱন কি ? সদাব্যস্ততাই যদি জীৱন, তেনে সেই জীৱন আমাক নেলাগে। আমি নিজকে বিৱৰ্তন কৰিছোঁ নিজকে এটি যন্ত্ৰলৈ যাৰ validity ৭০ বা৮০ বছৰ।)

ব্যস্ততাৰ মাজত আমি হেৰুৱাই পেলাইছোঁ জীৱনৰ প্ৰকৃত ছন্দ আৰু অৰ্থ। ৱিলিয়াম ডেভিচৰ সেই শাৰীকেইটা মনত পৰি যায়—’What is this life if full of care. We have no time to stand and stare’।আধুনিক শিশু এটিয়ে তাৰ দুবছৰ বয়স হোৱাৰ পৰাই চিনাকি হয় এ বি চি ডিৰ স’তে। মাক-বাপেক ব্যস্ত হৈ পৰে তাক লৈ। ২ বছৰৰ পৰা ২৪ বছৰ বয়সলৈকে মূৰ তুলিবলৈ সময় নেপায় আজিৰ মানুহে। ভাল ৰিজাল্ট কৰিবলৈ হ’লে মূৰ তুলিলে নহ’ব। পাঁচ/ছটা টিউচন কৰিবই লাগিব। কেৰীয়াৰৰ কথা আছে। কেৰীয়াৰ ভাল নহ’লে মৰ্যাদা নাই। চাকৰিৰ পিচত বিবাহ। নিজৰ দৰে মানৱ মেচিন নিৰ্মাণৰ প্ৰতিযোগিতা। মূৰ তুলিবলে সময় নাই। তাৰ পিচত অৱসৰ। বাৰ্ধক্য। পো-বোৱাৰীৰ অমনোযোগিতা। বেদনা আৰু বিষাদ। মৃত্যু। জন্মৰ পৰা মৃত্যুলৈকে আমি আকাশলৈ চাবলৈ সময় নেপাওঁ। প্ৰাকৃতিক সৌন্দৰ্য, কেৰ্কেটুৱাই গুটি বিচৰা, আমাৰ সময় নাই চাবলৈ। আকাশলৈ মূৰ ডাঙিবলৈ সময় নোপোৱা ব্যস্ততাই যদি জীৱন হয়, তেন্তে সেই জীৱনৰ প্ৰয়োজন ক’ত ? জীৱন কি? সদাব্যস্ততাই যদি জীৱন, তেনে সেই জীৱন আমাক নেলাগে। আমি নিজকে বিৱৰ্তন কৰিছোঁ নিজকে এটি যন্ত্ৰলৈ যাৰ validity ৭০ বা ৮০ বছৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!