ব্লেক এণ্ড হোৱাইট(-শান্তনু চাংমাই)

নেখেলোঁ ফাকু
নাসানোঁ ৰঙ
যেতিয়ালৈকে মাতৃৰ চাদৰ ফিচিকা
ভাতৃৰ উদং গাত কাপোৰৰ অভাৱ
নচতিয়াওঁ ৰঙা নীলা আবিৰ
নলওঁ মস্তকত ডাঙৰকৈ ফোঁট
নকৰোঁ শিৰ নত বাহুবলীৰ আগত
নকপোঁ মাৰণাস্ত্ৰৰ ৰণজননিত
দেশৰ মাটিত যেতিয়ালৈ
বোমাৰ ভূমিকম্প
বানৰ অত্যাচাৰ
দুৰ্ভিক্ষৰ তাণ্ডৱ
ৰাজপথৰ দুয়োপাশে কৰ্কৰীয়া তেজৰ ৰং
নিকিনো দিয়া কৃত্ৰিম ৰঙৰ বাকচ
নামাৰোঁ দিয়া মিছা সুখৰ হাঁহি
এচিকুট দিবা গালত সানি
ফাগুনৰ ৰঙৰ দৰেই নিভাঁজ
আছে যদি মানুহ ভালপোৱাৰ ৰঙ
বুকু ভৰি সাঁচি থ’ম অনন্ত কালৰ বাবে-
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!