ব্ৰ’মাইড পেপাৰ, স্ক্ৰেটচ্‌ আৰ্ট আৰু শ্ৰী উৎপল শৰ্মা

ব্ৰ’মাইড পেপাৰ, স্ক্ৰেটচ্‌ আৰ্ট আৰু শ্ৰী উৎপল শৰ্মা

 

ব্ৰ’মাইড পেপাৰ । সচৰাচৰ ফ’টো ষ্টুডিঅ’বোৰত ব্যৱহাৰ হোৱা এক বিশেষ ধৰণৰ কাগজ । কাগজখনৰ মুল বৰণ বগা যদিও ব্যৱহাৰৰ প্ৰক্ৰিয়াটোত ইয়াৰ ৰং ক’লা হয় । এই কাগজখনৰ এক অন্যতম বিশেষত্ব হ’ল যে ইয়াৰ ওপৰত কোনোধৰণৰ ৰং আদি প্ৰয়োগ কৰিব নোৱাৰি। অন্যহাতে ইয়াৰ ওপৰত নিয়ন্ত্ৰিত চাপ প্ৰয়োগ কৰি বগা, হালধীয়া আৰু ৰঙা ৰং উলিয়াব পাৰি।

 

এতিয়া শিল্প-ভাস্কৰ্য্যৰ নৱজাগৰণ হৈছে। নিতৌ ন ন শৈলীৰ প্ৰয়োগ হৈছে এই ক্ষেত্ৰত। এনে ব্ৰ’মাইড পেপাৰতে নিজৰ কলা প্ৰদৰ্শনেৰে অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এজন শিল্পী হ’ল শিৱসাগৰৰ শ্ৰী উৎপল শৰ্মা। সৰুৰেপৰা কলাসুলভ মনৰ অধিকাৰী শ্ৰী শৰ্মা ডাঙৰীয়াৰ নামে ২০১২ চনত লিমকা বুক অৱ ৰেকৰ্ডৰ ক্ষুদ্ৰতম ব্ৰ’মাইড আৰ্ট অংকনৰ ৰাষ্ট্ৰীয় অভিলেখ আছে।

 

শ্ৰী যুত শৰ্মাদেৱৰ ব্ৰ’মাইড পেপাৰৰ স্ক্ৰেটচ্‌ আৰ্টৰ কিছু নিৰ্বাচন কৰি সাহিত্য ডট্‌ অৰ্গৰ পাঠক সমাজলৈ আগবঢ়োৱা হ’ল।

 

 

 

 

 

 

 

 

‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ৰ দুটিমান মুহূৰ্ত-

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!