ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

বৰষাৰ এটি সন্ধিয়া : নিবেদিতা হাজৰিকা

আহিবাচোন সময় পালে
একেলগে বহিম বৰষাৰ এটি সন্ধিয়াত
গুণগুণাই আমাৰ প্ৰিয় কবিতাৰ কলি
আলাপ কৰিম বৰষুণৰ সতে।
কি ক’লা?
তুমি আজিকালি নিলিখা বৰষুণৰ কবিতা!
জাতিধ্বংসী মানসিকতা, হত্যা-দুৰ্নীতিৰ বতাহে
বিষাক্ত কৰা সময়ৰ দহনত
তোমাৰ হৃদয় এতিয়া দগ্ধ !!
অনুভূতিবোৰ শূন্য!!!
জানো বন্ধু
সেয়েহে কৈছো,সময় পালে আহিবাচোন
আকৌ এবাৰ টুকুৰিয়াই চাম সেই প্ৰেমিক কবিৰ
হৃদয়ৰ দুৱাৰ
ৰিমঝিম বৰষাৰ সন্ধিয়া
শূন্যতাৰ বুকুত মুখ গুজি
কবিতাৰ অনুভৱে অনুভৱে মেলি দিম আমি
সোঁৱৰণিৰ শুকুলা ঘোঁৰা!
আৰু
সকলো পাহৰি থাকিম এটি মাথোঁ বৰষাৰ সন্ধিয়া।
তীব্ৰ ৰোমান্তিকতাৰ সীমা চুমি চুমিও
যাৰ কবিতাই কয়
দেশৰ কথা,শোষণৰ কথা,দুৰ্ণীতিৰ কথা,
বুভূক্ষ জনতাৰ কথা, মাৰ্ক্স অথবা কমিউনিজমৰ কথা!
সেই হৃদয়খন জানো ভাগৰি পৰিব পাৰে?
আহিবাচোন সময় পালে
চুই চাম আকৌ এবাৰ সেই হৃদয়ৰ গভীৰতম খোটালি
এটি মাথোঁ বৰষাৰ সন্ধিয়া,
ৰিমঝিম বৰষুণৰ স্বৰলিপিৰ ছন্দে ছন্দে
আবেগৰ মাদকতা সানি আকৌ এবাৰ পৰিভ্ৰমণ কৰিম
আমাৰ অনুভৱৰ পৃথিৱীত
শূন্যতাবোৰ বুকুত বান্ধি
মেলি দিম সোঁৱৰণিৰ শুকুলা ঘোঁৰা
আৰু সকলো পাহৰি থাকিম
এটি মাথোঁ বৰষাৰ সন্ধিয়া।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!