“বৰষুণত নৈখনি” — কুসুমাঞ্জলি শৰ্মা

“বৰষুণত নৈখনি”

— কুসুমাঞ্জলি শৰ্মা

 

বৰষুণ দিলেই

মৰমৰ নৈখন

ভক ভক কৈ

জালী শালৰ টৌৰ ৰহী উতলা দি
উতলি উঠে
বৰষুণতো শীতল হৈ নাযায়

যৌৱনমতী

গা ভৰা গাভৰু হৈ পৰা নৈৰ দেহাটি
নাঙলৰ সীৰলুৰে উজিয়াই আহে

নৈৰ থৌকি বাথৌ
হেঁপাহখিনি

পাহুৱাল ডেকাৰ

বোকাৰ গোন্ধ সনা ঘাম
নৈৰে
উজাই যায়

ভটিয়াই যায়

নৈখনি
খেতিয়কৰ যেন
ঘৰৰহে লখিমী

ধান পান লাম লাকটু ৰাখে
হিয়াত সাৱটি

নৈ সদায় নৈ নহয়

গাভৰু
নৈ হৈ বয়

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!